ঘৰৰ পৰা নিগনি খেদিবলৈ বজাৰৰ ৰাসায়নিক বিহ ব্যৱহাৰ নকৰাকৈ কিছুমান সহজ আৰু কাৰ্যকৰী ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। নিগনিয়ে কিছুমান প্ৰাকৃতিক বস্তুৰ তীব্ৰ গোন্ধ সহ্য কৰিব নোৱাৰে। ঘৰত এটা নিগনি এবাৰ প্ৰৱেশ কৰিলে ঘৰত লেতেৰা বিয়পোৱাৰ লগতে বস্তুবোৰো নষ্ট কৰি পেলায়। কেতিয়াবা কাপোৰ, কেতিয়াবা খাদ্য সামগ্ৰী নষ্ট কৰে। ঘৰত নিগনি থকাৰ বাবেও বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
আপুনি ঘৰত ৰখা কিছুমান প্ৰাকৃতিক বস্তুৰে নিগনি খেদি পঠিয়াব পাৰিব। সেইবোৰ কি কি বস্তু জানো আহক…
- নহৰু আৰু জালুকৰ গোন্ধটোও বৰ উগ্ৰ। নিগনিয়ে যিটো একেবাৰে ভাল পায়। মাত্ৰ নহৰু আৰু জালুক পিহি গুড়ি বনাব আৰু তাৰ পিছত এটা বল বনাই ঘৰৰ চুকে-কোণত ৰাখিব। এইদৰে নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব।
- নিগনি খেদি পঠিয়াবলৈ কৰ্পূৰ অতি উত্তম বিকল্প। কৰ্পৰ দিলে আপোনাৰ ঘৰত নিগনি বিচৰণ নকৰিব। আচলতে ইয়াৰ গোন্ধ ইমানেই বেছি যে ইয়াৰ পৰা নিগনি পলাই যায়। যদি আপোনাৰ ঘৰত নিগনি থাকে তেন্তে ঘৰৰ চুকত কৰ্পূৰ ৰাখক। অথবা কৰ্পূৰ জ্বলাই তাৰ ধোঁৱাও ঘৰত বিয়পাই দিব পাৰে। ইয়াৰ ফলত নিগনিবোৰ ঘৰৰ পৰা আঁতৰি যাব।
- যদিও খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ভাৰতীয় ঘৰত ডালচেনি ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে নিগনি খেদিবলৈও ডালচেনি অতি ফলপ্ৰসূ। ইয়াৰ বাবে প্ৰথমে দালচেনিৰ গুড়ি বনাই ঘৰৰ চুক-কোণত ৰাখিব লাগে। নিগনিয়েও ইয়াৰ গোন্ধ ভাল নাপায় আৰু আপোনাৰ ঘৰৰ পৰা আঁতৰি যায়।
- তেজ পাতে নিগনিৰ পৰা মুক্তি পাবলৈ সহায় কৰে। ইয়াৰ গোন্ধৰ বাবে নিগনি ঘৰৰ পৰা পলাই যায়। নিগনি থকা ঘৰৰ ঠাইত ৮-১০ টা তেজপাত ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















