ফুটবল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু সমান্তৰালভাৱে কঠিন খেলসমূহৰ ভিতৰত অন্যতম। ফুটবলত খেলুৱৈসকলৰ আঘাত পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। বিশেষকৈ ভৰি বা শৰীৰৰ আন গুৰুত্বপূৰ্ণ অংশত গুৰুতৰ আঘাত পালে এজন খেলুৱৈৰ সমগ্ৰ কেৰিয়াৰ বিপদত পৰিব পাৰে। এনে পৰিস্থিতিত খেলুৱৈসকলৰ বাবে শৰীৰৰ বিভিন্ন অংগৰ বীমা এক গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। বিশ্ব ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু নেইমাৰ জুনিয়ৰৰ দৰে বহু খেলুৱৈয়ে নিজৰ ভৰিৰ বীমা কৰাই ৰাখিছে।
ভৰিখনেই এজন ফুটবলাৰৰ আটাইতকৈ ডাঙৰ সম্পদ
এজন ফুটবলাৰৰ বাবে তেওঁৰ ভৰি দুখনেই আটাইতকৈ ডাঙৰ অস্ত্ৰ আৰু সম্পজ। এটা সুন্দৰ কিক, নিখুঁত পাছ বা চমৎকাৰ ড্ৰিবলিং—এই সকলোবোৰ ভৰিৰ ওপৰতেই নিৰ্ভৰশীল। সেয়েহে ভৰিত সামান্য আঘাতেও খেলুৱৈজনৰ কেৰিয়াৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। ফুটবল এতিয়া কেৱল খেল নহয়, ই এটা বহু কোটি টকাৰ উদ্যোগ। খেলুৱৈসকলে ক্লাব, বিজ্ঞাপন, স্প’নছৰশ্বিপ আৰু বিভিন্ন বাণিজ্যিক চুক্তিৰ জৰিয়তে বিপুল আয় কৰে। যদি কোনো খেলুৱৈৰ কেৰিয়াৰ আঘাতৰ বাবে ক্ষতিগ্ৰস্ত হয়, তেন্তে কেৱল তেওঁৰ আয়েই নহয়, তেওঁক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ব্যৱসায়িক স্বাৰ্থসমূহো ক্ষতিগ্ৰস্ত হয়।
এটা আঘাতে কৰে কোটি কোটি টকাৰ ক্ষতি
ফুটবল অতি শাৰীৰিক সংস্পৰ্শপূর্ণ খেল। ৯০ মিনিটৰ খেলত খেলুৱৈসকলে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিবলগীয়া হয়। দৌৰা-দৌৰি, টেকল, সংঘৰ্ষ আদি কাৰণত গুৰুতৰ আঘাতৰ আশংকা সদায় থাকে। ইতিহাসত বহু প্ৰতিভাৱান ফুটবলাৰৰ কেৰিয়াৰ গুৰুতৰ আঘাতৰ বাবে সময়ৰ আগতেই সমাপ্ত হৈছে। মাৰ্কো ভান বাস্টেন আৰু আবু ডিয়াবি ইয়াৰ উল্লেখযোগ্য উদাহৰণ। এনে আঘাতৰ পৰা আৰ্থিক সুৰক্ষা লাভৰ বাবে শৰীৰৰ বিভিন্ন অংগৰ বীমা এক উত্তম বিকল্প।
শৰীৰৰ অংগৰ বীমা কি?
শৰীৰৰ অংগৰ বীমা মূলতঃ ডিছএবিলিটি ইন্স্যুৰেন্সৰ এটা বিশেষ ৰূপ। কোনো ব্যক্তিয়ে ভবিষ্যতে আঘাত বা অক্ষমতাৰ বাবে কাম কৰিব নোৱাৰিলে এই বীমাই আৰ্থিক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে। এই ধৰণৰ বীমা সাধাৰণ মানুহৰ বাবে উপলব্ধ নহয়। ই সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰা হয় আৰু ইয়াৰ প্ৰিমিয়ামো যথেষ্ট ব্যয়বহুল।
কোন ফুটবলাৰৰ ভৰিৰ মূল্য কিমান?
বিভিন্ন তথ্যৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি লিঅ’নেল মেছিৰ বাওঁ ভৰিৰ বীমা মূল্য প্ৰায় ৯০০ মিলিয়ন ডলাৰ, ভাৰতীয় হিচাপত এই মূল্য প্ৰায় ৭,৭৪০ কোটি টকা।
আনহাতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোই নিজৰ দুয়োখন ভৰিৰ বীমা প্ৰায় ১৪৪ মিলিয়ন ডলাৰত (প্ৰায় ১,২৩৮ কোটি) কৰাইছিল।
ডেভিড বেকহামে খেলি থকা সময়ত নিজৰ দুয়োখন ভৰিৰ বীমা প্ৰায় ১৯৫ মিলিয়ন ডলাৰত (প্ৰায় ১,৬৭৭ কোটি) কৰাইছিল। গেৰেথ বেলৰ বাওঁ ভৰিৰ বীমাৰ মূল্য প্ৰায় ১৩২ মিলিয়ন ডলাৰ (প্ৰায় ১,১৩৫ কোটি)। নেইমাৰ জুনিয়ৰৰ দুয়োখন ভৰিৰ বীমা প্ৰায় ১২০ মিলিয়ন ডলাৰত (প্ৰায় ১,০৩২ কোটি) কৰা হৈছে।
বীমাকৃত ফুটবলাৰে আঘাতৰ সময়ত কি সুবিধা পায়?
যদি কোনো বীমাকৃত ফুটবলাৰৰ ভৰিত গুৰুতৰ আঘাত লাগে, তেন্তে চিকিৎসাৰ ব্যয় বীমা কোম্পানীয়ে বহন কৰে। আঘাতৰ ফলত যদি খেলুৱৈজনৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সমাপ্ত হয়, তেন্তে চুক্তি অনুসৰি বীমা কোম্পানীয়ে ক্ষতিপূৰণ দিব লাগে। এই কাৰণেই বৰ্তমান বহু ক্লাবেও নিজৰ খেলুৱৈসকলক এনে বীমা কৰাবলৈ উৎসাহিত কৰে।
বীমাৰ কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত
ফুটবলাৰৰ বিভিন্ন অংগৰ বীমাৰ ক্ষেত্ৰত কিছুমান বিশেষ চৰ্ত থাকে। সাধাৰণতে এই বীমা কেৱল FIFA-স্বীকৃত প্ৰতিযোগিতা বা ক্লাবৰ আনুষ্ঠানিক খেলৰ ক্ষেত্ৰত প্ৰযোজ্য। প্ৰদৰ্শনীমূলক (Exhibition) বা প্ৰচাৰমূলক (Promotional) খেলসমূহ সাধাৰণতে এই বীমাৰ আওতাত নাথাকে। সেয়েহে বহু তাৰকা ফুটবলাৰে ফ্ৰেণ্ডলি বা আমন্ত্ৰণমূলক খেলত অংশগ্ৰহণ কৰোঁতে সাৱধানতা অৱলম্বন কৰে। কাৰণ, এনে খেলত আঘাত পালে বীমাৰ সুবিধা নাপাবও পাৰে আৰু তাতেই বৃহৎ আৰ্থিক ক্ষতি হ’ব পাৰে। আধুনিক ফুটবলত এজন খেলুৱৈৰ ভৰি কেৱল শৰীৰৰ এটা অংশ নহয়, বৰং কোটি কোটি টকাৰ সম্পদ। সাম্প্ৰতিক ফুটবলৰ ব্যস্ততাপূৰ্ণ সূচী, কঠিন প্ৰকৃতি আৰু আঘাতৰ দিশটোৰ কথা চিন্তা কৰিলে শৰীৰৰ অংগৰ বীমা তাৰকা ফুটবলাৰসকলৰ বাবে এক অত্যাৱশ্যকীয় আৰ্থিক সুৰক্ষা ব্যৱস্থা হিচাপে পৰিগণিত হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















