• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

3 months ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

4 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

4 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

5 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

6 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

6 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

7 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

7 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

8 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

9 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

9 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

10 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

editor by editor
May 25, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
0
SHARES
520
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক অভূতপূৰ্ব নজিৰ গঢ়িলে এগৰাকী ভাৰতীয় ইউৰোলজিষ্টে৷ প্ৰায় তিনিহাজাৰ কিঃমিঃ দূৰতৈ বহিয়েই কৰিলে অস্ত্ৰোপচাৰ৷ অত্যাধুনিক ৰোবোটিক প্ৰযুক্তি আৰু হাই স্পিড ৫জি ইণ্টাৰনেট পৰিসেৱা ব্যৱহাৰ কৰি এগৰাকী ৰোগীৰ সফল অস্ত্ৰোপচাৰ কৰিলে তেওঁ৷

সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি হায়দৰাবাদৰ এগৰাকী ৰোগীৰ ব্লাডাৰ ৰিকানেকশ্ব্যন অস্ত্ৰোপচাৰটি কৰা হৈছে৷ যি মূত্ৰথলি পুনঃসংযোগ কৰাত সহায় কৰে৷ এই অস্ত্ৰোপচাৰতেই আশ্চৰ্যজনক ঘটনা ঘটিছে৷ চিকিৎসক ডাঃ ছৈয়দ মহম্মদ গাউছ উপস্থিত আছিল চীনৰ ওহানৰ টংজি হাস্পতালত৷ তাৰপৰাই ৰিমট কন্ট্ৰলৰ মাধ্যমেৰে তেওঁ হায়দৰাবাদৰ অস্ত্ৰোপচাৰৰ মাধ্যমেৰে ৰোগীক সুস্থ কৰি তোলে৷ চীনৰ সংবাদমাধ্যম চাইনা ডেইলিৰ প্ৰতিবেদন অনুসৰি, সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন হ’বলৈ সময় লাগিছে মাত্ৰ ৯০ মিনিট৷

এই অভাৱনীয় সাফল্যৰ কথা নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে ভাৰতত অৱস্থিত চীনা দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে৷ চিকিৎসকসকলক অভিনন্দন জনাই তেওঁ লিখিছে, ‘চীনত তৈয়াৰ কৰা ৰোবোটিক্স আৰু ৫জি প্ৰযুক্তিৰ সহায়তাত ওহানত থাকিয়েই ভাৰতীয় ইউৰোলজিষ্ট ডাঃ ছৈয়দ মহম্মদ গাউছে মাত্ৰ ৯০ মিনিটত এই অস্ত্ৰোপচাৰ কৰিছে৷ ৩হাজাৰ কিঃমিঃ দূৰৈত থাকি ভাৰতৰ হায়দৰাবাদৰ এগৰাকী ৰোগীৰ শৰীৰত ৰবটৰ সহায়ত অস্ত্ৰোপচাৰ কৰি সাফল্য লাভ কৰিছে৷

খবৰ অনুসৰি এই অভাৱনীয় অস্ত্ৰোপচাৰৰ নেপথ্যত আছিল নিঁখুত পৰিকল্পনা৷ অস্ত্ৰোপচাৰৰ পূৰ্বে ওহান আৰু হায়দৰাবাদৰ চিকিৎসকসকলে অনলাইনত ৰোগীৰ সমস্ত মেডিকেল ৰিপৰ্ট পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিছে৷ ৰবটিক হাতৰ গতিবিধি কেনে হ’ব সেয়াও পূৰ্বৰে পৰাই মেপ বা পৰিকল্পনা কৰি লয়৷ পৰবৰ্তী সময়ত হায়দৰাবাদৰ স্থানীয় চিকিৎসকলে ৰোগীক প্ৰথমে এনাস্থেচিয়া দিয়ে৷ তাৰপিছত ৰবটিক যন্ত্ৰপাতিসমূহ নিঁখুতভাৱে সজাই তোলে৷ যন্ত্ৰপাতিসমূহৰ ভিতৰত আছিল অত্যাধুনিক ছাৰ্জিকেল টুল আৰু হাই ডেফিনেছন থ্ৰিডি কেমেৰা৷ তাৰপিছতেই ডাঃ গাউছে ওহানৰ টংজি হাস্পতালৰ এটা কনছন বক্সত বহে৷ তাৰপৰাই তেওঁ লাইভ থ্ৰিডি ইমেজৰ মাধ্যমেৰে হায়দৰাবাদৰ অপাৰেছন থিয়েটাৰ সম্পূৰ্ণৰূপে দেখা পাইছিল৷ নিজৰ হাতেৰে নিয়ন্ত্ৰণ কৰি আছিল ৰবটিক হাতকেইখনক৷ চীনা প্ৰযুক্তিৰে তৈয়াৰ কৰা এই ৰবটিক হাতে চিকিৎসকৰ হাতৰ নিৰ্দেশতেই কাম কৰিছিল৷ ৫জি প্ৰযুক্তিৰ কাৰণে মাত্ৰ ২০০ মিলি ছেকেণ্ডৰ অৰ্থাৎ এক ছেকেণ্ডৰ পাঁচ ভাগৰ এভাগ সময়ৰ ভিতৰত সমস্ত নিৰ্দেশ চীনৰ পৰা ভাৰত পাইছিল৷ অস্ত্ৰোপচাৰ চলাৰ সময়ত যিকোনো জৰুৰী পৰিস্থিতি চম্ভালিবলৈ অপাৰেছন থিয়েটাৰত বিশেষজ্ঞৰ দল উপস্থিত আছিল৷

চাইনা ডেইলীয়ে জনাইছে যে ইণ্টাৰনেশ্ব্যনেল হেপাটো পেনক্ৰিয়াটো বিলিয়াৰি এছোচিয়েছনৰ দশম কংগ্ৰেছ চলাৰ সময়ত যি ২৬টা অস্ত্ৰোপচাৰ প্ৰদৰ্শন কৰা হৈছিল এয়া তাৰেই এটা অংশ৷ ইয়াৰ মাজত ৫টা অস্ত্ৰোপচাৰ আন্তৰ্জাতিক লাইভ ৰিমোট কানেকছনৰ মাধ্যমেৰে কৰা হয়৷ ভাৰতৰ ওপৰিও ব্ৰাজিল, জৰ্জিয়া, গ্ৰীচ আৰু উজবেকিস্তানৰ বিশেষজ্ঞসকলে ইউৰোলজি গেষ্ট্ৰোইনটেষ্টাইনেল আৰু হেপাটোবিলিয়াৰি চাৰ্জাৰিৰ এই প্ৰদৰ্শনীত অংশ লয়৷

টংজি হাস্পতালৰ চাৰ্জাৰি বিভাগৰ পৰিচালক আৰু এই কৰ্মসূচীৰ অন্যতম উদ্যোক্তা চেন জিয়াওপিঙে কয় যে এ আই, ৫জি, ৬জি আৰু ৰবট প্ৰযুক্তিৰ হাত ধৰি চিকিৎসাক্ষেত্ৰত এক নতুন বিপ্লৱ আহিছে৷ যিয়ে আগন্তুক দিনত স্বাস্থ্য পৰিসেৱাৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰি দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.