গৰমৰ বন্ধ আৰম্ভ হ’বলৈ বেছি দিন নাই৷ ছুটি মানেই বেগ সামৰি কৰোবালৈ যোৱাৰ পৰিকল্পনা নিশ্চয় আপোনাৰো আছে৷ পাহাৰৰ বুকুলৈ বা সমুদ্ৰৰ কাষলৈ৷ কিন্তু ফুৰিবলৈ যোৱা মানেই একোটা হোটেল ৰুম আপুনিও বুক কৰে৷ বৰ্তমান কিন্তু এই আনন্দৰ মাজত বহুতৰে মনত এটা সংশয়ো আছে৷ সংশয় থকাৰেই কথা৷ কাৰণ দুদিন পাছে পাছেই ভাইৰেল হয় তেনে ছবি বা কাহিনী৷ হোটেল ৰুমৰ ভিতৰৰ ছবি বা ভিডিঅ’ ভাইৰেল৷ ঘৰৰ কোনো কোণৰ পৰা কোনোৱে আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত নজৰ ৰখা হৈছে? অৰ্থাৎ হোটেল ৰুমত হিডেন কেমেৰা লগাই থোৱাৰ ঘটনা এতিয়া খুবেই স্বাভাৱিক হৈ পৰিছে৷
এনে তিক্ত অভিজ্ঞতাৰ পৰা হাত সাৰিবলৈ আপুনি কেনেকৈ সাবধান হ’ব? হোটেলৰ ৰুমত ভৰি দিয়েই প্রথম কাম হৈছে চাৰিওপাশে ভালকৈ পৰীক্ষা কৰি লোৱা৷ আৰু এই কামত এতিয়া আপোনাৰ সকলোতকৈ ডাঙৰ হাঁথিয়াৰ হ’ব পাৰে পকেটত থকা আপোনাৰ স্মাৰ্টফোনটো৷ কেৱল ডাউনলোড কৰি ল’ব লাগে কেইটামান বিশেষ এপ৷
১. ফিংগ(Fing)
আপোনাৰ হোটেল ৰুমৰ ৱাইফাই নেটৱৰ্কৰ সৈতে অন্য কোনো ডিভাইছ বা কেমেৰা যুক্ত আছে নেকি সেয়া মুহূৰ্তৰ ভিতৰতে স্কেন কৰি কৈ দিব এই এপে৷
কেনেকৈ কাম কৰে?
এপটো অন কৰিলেই সেই ঘৰৰ ৱাইফাইৰ সৈতে যুক্ত সমস্ত ডিভাইছৰ তালিকা সন্মুখলৈ আহে৷ তাত কোনো আই পি কেমেৰা বা সন্দেহজনক ডিভাইছ থাকিলে সেয়া সহজেই ধৰা পৰি যায়৷
সময় আৰু ব্যৱহাৰ পদ্ধতিঃ এই এপ ডাউনলোড কৰি স্কেন অপশ্ব্যনত ক্লিক কৰিলেই মাত্ৰ কেইবা ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ ৰিপৰ্ট আপোনাৰ হাতৰ মুঠিলৈ আহিব৷
প্লেটফৰ্ম আৰু ডাউনলোডঃ এই এপে এণ্ড্ৰয়েড আৰু আইফোন দুই ধৰণৰ ফোনতেই সমানভাৱেই কাম কৰে৷ গুগল প্লে ষ্টোৰ বা এপল এপ ষ্টোৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে৷
২. হিডেন কেমেৰা ডিটেক্টৰ
এই এপ মূলত ফোনৰ ভিতৰত থকা মেগনেটিক চেঞ্চৰ বা চুম্বকীয় তৰংগ মাপক যন্ত্ৰক ব্যৱহাৰ কৰি কাম কৰে৷
কেনেকৈ কাম কৰেঃ স্পাই কেমেৰা বা যিকোনো ইলেকট্ৰনিক ডিভাইছত নিৰ্দিষ্ট পৰিমাণে চৌম্বকীয় ক্ষেত্ৰত থাকে৷ এই এপ অন কৰি ফোনটোক ঘৰৰ সন্দেহজনক স্থান যেনে দেৱাল, ঘৰি, ফুলৰ টাব বা আয়নাৰ সন্মুখত ধৰিলে এপৰ ৰেডিয়েছন মিটাৰে ভাইব্ৰেট কৰিবলৈ ধৰে আৰু বিপ শব্দ কৰে৷
সময় আৰু ব্যৱহাৰ পদ্ধতিঃ সম্পূৰ্ণ ঘৰটো এবাৰ ঘূৰি স্কেন কৰিবলৈ দুই মিনিটমান সময় লাগে৷
প্লেটফৰ্ম আৰু ডাউনলোডঃ এই এপ এণ্ড্ৰয়েড আৰু আইফোন ব্যৱহাৰকাৰী উভয়েই নিজৰ এপ ষ্টোৰৰ পৰা সহজেই ফোনত ইনষ্টল কৰিব পাৰে৷
৩. গ্লিণ্ট ফাইণ্ডাৰ
হিডেন কেমেৰাৰ লেন্সত যি চকচকীয়া ভাৱ বা প্ৰতিফলন থাকে সেয়া খালী চকুৰে বহু সময়ত ধৰা নপৰে৷ এই এপটোক ঠিক সেই দুৰ্বলতাৰ সময়তে কামত লগোৱা হয়৷
কেনেকৈ কাম কৰেঃ এপটো আৰম্ভ কৰিলে ফোনৰ ফ্লাছলাইটটোৱে এক বিশেষ ফ্ৰিকোয়েন্সিত জ্বলিবলৈ আৰু নুমাবলৈ আৰম্ভ কৰে৷ ঘৰৰ পোহৰ নুমুৱাই ফোনটো চাৰিওফালে ঘূৰালে কৰোবাত লুকাই থকা কেমেৰাৰ লেন্স থাকিলে সেয়া প্ৰতিফলিত হয় আৰু ফোনৰ স্ক্ৰিণত উজ্জ্বল বিন্দু হিচাপে ফুটি উঠে৷
সময় আৰু ব্যৱহাৰ পদ্ধতিঃ অন্ধকাৰ ঘৰত মাত্ৰ এক ডেৰ মিনিট ভালকৈ ফোনটো ঘূৰালেই কাম হৈ যায়৷
প্লেটফৰ্ম আৰু ডাউনলোডঃ অত্যন্ত দৰকাৰী এপটোও প্লে ষ্টোৰ আৰু এপ ষ্টোৰত পোৱা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















