সম্প্ৰতি অভিনেত্ৰী মৌনী ৰয় আৰু তেওঁৰ স্বামী সূৰজ নাম্বিয়াই যৌথভাৱে ঘোষণা কৰিছে যে তেওঁলোকে বিবাহবিচ্ছেদ লৈছে৷ ইয়াৰপাছৰে পৰা তেওঁলোকৰ সম্পৰ্কক লৈ নানান আলোচনা চলিছে৷ অন্যহাতে তেওঁলোকৰ সম্পৰ্ক ভঙাৰ প্ৰধান কাৰণ হিচাপে বহু ৰিপৰ্টে দায়ী কৰিছে মৌনীৰ প্ৰিয় বান্ধৱী দিশা পাটানীক৷ বহুতেই দাবী কৰিছে মৌনী আৰু সূৰজৰ সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তি সোমাই পৰিছে৷ শেহতীয়াকৈ অহা খবৰ অনুসৰি ডুবাইৰ প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ী সূৰজৰ পৰা ভৰণপোষণৰ খৰচো বিচাৰিছে মৌনীয়ে৷ অৱশেষত এই বিষয়ত মুখ খুলিছে সূৰজে৷
সামাজিকমাধ্যমত দিঘলীয়া পোষ্ট লিখিছে সূৰজে৷ তাতেই তেওঁ প্ৰথমে স্পষ্ট কৰি দিছে যে মৌনীয়ে তেওঁৰ পৰা কোনোধৰণৰ ভৰণপোষণৰ খৰচ বিচৰা নাই৷ কেৱল সেয়াই নহয়, সূৰজে লিখিছে, ‘মই আৰু মৌনীয়ে যৌথভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো আৰু সেয়া একেবাৰেই সন্মানৰ সৈতে আমি লৈছো৷ আমাৰ বিচ্ছেদৰ ঘোষণাৰ পাছত যিসমূহ আলোচনা চলিছে সেইসমূহ মিছা আৰু মনে সজা৷ বহুতেই আমাৰ সম্পৰ্ক ভঙাৰ আঁৰত তৃতীয় ব্যক্তিক দায়ী কৰিছে৷ আমি সেয়াও স্পষ্ট কৰি দিব খুজিছো যে আমাৰ সম্পৰ্কৰ মাজত কোনো তৃতীয় ব্যক্তি নাই৷’
ইফালে সামাজিকমাধ্যমৰ পাতত দিশা আৰু মৌনীৰ সম্পৰ্কক লৈ নানান গুজৱ চলিছে৷ বহুতৰে মতে মৌনী আৰু দিশাৰ সম্পৰ্ক বন্ধুত্বতকৈয়ো গভীৰ৷ এই সম্পৰ্কই বিবাহিত জীৱনত প্ৰভাৱ পেলালে৷ দিশাক বিভিন্নধৰণে কটাক্ষও কৰিছে নেটনাগৰিকে৷ এই চৰ্চা বন্ধ কৰিবলৈ অনুৰোধ জনাই মৌনীৰ প্ৰাক্তন স্বামী সূৰজে জনাইছে যে, তেওঁলোকৰ সম্পৰ্ক ভঙাৰ বাবে কিছু বন্ধুৰ নাম টানি অনা হৈছে৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক ভঙার আঁৰত বন্ধুৰ কোনো হাত নাই৷ এইবোৰ একোটা ভুৱা প্ৰচাৰহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















