ভাৰতীয় ক্ৰিকেট দলৰ স্পিন বিভাগক আৰু শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে BCCIয়ে৷ ছাইৰাজ বাহুতুলক স্পিন বোলিং কোচ হিচাপে নিয়োগ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলত৷ আসন্ন আন্তৰ্জাতিক চিৰিজসমূহক সন্মুখত ৰাখি এই সিদ্ধান্তক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰিছে প্ৰায়সংখ্যক ক্ৰিকেট অনুৰাগীয়েই৷
৫৩বছৰ বয়সীয়া ছাইৰাজ বাহুতুলে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ অন্যতম সফল অলৰাউণ্ডাৰ আছিল৷ তেওঁ ভাৰতৰ হৈ মাত্ৰ দুখন টেষ্ট আৰু ৮খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলিলেও ঘৰুৱা ক্ৰিকেটত তেওঁৰ সাফল্য আকাশলংঘী৷ ১৮৮ প্ৰথম শ্ৰেণীৰ মেচত তেওঁ ৬৩০টা উইকেট লৈছিল৷ ৰান ৬১৭৬৷ লিষ্ট এ ক্ৰিকেটত তেওঁ লোৱা উইকেটৰ সংখ্যা ১৯৭৷
বাহুতুলৰ আন্তৰ্জাতিক অভিষেক হৈছিল ২০০১ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে৷ কিন্তু তেওঁ জাতীয় দলত স্থান ধৰি ৰাখিব নোৱাৰিলে৷ ঘৰুৱা ক্ৰিকেটত তেওঁ এক অন্যতম নাম৷ মুম্বাইৰ হৈ সকলোতকৈ বেছি মেচ খেলিলেও অন্ধ্ৰপ্ৰদেশ, অসম, মহাৰাষ্ট্ৰ আৰু বিদৰ্ভৰ হৈয়ো খেলিছে৷ ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটতো তেওঁ প্ৰতিনিধিত্ব কৰিছিল৷
ক্ৰিকেটাৰ হিচাপে অৱসৰ লোৱাৰ পাছত কোচিঙৰ সমান সাফল্যও পাইছে বহুতুলে৷ তেওঁ কেৰালা, পশ্চিমবংগ, গুজৰাট আৰু বিদৰ্ভৰ দৰে ঘৰুৱা দলৰ প্ৰধান কোচ হিচাপেও দায়িত্ব সামৰিছে৷ আই পি এলত ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ স্পিম বোলিং কোচ হিচাপেও কাম কৰিছে৷
ভাৰতৰ অনূৰ্ধ্ব-১৯ দলৰ সৈতেও তেওঁৰ উল্লেখযোগ্য সাফল্য আছে৷ ২০২২ চনত ১৯-অনূৰ্ধ্ব ভাৰতীয় দলৰ বোলিং কোচ আছিল তেওঁ৷ ২০২৪ চনত অনূৰ্ধ্ব-১৯ বিশ্বকাপতো কোচিং বিভাগৰ অংশ আছিল৷ ইয়াৰোপৰি ইণ্ডিয়া এ আৰু জাতীয় দলৰ বিভিন্ন খেলত বিশেষজ্ঞ বোলিং কোচ হিচাপে তেওঁ কাম কৰিছে৷
২০২১ৰ পৰা ২০২৪ চন পৰ্যন্ত বিচিচিআইৰ নেশ্ব্যনেল ক্ৰিকেট একাডেমিৰ কোচিং কাঠামোৰ গুৰুত্বপূৰ্ণ সদস্য আছিল বহুতুল৷ এই সময়ত দেশৰ একাধিক তৰুণ স্পিনাৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেওঁ৷ ১৯৮৮ চনত যেতিয়া শচীন তেণ্ডুলকাৰ, বিনোদ কাম্বলিয়ে স্কুল ক্ৰিকেটত ৬৬৪ ৰানৰ ঐতিহাসিক যুঁটি গঢ়িছিল তেতিয়া তেওঁ প্ৰতিপক্ষ চেণ্ট জেভিয়াৰ্ছ হাইস্কুল দলৰ বলাৰসকলৰ মাজত আছিল৷
নতুন দায়িত্ব পোৱাৰ পাছত বহুতুলে জনাইছে যে ভাৰতীয় দলৰ স্পিন বোলিং কোচ হিচাপে নিৰ্বাচিত হোৱা তেওঁৰ বাবে অত্যন্ত সন্মানৰ বিষয়৷ তেওঁ বিশ্বাস কৰে যে বৰ্তমান ভাৰতীয় দলত থকা প্ৰতিভাৱান স্পিনাৰসকলৰ সৈতে কাম কৰি আগন্তুক দিনত ভাৰতৰ স্পিন আক্ৰমণক আৰু শক্তিশালী কৰি তোলা সম্ভৱ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















