বৰ্তমান সময়ত বহু বিনিয়োগকাৰীয়ে নিৰাপদ ৰিটাৰ্ণৰ বাবে ফিক্সড ডিপোজিটৰ ওপৰত ভৰষা কৰে৷ বিশেষকৈ চৰকাৰী বেংকৰ এফ ডিত টকা ৰাখিলে মূলধন নিৰাপদে থকাৰ ওপৰিও নিৰ্দিষ্ট সুদৰ সুবিধাও পোৱা যায়৷ আপুনি যদি পঞ্জাৱ নেশ্ব্যনেল বেংকৰ এফ ডিত ৫লাখ টকা বিনিয়োগ কৰাৰ কথা ভাৱিছে তেন্তে ১, ৩ আৰু ৫ বছৰত আনুমানিক কিমান টকা পাব পাৰে?
১ বছৰৰ বাবে ৫লাখ টকা FD কৰিলে কিমান পাব?
বৰ্তমান ১ বছৰৰ সুদৰ হাৰ বছৰি ৬.২৪ শতাংশ৷ ৫লাখ টকা ১ বছৰৰ বাবে বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত পাব ৫৩১,২৫০ টকা৷ এবছৰত সুদৰ পৰাই আয় কৰিব ৩১২৫০ টকা৷
৩ বছৰৰ বাবে ৫লাখ FD কৰিলে আয় কিমান হ’ব?
৩বছৰৰ বাবে ৫লাখ টকা এফ ডি কৰিলে বৰ্তমান ৩ বছৰৰ সুদৰ হাৰ হৈছে ৬.৩০শতাংশ৷ ৫ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত পাব আনুমানিক ৬০৩,৭২২টকা৷ তিনি বছৰত সুদ হিচাপে পাব ১০৩,৭২২টকা৷
৫বছৰৰ বাবে ৫লাখৰ এফ ডি কৰিলে কিমান আয় হ’ব?
৫বছৰৰ বাবে ৫লাখ টকাৰ এফ ডি কৰিলে সুদৰ হাৰ হৈছে ৬.৩৫ শতাংশ৷ সুদ চক্ৰবৃদ্ধি হাৰত যোগ হ’ব৷ ৫লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত পাব আনুমানিক ৬৮০,২৩৩টকা৷ পাঁচ বছৰত সুদ হিচাপে প্ৰায় ১৮০,২৩৩ লাখ টকা পৰ্যন্ত আয় কৰিব পাৰে৷
ছিনিয়ৰ চিটিজেনৰ বাবে সুবিধা
বহু সময়ত প্ৰবীণ নাগৰিকসকলৰ বাবে সাধাৰণ নাগৰিকৰ ফিক্সড ডিপোজিটতকৈ বেছি সুদ দিয়া হয়৷ ফলত একেই ৫লাখ টকা তেওঁলোকে এফ ডি কৰিলে ৰিটাৰ্ণ বেছি হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ