পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীও অবিবাহিত৷ ৫৭ বছৰ বয়সীয়া শুভেন্দুৱে কি অকলেই কটাব নেকি জীৱন? বিয়া কৰাবনে? এই প্ৰশ্নৰ মুখ্যমুখি হৈছে বহুবাৰ৷ আজিৰ পৰা প্ৰায় ছবছৰ আগৰ কথা৷ হলদিয়াত জনসভা কৰিছিল শুভেন্দু অধিকাৰীয়ে৷ সেই সময়তে তেওঁ নিজৰ বিবাহৰ প্ৰসংগও তুলিছিল৷ ভৰা সভাত কৈছিল, ‘বহুতে সুধি আছে, শুভেন্দু আপুনি কিয় এতিয়াও অবিবাহিত? আপোনাৰ আটাইকেইজন ভাতৃয়ে বিয়া কৰাইছে৷’ শুভেন্দুৰ এই কথাত সকলো হতবাক হৈ যায়৷ নিজৰ গোপন কথা জনাব বিচাৰিছিল কিয় শুভেন্দুৱে৷
আজি শুভেন্দু অধিকাৰী তেওঁৰ ৰাজনৈতিক জীৱনৰ শিখৰত উপনীত হৈছে৷ পুৱা ১১ বাজি ৩০ মিনিটত তেওঁ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে৷ ২০২১ চনৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জিক পৰাজিত কৰি শুভেন্দুৱে নিজৰ শক্তিৰ প্ৰমাণ দিছে৷ শনিবাৰে তেওঁ শপতগ্ৰহণ কৰাৰ পাছতেই বহুজনেই সামাজিক মাধ্যমত চাৰ্ছ কৰিছে শুভেন্দুৰ ব্যক্তিগত জীৱনৰ কথা৷
কিয় আজিও অবিবাহিত শুভেন্দু অধিকাৰী?
৫৫ বছৰ বয়সীয়া শুভেন্দু অধিকাৰীয়ে এতিয়াও বিয়া কৰোৱা নাই৷ ২০২০ চনৰ ডিচেম্বৰত এক জনসভাত তেওঁ ইয়াৰ কাৰণ বাখ্যা কৰিছে৷ এক জনসভাত দিয়া ভাষণত তেওঁ কৈছে, ‘বহুতে সোধে মই কিয় অবিবাহিত৷ শুভেন্দুৰ পৰিয়াল সৰু পৰিয়াল নহয়৷ ৭ৰ পৰা ৮ সদস্যৰো নহয়৷ শুভেন্দুৰ পৰিয়াল এক বাঙালী পৰিয়াল৷ সমাজৰ বাবে সকলোবোৰ ত্যাগ কৰিব লাগে৷ মোৰ বাবে সমগ্ৰ বাংলাই এক পৰিয়াল৷ সেয়ে মই অবিবাহিত হৈ থকাৰেই সিদ্ধান্ত লৈছো৷’
অৱশ্যে শুভেন্দুৰ পিতৃ শিশিৰ অধিকাৰীয়ে শুভেন্দুয়ে বিয়া নকৰোৱাৰ সিদ্ধান্তত মন বেয়া কৰিছিল৷ শুভেন্দুৰ পিতৃয়ে এক সাক্ষাৎকাৰত সমগ্ৰ ঘটনাটো বাখ্যা কৰিছে৷ তেওঁ কয়, ‘মই শুভেন্দুক খুবেই গালিও পাৰিছো৷ কিন্তু সি একোৱেই নক’লে৷ এই সন্মান আৰু খ্যাতি ক’ত যাব? এই টকা ক’ত যাব? গাওঁৰ মানুহে ধাৰণা কৰে যে জীৱনৰ উদ্দেশ্য থাকিলে সাংসৰিক হব লাগে৷ ময়ো এজন সাধাৰণ পিতৃ হিচাপে সেয়াই বিচাৰো৷’
শুভেন্দুৱে পূৰ্বেও কৈছিল, ‘মই ১৯৮৭ চনৰ পৰা ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিলো৷ ধীৰে ধীৰে মই ৰাজনীতিত সম্পূৰ্ণৰূপে সোমাই পৰো৷ এলেকাত তিনিজন স্বাধীনতা সংগ্ৰামী আছে৷ সতীশ সামন্ত, সুশীল ধাৰা আৰু এজন অজয় মুখাৰ্জী৷ তিনিজনেই আছিল অসাধাৰণ স্বাধীনতা সংগ্ৰামী৷ তিনিজনেই আছিল অবিবাহিত৷ মই এই তিনিজনক অনুসৰণ কৰিছো আৰু অবিবাহিত হৈ থকাৰ সিদ্ধান্ত লৈছো৷ মোৰ সময় মই জনগণক দিম৷ অবিবাহিত থকাটো অত্যন্ত ইতিবাচক লক্ষণ৷ মই কাৰ কৰাৰ বাবে বহু সময় পাইছো৷ মোৰ অন্য কোনো দায়িত্ব নাই৷ মা দেউতা আছে তেওঁলোক সুস্থ, ভাল আৰু সুখী থাকক সেয়া নিশ্চিত কৰাটো মোৰ দায়িত্ব৷ পৰিয়ালৰ কোনো সদস্যক ৰাজনীতিলৈ অনা বা ক্ষমতাৰ অপব্যৱহাৰ কৰাটো এটা কুফল, সেয়ে মই অবিবাহিত হৈ থকাটোৱেই ভাল বুলি ভাৱিছো৷ ’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















