নজিৰবিহীন ছবি৷ চীনৰ প্ৰেচিডেণ্ট চি জিনপিংৰ সৈতে দেখা কৰিলে মাৰ্কিন প্ৰেচিডেণ্ট ড’নাল্ড ট্ৰাম্পে৷ ষ্টেট বেংকোৱেটত দুই ৰাষ্ট্ৰপ্ৰধানৰ হাতত ৱাইন গ্লাছ লৈ বিশেষ আলোচনাত বহাৰ ছবিও ভাইৰেল হৈছে৷ চীনা প্ৰেচিডেণ্ট চি জিনপিঙে কৈছে, চীনৰ নৱজীৱন আৰু ট্ৰাম্পৰ মেক আমেৰিকা গ্ৰেট এগেইন ভিছন একেলগেই আগুৱাব৷ চি জিনপিঙে কয় যে বিশ্বৰ দুই বৃহত্তম অৰ্থনীতিৰ দেশৰ মাজত সম্পৰ্ক আজি বিশ্বৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিত সম্পৰ্ক৷ ইয়াৰ সৈতে তেওঁ এইকথাও কয় যে এই সম্পৰ্কক সফল কৰিবই লাহিব আৰু কেতিয়াও যেন এই সম্পৰ্ক নষ্ট নহয়৷
বেইজিঙৰ গ্ৰেট হল অৱ দ্যা পিপলত ঠিয় হৈ চি জিনপিঙে কয়, ‘চীন আৰু আমেৰিকা উভয় দেশৰ মানুহেই অসাধাৰণ৷ চীনৰ পুনৰ্জীৱন আৰু আমেৰিকাৰ নিজকে একক কৰি ৰখাৰ সপোন এই দুয়োটাকে লৈ হাতত হাত ধৰি আগুৱাই যাব লাগিব৷ আমি এখন দেশে আনখন দেশক সফল হোৱাত সহায় কৰিব লাগিব আৰু সমগ্ৰ বিশ্বৰ উন্নতিৰ লক্ষ্যৰে কাম কৰিব লাগিব৷’
চি জিনপিঙে লগতে কয়, ‘চীন আৰু আমেৰিকা উভয়েই এই সহযোগিতাৰ পৰা উপকৃত হ’ব৷ সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু হোৱা উচিত’
চীনৰ প্ৰেছিডেণ্টৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণও৷ বিগত কেইবাবছৰ ধৰি দুই দেশৰ মাজত বাণিজ্যক লৈ যুঁজ চলি আহিছে৷ এখন দেশে আনখনৰ ওপৰত নিষেধাজ্ঞা জাপি আহিছে আৰু টাইৱানক লৈ বিৰোধ বাঢ়ি গৈয়েই আছে৷ সেই সময়তে প্ৰেছিডেণ্ট ট্ৰাম্পৰ চীন ভ্ৰমণে বহন কৰিছে বিশেষ তাৎপৰ্য৷ চি জিনপিঙে আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নতিৰ বাৰ্তা দিয়াত সমগ্ৰ বিশ্ব আচৰিতো হৈছে৷
ট্ৰাম্পৰ সৈতে বৈঠকৰ পূৰ্বে চি জিনপিঙে মনত পেলাই দিছে যে টাইৱানৰ ইছ্যুয়েই চীন আৰু আমেৰিকাৰ সম্পৰ্কৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ইছ্যু৷ এই বিষয়টো যদি সঠিকভাৱে চম্ভালি লোৱা নহয় তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷
উল্লেখ্য যে স্বশাসিত টাইৱানক নিজৰ দেশৰ অংশ বুলি ধাৰণা কৰে চীনে৷ মাৰ্কিন সেনাই বাৰে বাৰে এই বিষয়ত আপত্তি কৰি আহিছে৷ কিন্তু এইবাৰ টাইৱান কাৰ অংশ হ’ব নে স্বাধীন দেশ হ’ব সেয়াহে লক্ষ্যণীয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















