বাটৰুৱা কুকুৰৰ এটা প্ৰজাতিৰ বাবে সমুখ সমৰত লিপ্ত হৈছে আমেৰিকাৰ দুখন দেশ ব্ৰাজিল আৰু মেক্সিকো। আচলতে পাতল কফি ৰঙৰ কেৰমেল নামৰ বিশেষ প্ৰজাতিৰ কুকুৰবিধক লৈ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আৰম্ভ হৈছে বিবাদ। ২০১৯ত ব্ৰাজিলত কেৰমেল প্ৰজাতিৰ বাটৰুৱা কুকুৰবিধৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পিছতে কেৰমেল প্ৰজাতিৰ কুকুৰবিধৰ জনপ্ৰিয়তা দেশখনত ইমানেই বৃদ্ধি হৈছিল যে দেশখনৰ মুদ্ৰাতো কেৰমেলৰ ফটো সন্নিৱিষ্ট কৰাৰ বাবে দাবী উত্থাপন হৈছিল। ব্ৰাজিলৰ নোটত এই বিশেষ প্ৰজাতিৰ কুকুৰটোৰ ফটো সন্নিৱিষ্ট কৰাৰ দাবীত দেশখনৰ ৫০ হাজাৰতকৈও অধিক লোকে স্বাক্ষৰ কৰিছিল। কেৱল এয়াই নহয় ২০২৩চনত দেশখনৰ সংসদত কেৰমেল নামৰ কুকুৰৰ প্ৰজাতিটোক দেশখনৰ গৌৰৱ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এখন বিধেয়কো উত্থাপিত হৈছিল। অৱশ্যে বিধেয়কখন এই পৰ্যন্ত দেশখনৰ সদনত পাৰিত হোৱা নাই। ব্ৰাজিলৰ প্ৰধান চহৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ এখন DOG PARKতো এই প্ৰজাতিৰ কুকুৰ চাবলৈ দেশখনৰ পৰ্যটকে ভিৰ কৰা দেখা যায়। ব্ৰাজিলৰ নাগৰিকে কেৰমেল প্ৰজাতিৰ কুকুৰটোক তেওঁলোকৰ দেশৰ গৌৰৱ হিচাপে মানি আহিছে।
কেৰমেলক লৈ মেক্সিকোৰে ব্ৰাজিলৰ কিয় আৰম্ভ হ’ল বিবাদ?
শেহতীয়াভাৱে ব্ৰাজিলৰ চুবুৰীয়া দেশ মেক্সিকোই দাবী কৰিছে যে কেৰমেল আচলতে মেক্সিকোৰহে স্থানীয় প্ৰজাতি। মেক্সিকোৰ এগৰাকী পৰিৱেশ কৰ্মী ক্লাউডিয়া এডৱাৰ্ডছৰ মতে ‘ব্ৰাজিলে কেৰমেলক বিশ্ব পৰ্যায়ত প্ৰথমে চিনাকি কৰাইছে ঠিকেই আছে কিন্তু কেৱল ব্ৰাজিলেই কেৰমেল নামৰ প্ৰজাতিটোৰ ওপৰত কৰ্তৃত্ব দেখুৱাব নোৱাৰে। দৰাচলতে কেৰমেল সমগ্ৰ লেটিন আমেৰিকাৰ।’ মেক্সিকোৰ এই দাবীৰ পিছতে জাঙুৰ খাই উঠিছে ব্ৰাজিলিয়ানসকল। মেক্সিকোৰ এই দাবীক পোনছাটেই খণ্ডন কৰি ব্ৰাজিলৰ সাংস্কৃতিক পৰিচয় বহন কৰা কেৰমেলক মেক্সিকোই কাঢ়ি নিয়াৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ