লাইচেন্স বা পঞ্জীয়ন অবিহনে বাহন চলোৱাৰ ঘটনা আমাৰ দেশত নতুন নহয়। ভুৱা লাইচেন্স দেখুৱাই বাহন চলোৱা বা ভুৱা লাইচেন্সৰ বাবে জে’ললৈ যোৱাৰ ঘটনাও আমাৰ দেশত সাধাৰণ ঘটনা হিচাপেই ধৰা হয়। কিন্তু পাইলটৰ ভুৱা লাইচেন্স দেখুৱাই বিমান কোম্পানীত পাইলটৰ চাকৰি কৰা আৰু বিমান উৰুওৱা খবৰ কেতিয়াবা আপুনি শুনিছেনে? কল্পনা কৰকচোন, কোনো এঠাইলৈ আপুনি বিমানেৰে গৈ থকা সময়ত মাজ আকাশত গম পালে যে আপুনি যিখন বিমানত যাত্ৰা কৰিছে সেই বিমানখন পৰিচালনা কৰা পাইলটজনৰ লাইচেন্সখন ভুৱা। তেনেহলে আপোনাৰ কি অৱস্থা হ’ব পাৰে? কিন্তু এবাৰ বা দুবাৰ নহয়, সুদীৰ্ঘ ১৭ বছৰে এনেকৈ পাইলটৰ ভুৱা লাইচেন্সৰে বিমান উৰুওৱাই এতিয়া ৰঙাঘৰৰ আলহী হৈছে এজন ভুৱা পাইলট।
ক’ত সংঘটিত হৈছে এই ঘটনা?
এই ঘটনা সংঘটিত হৈছে কানাডাত। এয়াৰ কানাডাত পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰা জেফ্ৰি ৱাল নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰমাণিত হৈছে এই অভিযোগ। এয়াৰলাইন ট্ৰান্সপ’ৰ্ট পাইলট লাইচেন্স অবিহনেই সুদীৰ্ঘ ১৭ বছৰে লাখ লাখ যাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলা জেফ্ৰি ৱালৰ বিৰুদ্ধে সম্প্ৰতি কেইবাটাও ধাৰাত চলিছে গোচৰ। এই ১৭ বছৰত জেফ্ৰীয়ে প্ৰায় ৯০০ বাৰ বিমান উৰুৱাইছে। ইয়াৰ ভিতৰত ৫০০০ ডলাৰতকৈও অধিক মূল্যৰ প্ৰৱঞ্চনা, ভুৱা তথ্য যোগান, নথি জালিয়াতিকে ধৰি আছে কেইবাটাও অভিযোগ। জেফ্ৰি ৱাল নামৰ এই প্ৰৱঞ্চকজনে ১৯৯৮ চনত ভুৱা তথ্য যোগানেৰে এভিয়েশ্যন কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। ২০০৯ত পুনৰ ভুৱা তথ্য যোগান ধৰি পাইলট ইন কমাণ্ড হিচাপে পদোন্নতি লাভ কৰিছিল। পাইলটজনৰ এই প্ৰৱঞ্চনাৰ কথা পোহৰলৈ অহাৰ পিছতে এয়াৰ কানাডাই জেফ্ৰী ৱালক বৰ্খাস্ত কৰে। এই প্ৰৱঞ্চক পাইলটজনক ২৯ জুনত দেশখনৰ আদালতত হাজিৰ কৰোৱা হ’ব।
জেফ্ৰি ৱালৰ প্ৰৱঞ্চনাৰ কাহিনী ২০২৫ত প্ৰথমবাৰলৈ পোহৰলৈ আহে। কানাডাৰ পিয়াৰ্ছন বিমানবন্দৰত ট্ৰান্সপ’ৰ্ট কানাডাৰ অধিনিয়ম অনুসৰি হোৱা নিয়মিত তদন্তত জেফ্ৰিৰ নথিত তদন্তকাৰী দলৰ সন্দেহ উপজে। ইয়াৰ পিছতে বিস্তৃতভাৱে কৰা তদন্তত জোলোঙাৰ মেকুৰী ভালকৈয়ে ওলাই পৰে
এই প্ৰতিবেদন যুগুটাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















