• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

4 months ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

2 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

4 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

21 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

21 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

22 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

23 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

editor by editor
May 20, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তাক লৈ এতিয়া সৰৱ হৈছে বহুতেই৷ কাগজে কলমে ৰাজনৈতিক দল নহ’লেও ৰাজনৈতিক আন্দোলনৰ সূচনা হৈছে দেশত৷ মূলত অনলাইন মাধ্যমতে সীমাবদ্ধ হ’লেও ব্যংগধৰ্মী Cockroach Janta Partyয়ে সমগ্ৰ দেশকে তোলপাৰ লগাইছে৷ মাত্ৰ ৭২ঘণ্টাত ভিতৰত ৭০,০০০ মানুহে তেওঁলোকৰ সদস্যপদো গ্ৰহণ কৰিছে৷ আৰু এই আন্দোলনৰ নেপথ্যত আছে ৩০বছৰীয়া এজন যুৱক৷

বিগত ১৬ মেত Cockroach Janta Party বা CJPৰ আৰম্ভণি কৰিছে অভিজিৎ ডিপকে নামৰ এজন যুৱকে৷ মাইক্ৰব্লগিং চাইট এক্সত এটা Google Form  পোষ্ট কৰে তেওঁ৷ Cockroach Janta Party-ত সকলোকে যোগ দিবলৈ আহ্বানো জনাই সকলোকে৷ মাত্ৰ কেইঘণ্টাৰ ভিতৰতে ৫০০০জনৰ নাম নথিভুক্তও কৰে৷ সেই সময়ৰ পৰা যিমানে সময় আগুৱাইছে সিমানেই বাঢ়ি গৈ আছে Cockroach Janta Party-ৰ সদস্যসংখ্যা৷ তৃণমূলৰ দুগৰাকী সাংসদ মহুৱা মৈত্ৰ আৰু কীৰ্তি আজাদেও CJPত যোগ দিছে৷

CJPৰ সূচনা কেনেকৈ হ’ল?

বিতৰ্কৰ সূচনা ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এক মন্তব্যক লৈয়েই৷ এক গোচৰৰ শুনানি চলাৰ সময়ত তেওঁ বেকাৰ যুৱপ্ৰজন্মক পৰজীৱীৰ সৈতে তুলনা কৰিছিল৷ সেই বিষয়ক লৈ বিতৰ্ক চৰম পৰ্যায়ত যোৱাত নিজৰ মন্তব্যৰ বাখ্যাও দিয়ে CJI সূৰ্যকান্তই৷ অভিযোগ উঠে বেকাৰ যুৱক যুৱতীয়ে যেতিয়া কিবা কৰিব নোৱাৰে, তেতিয়া সাংবাদিকতা, RTI ৰ দৰে সমাজসেৱামূলক আৰু আইনৰ পেছাত প্ৰৱেশ কৰে বুলিও মন্তব্য কৰে তেওঁ৷ সেই বিষয়ক লৈ বিতৰ্ক চৰম পৰ্যায়ত যোৱাত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই জনাই যে তেওঁৰ মৌখিক পৰ্যবেক্ষণৰ ভুল বাখ্যা কৰা হৈছে৷ দেশৰ যুৱসমাজে এই কথাৰ পৰা অনুপ্ৰেৰণাহে পাব লাগে বুলিও জনায়৷

চৌদিশে ছুপ্ৰিম কৰ্টৰ  মুখ্য ন্যায়াধীশৰ চৰ্চা চলি থকাৰ সময়তে অভিজিৎ ডিপকে নামৰ যুৱকজনে Cockroach Janta Party-দল খুলি পেলায়৷ মূলত ব্যংগধৰ্মী ৰাজনৈতিক সংগঠন হিচাপেই CJPক তুলি ধৰিছে তেওঁ৷ বিগত কেইবাদিনো নিৰ্বাচনী প্ৰতীকচিহ্নৰ পৰা পাঁচ দফাৰ ইস্তাহাৰো প্ৰকাশ কৰা হৈছে দলটোৰ৷ মূলত কমবয়সীয়া যুৱক যুৱতী, Gen-Zসকলে ইয়াক আদৰি হৈছে৷ সকলো বয়সৰ মানুহেই এই পাৰ্টীৰ প্ৰতি সঁহাৰি আগবঢ়োৱা দেখা গৈছে৷ Gen-Z সকলক লৈ সন্মিলনৰো আয়োজন কৰাৰ পৰিকল্পনা কৰিছে Cockroach Janta Partyয়ে৷ মুকলিকৈ ৰাজনীতিত প্ৰৱেশ কৰিবনে নকৰে, দল হিচাপে নাম নথিভুক্ত কৰিবনে নকৰে সেই বিষয়ক লৈয়ো প্ৰশ্ন উঠিছে৷ বহুতৰে মতে Cockroach Janta Partyএক ডিজিটেল আন্দোলনৰ প্লেটফৰ্ম হৈ উঠিব পাৰে৷

প্ৰতিষ্ঠাতা অভিজিৎ ডিপকে কোন?

কিন্তু এনে এক প্লেটফৰ্ম গঢ়াৰ ভাৱনা আহিল ক’ৰ পৰা? আমেৰিকাৰ বষ্টন ইউনিভাৰ্ছিটিৰ পৰা স্নাতকোত্তৰ স্তৰত পঢ়ি থকা অভিজিতে জনাই যে দেশৰ যুৱসমাজৰ ভাৱনা, তেওঁলোকৰ প্ৰতিবাদ তুলি ধৰিবলৈ নতুন প্লেটফৰ্ম গঢ়াৰ ভাৱনা তেওঁৰ মনলৈ আহে৷ The Hindu ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘সন্মানীয় মুখ্য ন্যায়াধীষৰ মন্তব্যৰ বিৰুদ্ধে কমবয়সীয়া যুৱক যুৱতীৰ প্ৰতিবাদী স্বৰেই তুলি ধৰে Cockroach Janta Partyয়ে৷ মুখ্য ন্যায়াধীশ সংবিধান, বাক স্বাধীনতাৰ ৰক্ষক৷ তেওঁৰ পৰা এনে মন্তব্য কাম্য নহয়৷ কমবয়সীয়া যুৱক যুৱতীক সমালোচনা কৰি, এনেকৈ সৰু কৰিব নোৱাৰিব৷’

অভিজিতে জনাইছে যে তেওঁলোকে কৰদাতাসকলৰ ধনেৰে কাম কৰিবলৈ অহা নাই৷ তেওঁলোক আহিছে প্ৰশ্ন কৰিবলৈ৷ চিষ্টেমে যিসকলৰ কথা মনত নাৰাখে তেওঁলোকৰ কথাই তুলি ধৰা হ’ব৷ দুই বন্ধুৰ সৈতে মিলি এআই ব্যৱহাৰ কৰি ৱেবচাইটো খুলিছে অভিজিতে৷ Cockroach Janta Party-ক তেওঁ ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক, জাতি বিদ্বেষ বৰ্জিত এক সংগঠন হিচাপে তুলি ধৰিছে৷ জনাইছে যে মহাত্মা গান্ধী, বাবাচাহেব অম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৰ আদৰ্শ অনুসৰণ কৰি চলিব সংগঠনটো৷ এসময়ত আম আদমি পাৰ্টীৰ ছচিয়েল মিডিয়া শাখাৰ সৈতে যুক্ত আছিল অভিজিৎ৷

Cockroach Janta Party-ৰ ইস্তাহাৰত কি আছে?

ইতিমধ্যেই পাঁচ দফাৰ এখন ইস্তাহাৰো প্ৰকাশ কৰিছে Cockroach Janta Partyয়ে৷ তেওঁলোকৰ দাবী একেবাৰে স্পষ্ট৷

১. আসনৰ সংখ্যা নবঢ়াই সংসদত মহিলাসকলৰ ৫০শতাংশ সংৰক্ষণৰ দাবী আছে৷

২. দল সালসলনি কৰা বিধায়ক আৰু সাংসদে যাতে দলসলনিৰ পাছত নিৰ্বাচনত অংশ ল’ব নোৱাৰে তাৰবাবে ২০ বছৰৰ নিষেধাজ্ঞাৰ কথা আছে৷

৩. ন্যায়াধীশে অৱসৰৰ পাছত যাতে ৰাজ্যসভাত স্থান নাপায় সেই কথাও উল্লেখ কৰিছে তেওঁলোকে৷

৪. বৈধ ভোটাৰৰ নাম কটা গ’লে মুখ্য নিৰ্বাচনী অধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা আছে৷

৫. CBSE-ত নম্বৰ পুনৰ্মূল্যায়নত ইচ্ছা কৰামতে টকা ল’ব নোৱাৰিব৷ NEETৰ প্ৰশ্নকাকত ভাইৰেল আদিত পৰীক্ষাৰ্থীসকলৰ কাষত থিয় দিয়াৰ কথাও কোৱা হৈছে৷

CJP-ত যোগদানৰ চৰ্তাৱলী

Cockroach Janta Party-ত যোগদানৰ চৰ্ত হৈছে বেকাৰ আৰু এলেহুৱা হ’ব লাগিব৷ নিয়মিত অনলাইন উপস্থিতি জৰুৰী৷ পেছাদাৰৰ দৰে অভিযোগসমূহ দাখিল কৰিবলৈ জানিব লাগিব৷

ব্যংগধৰ্মী ৰাজনৈতিক সংগঠন প্ৰকৃততে কি?

ভাৰতত এই ধৰণৰ ব্যংগধৰ্মী সংগঠন প্ৰথমবাৰৰ বাবে তৈয়াৰ হ’লেও আমেৰিকাত ছয়ৰ দশকতেই এই ৰীতিৰ সূচনা৷ হাণ্টাৰ টমছনৰ নেতৃত্বত তাত Freak Power Movement-ৰ সূচনা হৈছিল৷ সমাজকৰ্মী এবি হফমেন আৰু জেৰি ৰুবিনে তৈয়াৰ কৰিছিল Youth International Party তথা চমুকৈ Yippies-ৰ৷

ব্ৰিটেইনত ৮ৰ দশকত তৈয়াৰ হয় Official Moster Raving Loony Partyৰ৷ তেওঁলোকে মূলধাৰাৰ ৰাজনৈতিক দলসমূহৰ দুৰ্নীতি, অনাচাৰক লৈ সৰৱ আছিল৷ অদ্ভূত দাবীক লৈ তেওঁলোকেও নিজৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল৷

সেই একেই সময়ত পোলেণ্ড Orange Alternativeৰ সূচনা ঘটে৷ ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যংগধৰ্মী নাটক মঞ্চস্থ কৰিছিল তেওঁলোকে৷ ২০-২৫ বছৰ পূৰ্বে ছুইডেনত Pirate Partyৰ সূচনা হৈছিল৷ যিয়ে ইণ্টাৰনেটত মানুহৰ মতামতসমূহক গুৰুত্ব দিয়া কাম কৰিছিল৷ চৰকাৰ বিৰোধী অৱস্থান, নেটদুনীয়াৰ অধিকাৰ, গোপনীয়তা ৰক্ষাৰ অধিকাৰ, নাগৰিক অধিকাৰক লৈ সৰৱ হয় তেওঁলোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
Next Post
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.