এনে বহু উদ্যোগপতি আছে যাৰ শৈশৱ, কিশোৰ অত্যন্ত দৰিদ্ৰতাৰে পাৰ হৈছে। বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি তেওঁলোকে সফলতাৰ উচ্চতম শিখৰত উপনীত হৈছে। তেনে এগৰাকী উদ্যোগীৰ বিষয়ে আজিৰ এই লেখাটোত ক’বলৈ ওলাইছো। তেওঁৰ নাম সত্য শংকৰ। কৰ্ণাটকৰ বেল্লাৰে গাঁৱৰ বাসিন্দা সত্য শংকৰে দাৰিদ্ৰতাক পৰাস্ত কৰি সম্প্ৰতি এক বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছে। বৰ্তমানৰ শীতল পানীয় উদ্যোগত তেওঁ এক পৰিচিত নাম। ‘বিন্দু ফিজ জিৰা মছলা’ প্ৰস্তুত কৰা SG কৰ্প’ৰেটছৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ সফলতাৰ এক অনন্য উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁৰ কোম্পানীৰ ব্যৱসায়িক মূল্য প্ৰায় ৯০০ কোটি টকা। ১৯৮৪ চনত ১৮ বছৰ বয়সত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল সত্য শংকৰে। কিন্তু ইয়াৰ পিছত আৰ্থিক সংকটৰ বাবে পঢ়া-শুনা এৰিবলগীয়া হৈছিল তেওঁ। তেওঁৰ পিতৃ গাঁৱৰ এজন দৰিদ্ৰ পূজাৰী আছিল। পৰিয়ালৰ আৰ্থিক অৱস্থাই উচ্চ শিক্ষা অব্যাহত ৰখাৰ সুযোগ নিদিলে কিন্তু সত্য শংকৰে হতাশ নহ’ল।
অটো-ৰিক্সাৰে জীৱনত প্ৰথম উপাৰ্জন কৰিছিল সত্য শংকৰে
চৰকাৰী আঁচনিৰ অধীনত ঋণ লৈ সত্য শংকৰে এখন অটো-ৰিক্সা ক্ৰয় কৰে। এয়া তেওঁৰ বাবে কেৱল এখন বাহন নাছিল, দাৰিদ্ৰতাৰ পৰা ওলাই অহাৰ এক সুযোগ আছিল।
এবছৰ ধৰি কঠোৰ পৰিশ্ৰমেৰে অটো ৰিক্সাখন চলাই তেওঁ অটোখনৰ ঋণ পৰিশোধ কৰে। তাৰ পিছত অটোখন বিক্ৰী কৰি এখন এম্বেচাডৰ বাহন কিনে আৰু টেক্সি চালক হিচাপে বিভিন্ন ৰাজ্যলৈ যাতায়াত আৰম্ভ কৰে। এই সময়ছোৱাত বিদেশী পৰ্যটকসকল যাত্ৰী হিচাপে লগ পাওতে তেওঁ এটা গুৰুত্বপূৰ্ণ কথা লক্ষ্য কৰে যে সকলো বিদেশী পৰ্যটকে পেকেটজাত বিশুদ্ধ খোৱা পানীহে কিনে। এই ঘটনাই তেওঁৰ মনত এটা ব্যৱসায়িক চিন্তাৰ জন্ম দিয়ে—‘বিশুদ্ধ পানীৰ ব্যৱসায়’।
স্পেয়াৰ পাৰ্টছৰ দোকান আৰু সত্য শংকৰৰ নতুন দিগন্ত
১৯৮৮ চনত তেওঁৰ এম্বেচাদৰ বাহনখনো বিক্ৰী কৰি পুত্তৰত এখন সৰু অটোম’বাইল স্পেয়াৰ পাৰ্টছৰ দোকান আৰম্ভ কৰে। পিছত লক্ষ্য কৰে যে যিসকল গ্ৰাহকে স্পেয়াৰ পাৰ্টছ কিনে, তেওঁলোকক টায়াৰৰো প্ৰয়োজন হয়। সেয়ে তেওঁ একেলগে এখন টায়াৰৰ দোকানো মুকলি কৰে। ব্যৱসায় চলোৱাৰ সময়ত তেওঁ বুজি পায় যে বহু কৃষক আৰু স্থানীয় গ্ৰাহকে কিস্তিত ধন পৰিশোধ কৰে। এই অভিজ্ঞতাই তেওঁক বিত্তীয় ব্যৱসায়ৰ দিশে আগুৱাই নিয়ে। ১৯৯৪ চনত সত্য শংকৰে ‘প্ৰবীণ কেপিটেল’ নামৰ এটা ফাইনেন্স কোম্পানী আৰম্ভ কৰে। আন ফাইনেন্স কোম্পানীবোৰে উপেক্ষা কৰা পুৰণি গাড়ী আৰু অটো-ৰিক্সাৰ বাবে তেওঁ ঋণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। নিজে চালক হিচাপে জীৱন কটাই অহাৰ বাবে তেওঁ গ্ৰাহকৰ সমস্যাবোৰ ভালদৰে বুজিছিল।
কষ্ট কৰি গ’লে এদিন সপোন বাস্তৱলৈ ৰূপান্তৰিত হ’বই
বিশুদ্ধ পানীৰ ব্যৱসায়ৰ চিন্তাটো প্ৰায় ১৫ বছৰ ধৰি তেওঁৰ মনত পুহি ৰাখিছিল। অৱশেষত ২০০০ চনত তেওঁ পুত্তৰৰ ওচৰৰ নৰিমোগেৰু গাঁৱত এটা পানীয় উৎপাদন কাৰখানা স্থাপন কৰে। অধিক বৰষুণ হোৱা অঞ্চল বাছি লৈ তেওঁ নিজৰ ব্ৰেণ্ডৰ নাম ৰাখে ‘বিন্দু’। কিন্তু কেৱল পানী বিক্ৰী কৰিয়েই তেওঁ সন্তুষ্ট নাছিল। উত্তৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁ এখন সৰু দোকানত চোডাৰ সৈতে জিৰা গুড়ি আৰু নিমখ মিহলাই বিক্ৰী কৰা এটা পানীয়ৰ স্বাদ লয়। এই ৰেচেপিটোক আধাৰ কৰি তেওঁ নিজৰ এটা ৰেচিপি তৈয়াৰ কৰে। ইয়াৰ ফলস্বৰূপে জন্ম হয় ‘বিন্দু ফিজ জিৰা মছলা’ৰ।
ব্যৰ্থতা পালেও কিন্তু হাৰ মনা নাছিল
কোনো ব্যৱসায়েই আৰম্ভ কৰাৰ লগে লগে সফলতা লাভ নকৰে। সফলতাৰ বাবে লাগিব অধ্যাৱসায় আৰু ধৈৰ্য। বজাৰত প্ৰথম অৱস্থাত সত্য শংকৰৰ এই পানীয়ৰো বিশেষ চাহিদা নাছিল। ২০০ বাকচ বজাৰলৈ পঠিয়ালে প্ৰায় ১০০ বাকচ উভতি আহিছিল। বহুজাতিক শীতল পনীয়ৰ কোম্পানী কোকা-কোলা আৰু পেপছিয়ে বজাৰ দখল কৰি ৰাখিছিল। কিন্তু সত্য শংকৰে হাৰ মানি যোৱা নাছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰতীয় গ্ৰাহকে স্থানীয় স্বাদ বিচাৰে। বিজ্ঞাপনৰ বাবে ডাঙৰ বাজেট নথকাৰ বাবে তেওঁ নিজেই ৰাজপথৰ কাষত দেৱালত পোষ্টাৰ অংকন কৰি প্ৰচাৰ চলাইছিল। অৱশেষত লাহে লাহে ‘বিন্দু ফিজ’ৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে।
বৰ্তমান ৯০০ কোটি টকাৰ সাম্ৰাজ্য সত্য শংকৰৰ
বৰ্তমান ৬১ বছৰীয়া সত্য শংকৰৰ SG কৰ্প’ৰেটছ গোটৰ বাৰ্ষিক টাৰ্ণঅ’ভাৰ প্ৰায় ৯০০ কোটি টকা। ইয়াৰ ভিতৰত ‘হাউছ অব বিন্দু’ (পানীয় আৰু স্নেক্স)ৰ পৰা প্ৰায় ৫৭০ কোটি টকা আৰু ‘প্ৰবীণ কেপিটেল’ৰ পৰা প্ৰায় ৩৩০ কোটি টকা আয় হয়। বৰ্তমান তেওঁৰ কোম্পানীয়ে জিৰা মছলা, আমৰ ৰস, বিভিন্ন স্নেক্সকে ধৰি ৫৫ৰো অধিক সামগ্ৰী উৎপাদন কৰে। কৰ্ণাটক আৰু তেলেংগানাত তেওঁলোকৰ কাৰখানা আছে আৰু অন্ধ্ৰপ্ৰদেশতো নতুন কাৰখানাৰ নিৰ্মাণ চলি আছে।
সফলতাৰ মূলমন্ত্ৰ
সত্য শংকৰৰ কাহিনী আন বহু ব্যৱসায়ীৰ দৰে নিয়ম ভংগ কৰাৰ গল্প নহয়। তেওঁ স্থানীয় সম্পদ, স্থানীয় স্বাদ আৰু স্থানীয় মানুহৰ ওপৰত ভৰসা কৰিয়েই ব্যৱসায়ত আগবাঢ়িছিল।
তেওঁ গাঁৱত কাৰখানা স্থাপন কৰি স্থানীয় লোকসকলক কৰ্মসংস্থান দিছে। চাকৰিৰ সন্ধানত যাতে মানুহে নিজৰ ঘৰ-গাঁও এৰিব নালাগে, তাৰ বাবেই তেওঁ গাঁৱতেই উদ্যোগ গঢ়ি তুলিছিল।
তেওঁ বিদেশী পানীয়ৰ নকল নকৰি ভাৰতীয় স্বাদৰ ওপৰত আস্থা ৰাখিছিল। সত্য শংকৰৰ জীৱন কাহিনীয়ে প্ৰমাণ কৰে যে সফল হ’বলৈ ডাঙৰ ডিগ্ৰী বা মহানগৰত বাস কৰাৰ প্ৰয়োজন নাই। এটা ভাল চিন্তা, কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু নিজৰ ওপৰত বিশ্বাস থাকিলেই সফলতা সম্ভৱ। অটো-ৰিক্সাৰ ষ্টিয়াৰিঙৰ পৰা আৰম্ভ কৰি আজিৰ ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ—সত্য শংকৰৰ যাত্ৰাই দেখুৱাইছে যে জীৱনৰ সৰ্বশ্ৰেষ্ঠ সুযোগবোৰ বহু সময়ত আমাৰ চাৰিওফালেই লুকাই থাকে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ