‘চুপা-চুপি’ আহি আছে, পিছে আপুনি খোলা-খুলিকৈয়ে যাব পাৰিব ছবিগৃহলৈ। মাজত মাথোঁ আৰু এটা দিন। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ১২ জুনত ছবিগৃহলৈ আহিব বিগ বাজেটৰ এখন অসমীয়া ছবি ‘চুপা-চুপি’। ইয়াৰ পূৰ্বে আজি বেলতলাৰ মেট্ৰিক্স চিনেমাজত প্ৰদৰ্শিত হয় ছবিখনৰ প্ৰীমিয়াৰ শ্ব’। মুক্তিৰ পূৰ্বেই ৰাজ্যজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰা ‘চুপা-চুপি’ৰ প্ৰীমিয়াৰ শ্ব’ত উপস্থিত থাকে ছবিখনৰ শিল্পী, কলা-কুশলীকে ধৰি অসমীয়া ছবিজগতৰ বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰী, সংগীত শিল্পীকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তি।
‘চুপা-চুপি’ত কি কি পাব?
প্ৰযুক্তিৰ উত্তৰণ আৰু নগৰমুখী হ’বলৈ ধৰা অসমখনে লাহে লাহে যেন হেৰুৱাই পেলাইছে নিভাঁজ অসমীয়া গাঁও একোখনৰ ছবি। ছবিখনৰ জৰিয়তে অসমৰ দৰ্শক ৰাইজে প্ৰায় ২.৪০ মিনিট সময়ৰ বাবে হ’লেও যে পুনৰ সেই নিভাঁজ অসমীয়া গাঁও এখনৰ মাজলৈ সোমাই যাব তাত কোনো সন্দেহ নাই। সমান্তৰালভাৱে ছবিখন মুক্তিৰ পূৰ্বেই এটা হাঁহক লৈও অসমৰ চলচ্চিত্ৰপ্ৰেমীৰ মাজত চলি আছে ব্যাপক চৰ্চা। ছবিখনৰ কাহিনীভাগত হাঁহটোৰ ভূমিকা কি তাক লৈও চলচ্চিত্ৰপ্ৰেমীৰ মাজত অব্যাহত আছে উৎসুকতা। ইতিমধ্যে একেই নামেৰে পূৰ্বতে সমাদৰ লাভ কৰা ৱেব ছিৰিজখনৰ দৰেই মুক্তি পাবলগীয়া ছবিখনৰ কাহিনীভাগৰ প্ৰতিটো দৃশ্যতে দৰ্শকে পাব ছাছপেন্স আৰু হাস্যৰসৰ লগতে বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি।
কোনে কোনে অভিনয় কৰিছে ‘চুপা-চুপি’ত?
DJ ENTERTAINMENT আৰু ATLAS CREATIONৰ বেনাৰত নিৰ্মাত ‘চুপা-চুপি’ৰ পৰিচালনা প্ৰণৱ ভৰালীৰ। ছবিখনৰ কাহিনীও লিখিছে পৰিচালক প্ৰণৱ ভৰালীয়েই। আনহাতে ছবিখন প্ৰযোজনা কৰিছে নৃপেন দাস আৰু ঋষিকেশ পাটগিৰিয়ে। ‘চুপা-চুপি’ৰ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে অসমীয়া চলচ্চিত্ৰজগতৰ প্রথিতযশা অভিনেতা অৰুন নাথে। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে কমল লোচন, হিমাংশু প্ৰসাদ দাস, স্নিগ্না গগৈ, সপ্তৰ্ষী গগৈ, জিণ্টু কুমাৰ কাশ্যপ, বৈভৱী গোস্বামী, কৌশিক ভাৰদ্বাজৰ লগতে বহুকেইগৰাকী নবীন-প্ৰবীণ অভিনেতা-অভিনেত্ৰীয়ে। ‘চুপা-চুপি’ৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শিশু শিল্পী হৃদিশা তালুকদাৰে। ছবিখনৰ মন পৰশা গানকেইটাত কণ্ঠ নিগৰাইছে দীক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ, নীল আকাশ, দ্বীপান্বিতা ডেকা, বিশ্ৰুত শইকীয়াই। ইতিমধ্যে ছবিখনৰ আটাইকেইটা গানকে বিপুলভাৱে আদৰি লৈছে ৰাজ্যৰ সংগীতগ্ৰেমী ৰাইজে। ছবিখনত সংগীতৰ কাম কৰিছে কলাসূৰ্য গগৈয়ে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ