চকু যেনেকৈ মনৰ আয়না, তেনেকৈ স্বাস্থ্যৰ আয়না হ’ব পাৰে ভৰিৰ পতা৷ দেহৰ অন্য যিকোনো অংশতকৈ ভৰিতেই আছে সকলোতকৈ বেছি স্নায়ু৷ সমগ্ৰ দেহৰ অসংখ্য স্নায়ু আহি শেষ হয় ভৰিৰ পতাত৷ ভৰিৰ পতাত চকু ৰাখিলেই শৰীৰৰ বহু ৰোগ সম্পৰ্কে আগতীয়াকৈয়ে জানিব পাৰি৷ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ লিভাৰৰ কথাও ভৰিৰ পতাৰ পৰাই জানিব পাৰি৷
লিভাৰ হৈছে শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ৷ প্ৰটিন উৎপাদন, শৰীৰৰ পৰা দূষিত পদাৰ্থ নিষ্কাষণত লিভাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ লিভাৰৰ কাৰ্যকাৰিতা নষ্ট হ’লে তাৰ প্রভাৱ পৰে সমগ্ৰ শৰীৰতেই৷ ৰক্ত সঞ্চালনো বিঘ্নিত হয়৷ ফলত ভৰিৰ পতাত তাৰে কিছু প্ৰতিফলন দেখা যায়৷
ভৰি ফোলা
ভৰিৰ পতা ফুলি যোৱাটোৱে নানান সমস্যাৰ ইংগিত৷ হাৰ্টৰ অসুখ, ডায়বেটিছ থাকিলে এনে লক্ষণ দেখা যায়৷ কেতিয়াবা কেতিয়াবা লিভাৰৰ সমস্যাৰো ইংগিত এয়া৷ ইয়াক কোৱা হয় পেডাল এডিমা৷ লিভাৰে এলবুমিন নামৰ প্ৰটিন ঠিকমতে তৈয়াৰ কৰিব নোৱাৰিলে কেতিয়াবা কেতিয়াবা এনে লক্ষণে দেখা দিব পাৰে৷
নখ
নখ হালধীয়া হৈ যোৱা, ছালত হালধীয়া ভাৱ ফুটি উঠাতো লিভাৰৰ অসুখৰ ইংগিত৷ জণ্ডিছ হলে সাধাৰণতে ছাল, নখ হালধীয়া হৈ যায়৷ চকুও হালধীয়া হৈ যায়৷ প্ৰাকৃতিক পোহৰতেই আপুনি ৰঙৰ পাৰ্থক্য বুজিব পাৰিব৷
ভৰিৰ পতা খজুওৱা
ঘনে ঘনে ভৰিৰ পতা খজুৱাইছে? ছালৰ সংক্ৰমণৰ কাৰণে যেনেকৈ এই লক্ষণে দেখা দিয়ে তেনেকৈ লিভাৰৰ অসুখৰো ইংগিত বহন কৰিব পাৰে এই উপসৰ্গই৷ ইয়াকেই কোৱা হয় কলষ্টেটিক প্ৰুৰিটাছ৷ লিভাৰৰ অসুখৰ বাবেই ভৰিৰ পতা খজুৱাব পাৰে৷ তেজত নিমখ বা পিত্ত নিমখ জমা হলে এই লক্ষণে দেখা দিয়ে৷ বহু সময়ত ই লিভাৰৰ অসুখৰ প্ৰাথমিক লক্ষণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















