শনিয়ে খুবেই ধীৰে ধীৰে নক্ষত্ৰ পৰিবৰ্তন কৰে৷ জ্যোতিষশাস্ত্ৰত শনিক কৰ্মৰ দাতা আৰু ন্যায়বিচাৰৰ দেৱতা হিচাপে বিবেচনা কৰা হয়৷ সেয়ে এক ৰাশিয়ে অন্য ৰাশিত গমন বা এক নক্ষত্ৰৰ পৰা অন্য নক্ষত্ৰত গমনে সমস্ত ৰাশিৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়৷ হিন্দু পঞ্জিকা অনুসৰি শনিয়ে বৰ্তমান ৰেৱতী নক্ষত্ৰৰ প্ৰথম পদত আছে৷ শনিয়ে ২ জুলাইত ৰেৱতী নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰিব৷ শনিয়ে তাৰ নক্ষত্ৰ পৰিবৰ্তন যেতিয়া কৰে তেতিয়া নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে ভাগ্যৰ দুৱাৰ খুলি যায়৷ তেওঁলোকৰ কষ্ট দূৰ হয় আৰু কৰ্মজীৱনত সম্পদ আৰু সন্মান বৃদ্ধি পায়৷ জানি থওক শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ কারণে কোন কোন ৰাশিয়ে সাফল্য লাভ কৰিব৷
মেষ ৰাশি
শনি গ্ৰহৰ অৱস্থানৰ পৰিবৰ্তন মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিকভাৱে অত্যন্ত শুভ লক্ষণ কঢ়িয়াই আনিছে৷ আপুনি আপোনাৰ কৰ্মজীৱনত নতুন দায়িত্ব পাব পাৰে৷ যিয়ে ভৱিষ্যতৰ পদোন্নতিৰ পথ প্ৰশস্ত কৰিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ আপুনি যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱি থাকে তেন্তে এই সময় অনুকূল সময়৷ যিসমূহ কাম বিগত কেইবামাহ বা বছৰ ধৰি ৰৈ আছিল সেইসমূহ এতিয়া কোনো বাধা অবিহনেই সম্পন্ন কৰিব পাৰিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শনিদেৱৰ এই পৰিবৰ্তনে ভাল ফল দিব৷ সন্মান বাঢ়িব৷ সমাজ আৰু অফিচত আপোনাৰ সুনাম বৃদ্ধি পাব৷ অন্যই আপোনাৰ পৰামৰ্শসমূহক গুৰুত্ব দিব৷ বিদেশ ভ্ৰমণৰ সুযোগ থাকিব৷ যিসকলে বিদেশলৈ যোৱাৰ কথা বা ব্যৱসায় সম্প্ৰসাৰণৰ সপোন দেখিছে তেওঁলোকে সুখবৰ পাব পাৰে৷ পৰিয়ালত চলা মতপাৰ্থক্যৰ অৱসান ঘটিব৷ আপুনি ভায়েক ভনীয়েকৰ পৰা পূৰ্ণ সমৰ্থন পাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ নক্ষত্ৰ পৰিবৰ্তনে মামলা মোকদ্দমাৰ ক্ষেত্ৰত আৰু শত্ৰুসকলৰ ওপৰত বিজয় কঢ়িয়াই আনিব৷ যিসকলে অংশীদাৰিৰ ব্যৱসায় কৰিছে তেওঁলোকে প্ৰত্যাশাতকৈ বেছি মুনাফা অৰ্জনৰ সম্ভাৱনা আছে৷ আপুনি যদি দীৰ্ঘদিন ধৰি ঋণ বা অন্য কোনো সমস্যাত পৰিছে তেন্তে মুক্তিৰ পথ সুগম হ’ব৷ আপুনি যিকোনো দীৰ্ঘস্থায়ী ৰোগ বা শাৰীৰিক বিষৰ পৰা উপশম পাব৷ যিয়ে মানসিক চাপ কমাব৷
কুম্ভ ৰাশি
শনি কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ৷ সেয়ে শনিৰ নক্ষত্ৰ পৰিবৰ্তনে এই ৰাশিৰ জাতক জাতিকাৰ বাবে সাফল্য কঢ়িয়াই আনিব৷ চাকৰিত চলি থকা সমস্যাসমূহৰ অৱসান ঘটিব৷ আপোনাৰ কামত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকল অত্যন্ত মুগ্ধ হ’ব৷ শ্বেয়াৰ বজাৰ, সম্পত্তি বা অন্য কৰোবাত কৰা পুৰণি বিনিয়োগে আপোনাক বিপুল মুনাফা আনি দিব পাৰে৷ স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ’ব৷ আপোনালোক দুজনে মিলি ভৱিষ্যতৰ ডাঙৰ কোনো পৰিকল্পনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















