লেথাৰিকৈ দুবাৰ বিজয়ৰ মুকুট তেওঁৰ দলে লাভ কৰিছে৷ দুবাৰকৈ চেম্পিয়ন হোৱাটো মুঠেও সহজ কথা নহয়৷ দ্বিতীয়বাৰ তেওঁৰ বেটেৰেই চেম্পিয়ল হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু৷ দলক দ্বিতীয়বাৰ চেম্পিয়ন কৰোৱাই সেয়ে বিশেষ বাৰ্তা দিছে কোহলীয়ে৷ সামাজিক মাধ্যমত এটা পোষ্ট লিখিছে কোহলিয়ে৷ তাতেই তেওঁ লিখিছে, ‘বিগত বছৰ নিজকে এটা প্ৰশ্ন কৰিছিলো, আমি সঁচাকৈয়ে দ্বিতীয়বাৰ ট্ৰফী জয় কৰিব পাৰিমনে৷ তাৰ উত্তৰো নিজেই নিজকে আজি দিছো৷ হয় আমি জিকিলো৷ লেথাৰিকৈ দুবাৰ আমাৰ হাতলৈ ট্ৰফী আহিল৷’
এই দলক লৈ কেতিয়াবা আপোনাৰ সন্দেহ হৈছিল নেকি? এই প্ৰশ্ন সঞ্চালত আৰেন ফিঞ্চে কোহলীক কৰিছিল৷ তেতিয়া কোহলীয়ে কয়, ‘সঁচাকৈ ক’বলৈ হ’লে বিৰতিৰ পাছত আমি দুখন মেচত ধাক্কা খাইছিলো৷ এখন মেচত হাৰিছিলো৷ আৰু এখনত মুম্বাইৰ বিৰুদ্ধে শেষ মুহূৰ্তত জিকিছিলো৷ সেই সপ্তাহেই কঠিন আছিল আমাৰ বাবে৷ কাৰণ আমি লীগৰ শীৰ্ষত শেষ কৰিব বিচাৰিছিলো৷ কিন্তু মুম্বাইৰ বিৰুদ্ধে জিকি যোৱাৰ পাছতহে আত্মবিশ্বাস ঘূৰি আহিছিল৷ তাৰ পাছত কেকেআৰক সহজেই হৰুৱাওঁ৷ শেষ পৰ্যন্ত লিগো সকলোৰে আগত আমি শেষ কৰিছো৷
দলৰ প্ৰত্যেক ক্ৰিকেটাৰক লৈ সুখী বুলিও জনায় বিশেষকৈ সমগ্ৰ মেচসমূহৰ বাবে সকলোকে দায়িত্ব ভাগ কৰি দিয়া হৈছিল৷ কোহলীয়ে সেই সন্দৰ্ভত কয়, ‘প্ৰত্যেকজন খেলুৱৈয়ে অসাধাৰণভাৱে খেলিছে ৷ ইমান বছৰ অপেক্ষা কৰিছো৷ কিন্তু আমাৰ দলটো একত্ৰ হোৱাৰ পাছত এতিয়া ফিল্ডত নামিলে এনে ধাৰণা আহে যে আমি জিকিমেই৷ আমাৰ দলত সকলোবোৰেই বিশেষ৷ হেজলউড, ভুৱনেশ্বৰ, ডাফিৰ দৰে বিশ্বাসী বলাৰো আছে আমাৰ৷ ক্ৰুনালৰ ওপৰত ভৰষা কৰিব পাৰি৷ এইবাৰ ৰছিখ দাৰেও অসাধাৰণ খেলিছে৷ বেটাৰসকলেও নিজৰ মতে অবদান আগবঢ়াইছে৷ ভাৰসাম্য থকা এই দলটোৰ অংশ হৈ মই খুবেই সুখী অনুভৱ কৰো৷ এতিয়া আমি অলৰাউণ্ডাৰ দল৷ তাৰবাবেই মেচত নামিলে পৃথক আত্মবিশ্বাস থাকে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















