১৬ মে ২০২৬ শনিবাৰে শনিজয়ন্তী৷ বিশেষকৈ এইদিনটোতেই পৰিছে জেঠ অমাবস্যাও৷ এইদিনটোত পূজিত হ’ব দেৱী ফলহাৰিণী৷ সেইকাৰণে শাস্ত্ৰতো এই বিশেষ দিনটোৰ গুৰুত্ব আছে৷ প্ৰচলিত বিশ্বাস অনুসৰি জেঠ মাহৰ এই অমাবস্যা তিথিত জন্মগ্ৰহণ কৰিছিল শনিদেৱে৷ বিশেষকৈ এই দিনটোত সেয়ে শনিদেৱৰ আৰাধনা কৰিলে শুভ ফলপ্ৰাপ্ত হয় বুলি বিশ্বাস৷ শনিজয়ন্তীৰ পবিত্ৰ তিথিৰ পৰা তিনি ৰাশিৰো শুভ সময় আৰম্ভ হ’ব বুলি জনাইছে শাস্ত্ৰই৷ গ্ৰহৰাজৰ কৃপাত এই তিনি ৰাশিৰ জাতক জাতিকাই যিকোনো ক্ষেত্ৰতে জয়ী হ’ব৷ তালিকাত কোন কোন আছে?
শনিজয়ন্তীৰ পৰা কোন তিনি ৰাশিৰ ব্যক্তিৰ শুভ সময় আৰম্ভ হ’ব?
বৃষ ৰাশি
শনিজয়ন্তীৰ পৰা শুভ সময় আৰম্ভ হ’ব বৃষ ৰাশিৰ জাতক জাতিকাৰ৷ আয়ৰ নতুন পথ বিচাৰি পাব বুলি বিশ্বাস৷ কৰ্মক্ষেত্ৰত শুভ ফলপ্ৰাপ্ত হ’ব৷ ইয়াৰ ফলত নতুন কোনো কামৰ দায়িত্ব আপোনাৰ কান্ধত আহিব পাৰে৷ যিয়ে আপোনাক পেছাগত জীৱনত আগুৱাই নিয়াত সহায় কৰিব৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা গৈছে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ শনিজয়ন্তীৰৰ পৰা সুসময় আৰম্ভ হ’ব৷ এই ৰাশিৰ প্ৰতিনিধিত্ব কৰে শনিদেৱে৷ শনিজয়ন্তীত এওঁলোকে শনিদেৱৰ বিশেষ কৃপা লাভ কৰিব বুলি বিশ্বাস৷ নতুন কোনো কাম আৰম্ভ কৰাৰ ইচ্ছা থাকিলে এই সময়ত কৰিব পাৰে৷ ব্যৱসায়তো মুনাফা পাব৷ বাহন বা ঘৰ ক্ৰয়ৰ ইচ্ছা থাকিলেও এই সময়ত কিনিব পাৰে৷
কুম্ভ ৰাশি
শনিদেৱে নিয়ন্ত্ৰণ কৰে কুম্ভৰ জাতক জাতিকাকো৷ শনিজয়ন্তীৰ পৰা এই ৰাশিৰ জাতক জাতিকাৰো ভাগ্য পৰিবৰ্তন হ’ব৷ কুম্ভ ৰাশিৰ ব্যক্তিৰ আত্মবিশ্বাস বঢ়াৰ সম্ভাৱনা আছে৷ যিকোনো কাম দৃঢ়তাৰ সৈতে কৰিব পাৰে৷ সামাজিক ক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ বিবাহক লৈ ভাৱিব পাৰে৷ এই সময়ত মনে মিলা মানুহৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















