মানুহৰ জীৱনত বিপদ কেতিয়া আহে, সেয়া কোনেও নাজানে! কেতিয়াবা আমাৰ ওচৰত এনেকুৱা কিছুমান ঘটনা ঘটে, যিয়ে আমাক শিহৰীত কৰি তোলে। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই দুৰ্ঘটনাসমূহে অকালতে প্ৰাণ কাঢ়িছে বহুতৰে। ৰাজ্যত ২৪ ঘণ্টাত ৪টাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
এই পথ দুৰ্ঘটনাতে অকাল মৃত্যুক আঁকোৱালি ল’লে এগৰাকী উদ্যোমী যুৱতীয়ে। ধেমাজি তেলিজানত ফল-মূলৰ চালাড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল মণিকাই। কিন্তু ডিমৰীয়াৰ তেতেলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত নিহত হয় মণিকা সোনাৱাল।
নিজৰ কৰ্মৰাজিৰে স্বনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিছিল মণিকাই। মণিকাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ধেমাজিত। তেওঁ এখন সৰু দোকানেৰে পৰিয়ালৰক দায়িত্বও পালন কৰি গৈছিল। কিন্তু শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে মণিকাৰ জীৱন
স্কুটী চলাই গৈ আছিল মণিকা সোণোৱাল, তেনে সময়তে পথত পেলাই থোৱা ছেণ্ডগ্ৰেভলত পিছলি পৰে মণিকা সোণোৱাল।
তৎমূহৰ্ততে পিছফালৰ পৰা অহা এখন ট্ৰাকে মহটিয়াই নিয়ে উদ্যমী যুৱতীগৰাকীক। লগে লগে ৰাইজে প্ৰত্যক্ষ কৰি হাস্পতাললৈ নিয়ে যদিও, চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হয় মণিকাৰ। এই কৰুণ মৃত্যুৰ পিছতে সকলোৰে চকু সেমেকাইছে যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত লিখা শেষ পোষ্টে।

বৃহস্পতিবাৰৰ দিনত ফলৰ চালাড বিক্ৰী কৰা দোকানলৈ সকলোকে আমন্ত্ৰণ জনাইছিল মণিকাই। তেওঁ সামাজিক মাধ্যমত লিখিছিল “Good afternoon guys dukan khula ase ahibo pare🙏🏻” কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, শোকাৱহ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে আঁতৰি গ’ল মণিকা সোণোৱাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















