চীনৰ প্ৰেছিডেণ্ট চি জিনপিঙৰ সৈতে বৈঠকত বহিবলৈ বেইজিঙলৈ গৈছিল প্ৰেছিডেণ্ট ট্ৰাম্প৷ তাৰপৰা উভতাৰ পথত মাৰ্কিন প্ৰতিনিধিসকলে চীনৰ পৰা পোৱা সকলো যাৱতীয় উপহাৰ চীনতেই পেলাই যোৱা বুলি অভি়যোগ উঠিছে৷ নিৰাপত্তাৰ স্বাৰ্থতেই তেওঁলোকে সাময়িক ব্যৱহাৰযোগ্য বাৰ্নাৰ ফোন লৈ চীনলৈ গৈছিল বুলিও এক ৰিপৰ্টত প্ৰকাশ পাইছে৷ উভতাৰ পথত সেইসমূহো নষ্ট কৰি দিয়া হৈছে৷ মাৰ্কিন সংবাদমাধ্যম মিৰৰ ইউ এছত এই ৰিপৰ্ট প্ৰকাশিত হৈছে৷
ট্ৰাম্পৰ চিন যাত্ৰাত নিৰাপত্তা যে কাঢ়া হৈছে সেয়া সহজেই অনুমেয়৷ ৰিপৰ্টত দাবী যে ট্ৰাম্পৰ সৈতে আমেৰিকাৰ পৰা যিসকল চিনলৈ গৈছিল তেওঁলোকৰ ব্যক্তিগত কোনো বৈদ্যুতিন যন্ত্ৰক লৈ যোৱা নিষেধ কৰা হৈছিল৷ মোবাইল, লেপটপ সকলোবোৰ তেওঁলোকে আমেৰিকাতেই এৰি গৈছিল৷ সাময়িক কথাবাৰ্তাৰ বাবে বাৰ্নাৰ ফোন আছিল প্ৰত্যেকৰ হাতে হাতে৷ সাময়িক বিদেশযাত্ৰাৰ বাবে এই ধৰণৰ ফোন ব্যৱহাৰ কৰা হয়৷ এইসমূহ তুলনামূলকভাৱে সস্তা আৰু আধুনিক সুযোগসুবিধা বিশেষ নাথাকে৷ ফলত এই ধৰণৰ ফোন হেক কৰিলেও শত্ৰু পক্ষৰ লাভ নহয়৷ মূলত ছাইবাৰ নিৰাপত্তাৰ দিশসমূহ মূৰত ৰাখিয়েই মাৰ্কিন প্ৰতিনিধিসকলে চিন যাত্ৰাত এই ফোন ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছিল৷ আমেৰিকালৈ উভতাৰ পূৰ্বে এই ফোনসমূহ তেওঁলোকে নষ্ট কৰি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















