আজি ১১ মে ২০২৬ চন সোমবাৰে দিনৰ ১২ বাজি ৫৭ মিনিটত মেষ ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ নিজৰ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হৈছে ৰুচক ৰাজযোগ৷ জ্যোতিষমতে এই যোগ অত্যন্ত শুভ৷ কেৱল সেয়াই নহয় ইমানদিনে মঙ্গলে মীন ৰাশিত শনিৰ সৈতে একত্ৰ অৱস্থান কৰিছিল৷ ৰঙা গ্ৰহ মঙ্গলে নিজৰ অৱস্থান সলনি কৰাৰ ফলত অত্যন্ত অশুভ আৰু ক্ষতিকৰ শনি মঙ্গল যোগ ভাঙিব৷ জ্যোতিষ গণনাই কৈছে মঙ্গলৰ মেষ ৰাশিত গোচৰৰ ফলত দুৰ্দান্তভাৱে লাভৱান হ’ব ৫ৰাশিৰ জাতক৷ জীৱনৰ কিছু পুৰণি সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ৰোগমুক্তি হ’ব৷ সম্পদ বৃদ্ধি হব৷ সুখ আৰু সাফল্য লাভ কৰিব৷ মেষ ৰাশিত আগন্তুক ৪৫ দিন অৱস্থান কৰিব মঙ্গলে৷ জানি থওক আগন্তুক ৪৫ দিন ধৰি বিপুল হাৰত সম্পদ বৃদ্ধিৰ সম্ভাৱনা আছে কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
মেষ ৰাশিতেই গোচৰ কৰিছে মঙ্গলে৷ গ্ৰহ অধিপতিৰ প্ৰভাৱত সাহস আৰু আত্মবিশ্বাস বাঢ়িব এই ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত সাফল্যৰ নতুন উচ্চতা আৰোহন কৰিব৷ আয় বাঢ়িব, সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব৷
মিথুন ৰাশি
মঙ্গলৰ গোচৰৰ প্ৰভাৱত আয় বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ চাকৰি আৰু ব্যৱসায়ত নিজৰ প্ৰতিদ্বন্দ্বীসকলক হৰুৱাই আপুনি বহুপৰিমাণে আগুৱাই যাব পাৰিব৷ শত্ৰুক পৰাজিত কৰিব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷
কৰ্কট ৰাশি
মঙ্গলৰ গোচৰৰ ফলত আগন্তুক ৪৫ দিনৰ ভিতৰত অফিচত বৃহৎ প্ৰমোছন পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ আয় বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ যি লক্ষ্য আপুনি মাইলষ্টোন হিচাপে সন্মুখত ৰাখিছিল তাৰ কাষত উপনীত হ’বও পাৰিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ সেয়ে মঙ্গলৰ গোচৰ এই ৰাশি জাতকৰ বাবে লাভজনক হ’ব৷ এই সময়ত আপুনি নিজৰ হেৰুওৱা শক্তি পুনৰুদ্ধাৰ কৰিব পাৰিব৷ কেৰিয়াৰত ভাল পাৰফৰ্ম কৰিব৷ শত্ৰুক পৰাজিত কৰিবলৈ সক্ষম হব আৰু আইনী বিষয়তো জয়ী হ’ব পাৰিব৷
ধনু ৰাশি
মঙ্গলৰ গোচৰৰ প্ৰভাৱত উল্লেখযোগ্য আৰ্থিক লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব পাৰে৷ সম্পত্তিগতভাৱে লাভৱান হব৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ পৰিকল্পনা সফল হ’ব৷ প্ৰেম জীৱনত কাঙ্খিত সাফল্য পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















