বহুতেই হয়তো তেওঁলোকৰ সঞ্চয়ৰ টকা বেংকৰ ফিক্সড ডিপোজিটত বিনিয়োগ কৰিবলৈ পছন্দ কৰে৷ কাৰণ ইয়াত ধন হেৰুওৱাৰ আশংকা কম আৰু ৰিটাৰ্ণ পূৰ্বেই নিৰ্ধাৰিত থাকে৷ আপুনিও যদি FDত বিনিয়োগৰ পৰিকল্পনা কৰে তেন্তে এই তথ্য আপোনাৰ কামত লাগিব পাৰে৷ কানাডা বেংকত বিভিন্ন ম্যাদৰ এফ ডি স্কিমত গ্ৰাহকক আকৰ্ষণীয় সুদৰ হাৰ অফাৰ কৰিছে৷ দীৰ্ঘম্যাদী নিৰাপদ বিনিয়োগ কৰিব খুজিলে বেংকৰ ৫বছৰৰ এফ ডি স্কিম বাচি ল’ব পাৰে৷
বৰ্তমান কানাডা বেংকৰ ৫ বছৰৰ এফ ডিত সাধাৰণ গ্ৰাহকসকলক ৬.২৫ শতাংশ হাৰত সুদ দিয়া হৈছে৷ অন্যহাতে একেই ম্যাদৰ এফ ডিত চিনিয়ৰ চিটিজেনে পাইছে ৬.৭৫শতাংশ পৰ্যন্ত সুদ৷ সাধাৰণতে প্ৰায় সকলো বেংকেই প্ৰবীণ নাগৰিকসকলক অতিৰিক্ত সুদৰ সুবিধা দিয়ে৷ যাৰ ফলত তেওঁলোকৰ মুঠ আয় সাধাৰণ গ্ৰাহকৰ তুলনাত বেছি হয়৷
৫বছৰৰ পাছত কিমান টকা পাব?
ধৰক কোনো সাধাৰণ গ্ৰাহকে বেংকৰ ৫ বছৰৰ এফ ডি স্কিমত ৫লাখ টকা বিনিয়োগ কৰিছে৷ সেইক্ষেত্ৰত মেচিউৰিটিৰ সময়ত তেওঁ প্ৰায় ১৮১,৭৭০ টকা সুদ হিচাপে পাব৷ অৰ্থাৎ মুঠ মেচিউৰিটি এমাউন্ট হ’ব প্ৰায় ১,৯৮,৭৪৯ টকা৷ যিসকলে কম নিৰাপদত টকা বঢ়াব খোজে তেন্তে তেওঁলোকৰ বাবে এয়া এক ভাল বিকল্প হ’ব পাৰে৷ অন্যহাতে কোনো চিনিয়ৰ চিটিজেনে যদি একেই স্কিমত ৫লাখ টকাৰ এফ ডি কৰে তেন্তে মেচিউৰিটিৰ সময়ত প্ৰায় ১৯৮,৭৪৯ টকা সুদ পাব পাৰে৷ ফলত মুঠ মেচিউৰিটি এমাউণ্ট হ’ব প্ৰায় ৬,৯৮,৭৪৯ টকা৷ অতিৰিক্ত সুদৰ কাৰণে প্ৰবীণ নাগৰিকসকলৰ আয়ত স্পষ্ট পাৰ্থক্য দেখা যায়৷
কিয় FD ত বিনিয়োগ কৰিব?
এফ ডিৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে নিৰাপত্তা৷ শ্বেয়াৰ বজাৰ বা অন্যান্য বজাৰভিত্তিক বিনিয়োগৰ দৰে ইয়াত ওঠানমাৰ আশংকা নাথাকে৷ বিনিয়োগৰাকীয়ে পূৰ্বৰে পৰাই জানে যে নিৰ্দিষ্ট সময়ৰ শেষত তেওঁ কিমান টকা পাব৷ কেইাকৰণেই চাকৰিয়াল, অৱসৰপ্ৰাপ্ত ব্যক্তিৰ খুবেই পছন্দৰ হয় এফ ডি৷ ৫ বছৰৰ এফ ডিৰ আৰু এক ডাঙৰ সুবিধা হৈছে টেক্স ছেভ কৰা৷ বহু বেংকে টেক্স ছেভিং এফ ডিৰ সুবিধা দিয়ে৷ য’ত আয়কৰ আইনৰ ৮০চি ধাৰাৰ অধীনত কৰ ৰেহাইৰ সুবিধা পোৱা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ