জাপানৰ কাৱাগে চহৰত নিৰ্মাণ কৰা এটা মছজিদে পাকিস্তান আৰু পাকিস্তানীসকলক লজ্জানত কৰিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত পাকিস্তানৰ ৰাষ্ট্ৰদূত আব্দুল হামিদৰ উপস্থিতিত উদ্বোধন কৰা মছজিদটো এতিয়া ভাঙি পেলোৱাৰ হ’ব। স্থানীয় কৰ্তৃপক্ষই অভিযোগ কৰিছে যে মছজিদটো অবৈধভাৱে আৰু প্ৰয়োজনীয় অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল।
কাৱাগে চিটি হলে এক আনুষ্ঠানিক বিবৃতিত কৈছে যে “মছজিদটো নগৰ উন্নয়ন নিয়ন্ত্ৰণ অঞ্চলত নিৰ্মাণ কৰা হৈছিল, য’ত টাউন প্লেনিং আইনৰ অধীনত বিশেষ অনুমতি নোলোৱালৈকে সাধাৰণতে নিৰ্মাণ নিষিদ্ধ আছিল।” বিবৃতিটোত আৰু কোৱা হৈছে যে এই ভৱনটো মহানগৰ প্ৰশাসনৰ অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছে। চিটি হলে মছজিদটো ভাঙি পেলোৱাৰ বাবে সংশ্লিষ্ট পক্ষৰ পৰা অনুৰোধ লাভ কৰিছে আৰু প্ৰস্তাৱটো পুনৰীক্ষণৰ বাবে গ্ৰহণ কৰি লৈছে।
মছজিদৰ পৰা আঁতৰি থাকিল পাকিস্তানৰ দূতাবাস
মছজিদটো অবৈধ বুলি প্ৰকাশ পোৱাটোৱে টকিঅ’ত থকা পাকিস্তানৰ দূতাবাসৰ বাবে যথেষ্ট লাজৰ বিষয় হিচাপে সৃষ্টি হৈছে। বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে মছজিদ প্ৰকল্পৰ পৰা নিজকে আঁতৰাই ৰাখিছে পাকিস্তানৰ দূতাবাসে। এক বিবৃতিত দূতাবাসে কয় যে জাপানৰ আইন উলংঘা কৰা প্ৰকল্পৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে পাকিস্তানী সম্প্ৰদায়ক জাপানৰ নিয়ম সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনাইছে।
পাকিস্তানী সম্প্ৰদায়ক আইন মানি চলিবলৈ আহ্বান
টকিঅ’ত থকা পাকিস্তানী দূতাবাসে ১ জুনত এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, “পাকিস্তানৰ দূতাবাসে জাপানত বাস কৰা পাকিস্তানী সম্প্ৰদায়ক আন্তৰিকতাৰে অনুৰোধ কৰিছে, তেওঁলোকে সকলো বিষয়তে জাপানৰ আইন সম্পূৰ্ণৰূপে মানি চলিব লাগিব, বিশেষকৈ উপাসনাস্থলী নিৰ্মাণৰ ক্ষেত্ৰত। স্থানীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ কোনো নিৰ্মাণ প্ৰকল্প আৰম্ভ কৰিব নোৱাৰিব।”
পাকিস্তানৰ বাবে বিপদ ইয়াতেই শেষ নহয়। দূতাবাসে মছজিদ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰদূতগৰাকীৰ অংশগ্ৰহণৰ বিষয়েও স্পষ্ট কৰিব লগা হৈছিল। দূতাবাসে উল্লেখ কৰে যে জাপানৰ আইন অনুসৰি সকলো অনুমোদন লাভ কৰা বুলি জনোৱাৰ পিছত ৩ এপ্ৰিলত মছজিদ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰদূত আব্দুল হামিদে অংশগ্ৰহণ কৰিছিল।
জাপানৰ দূতাবাসে আৰু কয় যে, “এনে সকলো প্ৰকল্পৰ তথ্য আইনী দিশেৰে সকলো সম্প্ৰদায়ৰ সদস্য আৰু অঞ্চলটোৰ বাসিন্দালৈ প্ৰচাৰ কৰা উচিত। পাকিস্তান দূতাবাসে সংশ্লিষ্ট সকলোকে জাপান কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু সকলো পৰিস্থিতিত জাপানৰ আইন মানি চলিবলৈ কঠোৰ আহ্বান জনাইছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















