শীঘ্ৰে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘চুপা চুপি’। ৱেব ছিৰিজ হিচাপে সফলতা লাভ কৰাৰ পিছত এইবাৰ পূৰ্ণ দৈৰ্ঘৰ ছবি হিচাপে দৰ্শকৰ মাজলৈ আহি আছে ছবিখন। কাইলৈ অর্থাৎ ৩১ মে’ত ছবিখনৰ আনুষ্ঠানিকভাৱে ট্ৰেইলাৰ মুকলি কৰিব।
এটলাছ ক্ৰিয়েশ্যন আৰু ডি জে এন্টাৰটেইনমেন্টৰ বেনাৰত নৱ-প্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন। এতিয়া নিৰ্মাতাগোষ্ঠীয়ে ১২ জুনত মুক্তি দিব ছবিখন। এতিয়া ‘চুপা চুপি’ক লৈ সকলোৰে অপেক্ষা, উৎকণ্ঠা। ৱেব ছিৰিজখনৰ প্ৰতিটো চৰিত্ৰই যিদৰে দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে, ঠিক একেদৰে ছবিখনেও সকলোকে আকৃষ্ট কৰিব বুলি আশা কৰিছে নিৰ্মাতাগোষ্ঠীয়ে।
ৱেব ছিৰিজখনৰ দৰে পূৰ্ণ দৈৰ্ঘৰ ছবিখনৰ জৰিয়তে পুনৰ দৰ্শকৰ ওচৰলৈ উভতি আহিব উৰ্মিলা বৌ, জয়ন্ত চালফা, দীপক, ৰূপ, চাণক্য, ৰমা আদি চৰিত্ৰসমূহ। প্ৰণৱ ভৰালীৰ ৰচনা আৰু পৰিচালনাত নিৰ্মাণ হোৱা এই ছবিখন প্ৰযোজনা কৰিছে নৃপেন দাস আৰু হৃষিকেশ পাটগিৰিয়ে। আনহাতে ছবিখনত অভিনয় কৰিছে কমল লোচন, ৰাগিনী কৌশিক, কৌশিক ভৰদ্বাজ, হিমাংশু প্ৰসাদ দাস, স্নিগ্ধা গগৈ, বৈভৱী গোস্বামী, জিণ্টু কুমাৰ কাশ্যপ আদি বহুকেইগৰাকী শিল্পীয়ে । কাল্পনিক আৰু বাস্তৱৰ সংমিশ্ৰণৰ আধাৰত নিৰ্মিত এটি সুন্দৰ কাহিনী দেখিব দৰ্শকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















