ড্ৰাইভিং লাইচেন্স (DL) পোৱাৰ প্ৰক্ৰিয়া অধিক সহজ আৰু স্বচ্ছ কৰিবলৈ চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়া আহি গ’ল ড্ৰাইভিং লাইচেন্সৰ নতুন SOP, এতিয়াৰে পৰা সহজে নাপাব ড্ৰাইভিং লাইচেন্স।

ড্ৰাইভিং লাইচেন্সৰ বাবে DTO অফিচত দালালৰাজ নচলিব। এতিয়া DTO অফিচ সম্পূৰ্ণৰূপে দালাল মুক্ত কৰা হ’ব। RTOঅফিচতো নাথাকিব দালালৰাজ। কঠোৰ নিৰ্দেশনা জাৰি মন্ত্ৰী চৰণ বড়োৱে।

চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক। এতিয়াৰ পৰা বাধ্যতামূলক হ’ব অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট।

ইপিনে অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে কঠোৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো। অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। ড্ৰাইভিং লাইচেঞ্চ পাবলৈ পৰীক্ষা দিব লাগিব আৱেদনকাৰীয়ে।

আপুনি যিখন জিলাৰ বাসিন্দা, সেই জিলাৰ পৰাহে ল’ব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজে গৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং টেষ্ট। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলা সমূহত ট্ৰেক নিৰ্মাণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













