পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিম সাধাৰণ মানুহৰ বাবে একেবাৰে সুৰক্ষিত আৰু সুবিধাজনক সঞ্চয় বিকল্প৷ ২০২৬ চনৰ জানুৱাৰী মাহ অনুসৰি ইয়াৰ সুদৰ হাৰ বাৰ্ষিক ৬.৭, যি তিনিমাহত চক্ৰবৃদ্ধি হয়৷ এই স্কিমৰ ম্যাদ ৫ বছৰ আৰু প্ৰয়োজনত আৰু ৫ বছৰৰ বাবে বঢ়াই দিব পাৰে৷ যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে ৫০০ টকাকৈ সঞ্চয় কৰে তেন্তে প্ৰতিমাহত ১৫হাজাৰ টকা জমা হয়৷ ৫ বছৰত মুঠ জমাৰ পৰিমাণ হ’ব ৯লাখ টকা৷ সুদ যোগ কৰাৰ পাছত ম্যাদপূৰ্তিত আপুনি প্ৰায় ১০.৭০ লাখ টকা পাব পাৰে৷ জানি থওক এই স্কিমত কেনেকৈ ২৫ লাখ টকা আয় কৰিব পাৰে? ইয়াত বিনিয়োগ কৰিলে ধন হেৰুওৱাৰ ভয় নাই৷ কাৰণ চৰকাৰে ইয়াত গেৰেণ্টি প্ৰদান কৰে৷
ধৰক আপুনি প্ৰতিদিনে ৫০০ টকাকৈ সঞ্চয় কৰিছে তেন্তে প্ৰতিমাহে আপোনাৰ প্ৰায় ১৫০০০ টকা জমা হ’ব৷ কাৰণ ৫০০ টকা ৩০দিন থলে ১৫০০০ হয়৷ এনেকৈ আপুনি ৫ বছৰ ধৰি প্ৰতিমাহে ১৫০০০ টকা জমা কৰিলে মুঠ জমাৰ পৰিমাণ হ’ব ৯লাখ টকা৷ কাৰণ ১৫০০০ টকা ৬০ মাহৰ সৈতে পূৰণ কৰিলে হয় ৯লাখ টকা৷ ৬.৭শতাংশ সুদত ম্যাদপূৰ্তিত আপুনি প্ৰায় ১০.৭০ লাখ টকা পাব৷
কেৱল সুদেই পাব ডেৰলাখ টকা
আপুনি ৫ বছৰত সুদ হিচাপেই প্ৰায় ডেৰ লাখ টকা পাব৷ কিন্তু আচল মেজিক তেতিয়াহে হ’ব যেতিয়া এই আৰ ডিৰ ম্যাদ আৰু ৫ বছৰৰ বাবে বঢ়াই দিয়ে৷ কাৰণ আৰু ৫ বছৰলৈ বঢ়াই দিলে আপোনাৰ জমাৰ পৰিমাণ হ’ব ১৮ লাখ টকা৷ ১০ বছৰৰ পাছত মেচিউৰিটি এমাউণ্ট হ’ব প্ৰায় ২৫লাখ ৬০ হাজাৰ টকা৷ ইয়াৰ মাজত সুদ হ’ব প্ৰায় ৭লাখ ৬০ হাজাৰ টকা৷ প্ৰতিদিনে ৫০০ টকাকৈ সঞ্চয় কৰি আপুনি ১০ বছৰত ২৫ লাখ টকাতকৈ বেছি আয় কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















