১৯ ছেপ্টেম্বৰত সকলোকে কন্দুৱাই ছিংগাপুৰত শেষনিশ্বাস ত্যাগ কৰিছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে৷ এই মৃত্যু সাধাৰণ মৃত্যু বুলি অসমৰ জনতাই আজিও মানি ল’ব পৰা নাই৷ কাৰণ সুস্থভাৱে অসমৰ পৰা ছিংগাপুৰলৈ অনুষ্ঠান পৰিবেশনৰ বাবে যাত্ৰা কৰিছিল জুবিন গাৰ্গে৷ কিন্তু ১৯ ছেপ্টেম্বৰৰ দুপৰীয়াৰ ভাগত আহিল কোনেও নিবিচৰা সেই দুঃখবৰ৷ ‘জুবিন গাৰ্গ আৰু নাই’ এই খবৰ আমি দিবলগীয়া হৈছিল৷ কাহানিও কোনোৱে কল্পনা কৰিব নোৱৰা সেই ঘটনাৰ প্ৰায় ৮মাহ সম্পূৰ্ণ হৈছে৷ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা তেওঁৰ সহযোগী শেখৰ গোস্বামী, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ভাতৃ সন্দীপন গাৰ্গ, জুবিন গাৰ্গক অনুষ্ঠানৰ বাবে লৈ যোৱা আয়োজক শ্যামকানু মহন্ত, সহসংগীত শিল্পী অমৃতপ্ৰভা মহন্ত, তেওঁৰ দুজন পিএছ অ বৰ্তমানো বাক্সা কাৰাগাৰত৷ ফাষ্টট্ৰেক আদালতত প্ৰতিদিনে শুনানি চলি আছে এই গোচৰৰ৷ কিন্তু শেহতীয়াকৈ আহিছে ছিংগাপুৰৰ পৰা আন এক ডাঙৰ খবৰ৷
ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ মৰোণোত্তৰ প্ৰতিবেদন৷ ছিংগাপুৰত কৰা মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে যে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ৷ হাৰ্টথ্ৰ’বগৰাকীৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছত ছিংগাপুৰ আৰক্ষীয়েও সমগ্ৰ ঘটনা পুনৰ খুটিনাটি চাইছে৷ ছিংগাপুৰৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে য়টখনৰ কেপ্টেইনো দায়ী বুলি উল্লেখ কৰিছে৷ কাৰণ কেপ্টেইনৰো গাফিলতি আছিল সমগ্ৰ ঘটনাত৷
Triangle legalৰ সঞ্চালক নিকো লীয়ে নিচাগ্ৰস্থ হৈ থকা ব্যক্তিক য়টত উঠিবলৈ অনুমতি দিয়াটো ছিংগাপুৰৰ বন্দৰৰ নিয়ম উলংঘা বুলিও উল্লেখ কৰিছে৷ জুবিন গাৰ্গে য়ট পাৰ্টীত যোৱাৰ পূৰ্বৰে পৰা সুৰাপান কৰিছিল বুলি কেপ্তেইনজনে ষ্টেটমেণ্ট দিছিল আৰক্ষী আৰু কৰনাৰ্ছ আদালতত৷ আনকি য়টত উঠাৰ পাছতো জুবিন গাৰ্গে অত্যাধিক মাত্ৰাত সুৰাপান কৰাৰ কথা উল্লেখ কৰিছিল৷ তেনেক্ষেত্ৰত য়টখনৰ কেপ্তেইনে সকলো দিশ দেখাৰ পাছতো কিয় পানীত জুবিনক নামিবলৈ দিছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ জুবিনৰ মৃত্যুৰ বাবে কেপ্তেইনকে ধৰি য়টৰ কৰ্মকৰ্তাই জুবিনক অৱহেলা কৰাৰ বাবে দায়ী বুলি জগৰীয়া কৰিছে ছিংগাপুৰৰ অধিবক্তাই৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীৰ তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ যি চাৰ্জশ্বীট দিয়া হৈছিল তাতো ৭৫মিনিট সময় জুবিন গাৰ্গ পানীত ডুবি থকাৰ তথ্য দিয়া হৈছিল৷ তাত দিয়া অনুসৰি- জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়৷ এই ৰহস্য মৃত্যুৰ পৰ্দা যেন এখন এখনকৈ উঠিছে৷ ৭৫ মিনিট ধৰি পানীত ডুব গৈ আছিল জুবিন গাৰ্গ৷ সেই ৭৫ মিনিটত জুবিনক সহায় কৰিবলৈ আগুৱাই যোৱা নাছিল আশে পাশে থকা কোনো এজন সহযোগীয়েই৷ য়ট পাৰ্টীত জুবিনৰ সৈতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ ওপৰিও আছিল সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















