জ্যোতিষশাস্ত্ৰ অনুসৰি বিভিন্ন গ্ৰহৰ ফলত তৈয়াৰ হোৱা যোগে মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়৷ জুন মাহত এনে এক শক্তিশালী যোগ তৈয়াৰ হ’ব৷ যাৰ নাম বৈধৃতি যোগ৷ ৪জুনৰ সন্ধিয়া ৬বাজি ৯ মিনিটত মন আৰু আৱেগৰ কাৰক চন্দ্ৰ আৰু আত্মা, সন্মান আৰু পিতৃৰ কাৰক সূৰ্যই একত্ৰ হৈ বৈধৃতি যোগ গঠন কৰিব৷ এই যোগ প্ৰায় ৭ ঘণ্টা সক্ৰিয় থাকিব৷ বৈদিক জ্যোতিষ অনুসৰি এই যোগ অত্যন্ত প্ৰভাৱশালী আৰু শুভ ফলদায়ক বুলি ধাৰণা কৰা হয়৷ যাৰ ফলত ৪ ৰাশিৰ জাতক লাভৱান হ’ব পাৰে৷ কৰ্মজীৱন, ব্যৱসায়, অৰ্থভাগ্য আৰু পাৰিবাৰিক জীৱনত ইতিবাচক পৰিবৰ্তনৰ সম্ভাৱনা আছে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ জীৱনত বৈধৃতি যোগে অত্যন্ত শুভ প্ৰভাৱ পেলাব পাৰে৷ পৰিয়ালত সুখ আৰু ইতিবাচক পৰিবেশ বৰ্তি থাকিব৷ প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু স্থায়িত্ব বাঢ়িব৷ বন্ধুৰ সৈতে দীৰ্ঘদিনৰ ভুল বুজাবুজি বা বিবাদ দূৰ হব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ লাভৰ সম্ভাৱনা আছে৷ মানসিক শান্তি অনুভৱ কৰিব আৰু জীৱনলৈ স্থিৰতা আহিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্য চন্দ্ৰৰ এই যোগে বিশেষ সাফল্য কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম বা সাফল্য এইবাৰ হাতলৈ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতিৰ নতুন ৰাস্তা খুলিব৷ পদোন্নতিৰ সম্ভাৱনাও আছে৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য উন্নীত হ’ব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন কোনো কাম আৰম্ভ কৰিবলৈ সাহস পাব৷ মানসিক দিশৰ পৰা স্বস্তি অনুভৱ কৰিব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ জীৱনত বৈধৃতি যোগে ইতিবাচক পৰিবৰ্তন আনিব৷ চিন্তাভাৱনাত ইতিবাচকতা বৃদ্ধি পাব৷ চিংগলসকলে বিবাহৰ প্ৰস্তাব পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব৷ এই সময়ত কৰা নতুন কোনো ব্যৱসায়িক চুক্তি বা ডিল লাভজনক হ’ব পাৰে৷ বৃহৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ যাৰ ফলত পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব পাৰে৷ দ্ৰুত উন্নতি আৰু সাফল্যৰ সম্ভাৱনা প্ৰৱল৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই বৈধৃতি যোগে শান্তি কঢ়িয়াই আনিব৷ ব্যক্তিগত জীৱনত ইতিবাচক পৰিবৰ্তন দেখা যাব৷ কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হ’ব পাৰে৷ শাৰীৰিক স্বাস্থ্যৰ উন্নতি হ’ব আৰু অৰ্থলাভৰ নতুন পথ খুলিব পাৰে৷ দীৰ্ঘদিনৰ মানসিক দুশ্চিন্তা আৰু দ্বন্দ্ব দূৰ হ’ব৷ পাৰিবাৰিক আৰু মানসিক সুখ বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















