নন এলকহলিক ফেটি লিভাৰ ডিজিজ বা NAFLD এতিয়া ভাৰতত মহামাৰীৰ দৰে বিয়পি পৰিছে৷ চিকিৎসকৰ মতে অনিয়মিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্য, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ সকলো মিলি এই ৰোগৰ আশংকা দিনে দিনে বাঢ়িছে৷ লিভাৰত অলপ পৰিমাণে ফেট থকাটো স্বাভাৱিক, কিন্তু অতিৰিক্ত ফেট জমা হৈ গলে সি লিভাৰৰ কাৰ্যক্ষমতাক বাধাগ্ৰস্থ কৰে৷ দীৰ্ঘদিন চিকিৎসা নকৰালে এই সমস্যা চিৰোছিচ বা আনকি লিভাৰ কেন্সাৰ পৰ্যন্ত হ’ব পাৰে৷
ফেটি লিভাৰ সাধাৰণতে দুই প্ৰকাৰৰ
১. এলকহলিক ফেটি লিভাৰ, যিয়ে অতিৰিক্ত মদ্যপানৰ ফলত হয়৷
২. নন এলকহলিক ফেটি লিভাৰ, যি অতিৰিক্ত ওজন, ডায়বেটিছ, জাংক ফুড খোৱা, অনিয়মিত জীৱনযাত্ৰাৰ সৈতে জড়িত৷
যদিও এই ৰোগৰ প্ৰাথমিক পৰ্যায়ত সাধাৰণতে কোনো লক্ষণ নাথাকে, ধীৰে ধীৰে কিছু সতৰ্ক সংকেতে দেখা দিয়ে৷ পেটৰ সোঁফালে কম পৰিমাণে বিষ বা অস্বস্তি, অতিৰিক্ত ক্লান্তি হঠাৎ ওজন কমি যোৱা ইত্যাদি৷ আৰু যেতিয়া ৰোগে গুৰুতৰ আকাৰ ধাৰণ কৰে তেতিয়াই দেখা দিব পাৰে পেট আৰু ভৰিৰ ফোলাভাৱে৷ ছাল আৰু চকুৰ হালধীয়াভাৱ, গাঢ় প্ৰস্ৰাৱ, পাতল ৰঙৰ মল আৰু মানসিক বিভ্ৰান্তি৷
ভৰিত ফোলাভাৱঃ বিপদৰ আগতীয়া ইংগিত
ব্ৰিটেইনৰ NHS ৰ ৰিপৰ্টে কৈছে, ভৰিত ফোলাভাৱ বা Pedal Edema আৰু ফেটি লিভাৰৰ এক প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ বহুতেই ইয়াক অৱহেলা কৰে৷ ভাৱে দীৰ্ঘক্ষণ থিয় হোৱাৰ বাবে ভৰি ফুলিছে৷ কিন্তু বিশেষজ্ঞই কৈছে ই লিভাৰৰ সমস্যাৰ আগতীয়া ইংগিত৷
দেৰী নকৰি চিকিৎসা আৰম্ভ কৰক
ভৰিৰ ফোলাভাৱে দেখা দিলে অৱহেলা নকৰিব৷ ই লিভাৰৰ ক্ষতিৰ প্ৰাথমিক ইংগিত৷ সময়মতে পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰিলে লিভাৰ সম্পূৰ্ণভাৱে সুস্থ ৰখা সম্ভৱ৷
বিশেষজ্ঞৰ পৰামৰ্শ, নিয়মিত শৰীৰচৰ্চা, সুষম খাদ্যভাষ, এলকহ’লৰ পৰা দূৰৈত থাক আৰু ওজন নিয়ন্ত্ৰণত ৰখা ফেটি লিভাৰৰ প্ৰতিৰোধৰ মূল চাবিকাঠি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















