আশী আৰু নব্বৈৰ দশকৰ সুন্দৰ অভিনেত্ৰীৰ বহুতো কাহিনী আজিও চৰ্চাত। যিয়ে দেৱ আনন্দৰ পৰা আৰম্ভ কৰি ছানি দেওললৈকে সকলোৰে সৈতে কাম কৰিছিল। কিন্তু অমিতাভ বচ্চনৰ সৈতে এখন চিনেমাত পৰিচালকে এনে এটা দাবী কৰিছিল, যিয়ে তেওঁক স্তম্ভিত কৰি তুলিছিল। ইমান বছৰৰ মূৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰকৃত সত্য।
কেৰিয়াৰৰ প্ৰায় প্ৰতিজন ডাঙৰ তাৰকাৰ সৈতে কাম কৰা এই বলীউডৰ সুন্দৰীগৰাকীয়ে ১৯৯০ চনৰ এখন জনপ্ৰিয় ছবিত ঋষি কাপুৰৰ সৈতে বাথটাবৰ দৃশ্য এটা শ্বুটিং কৰাৰ কথা আছিল। কিন্তু পৰিচালকে তেওঁক বডিছুট খুলিবলৈ ক’লে। ইমান বছৰৰ পাছত ইয়াৰ আঁৰৰ কাৰণটো প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেত্ৰী সোণম খানে শেহতীয়াকৈ ‘আজুবা’ ছবিখনৰ বাথটাবৰ দৃশ্য এটাৰ বিষয়ে কিছু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। দৃশ্যটোৰ শ্বুটিঙৰ সময়ত তেওঁ সম্পূৰ্ণ সাজ-পোছাক পৰিধান কৰা বুলি কয় আৰু ছবিখনৰ প্ৰযোজকসকলে বহু চেষ্টা কৰাৰ পিছতো বডিছুট নোহোৱাকৈ শ্বুটিং কৰিবলৈ অস্বীকাৰ কৰে।
চলচ্চিত্ৰ জগত এৰি সোণমে বিবাহপাশত আবদ্ধ হয়। প্ৰেম জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ তেওঁ অমিতাভ বচ্চনৰ সৈতে কৰা এখন ছবিৰ এটা কাণ্ড শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ঋষি কাপুৰৰ সৈতে সহ অভিনয় কৰিছিল।
উল্লেখ্য যে ১৯৯১ চনত শশী কাপুৰ আৰু ছোভিয়েট চলচ্চিত্ৰ নিৰ্মাতা গেনাডী ভাচিলিয়েভৰ পৰিচালনাৰে নিৰ্মিত ‘আজুবা’ ছবিত অভিনয় কৰিছিল সোণম কাপুৰ, অমিতাভ বচ্চন, ঋষি কাপুৰ, ডিম্পল কাপাদিয়া, শম্মি কাপুৰ আৰু অমৃশ পুৰীয়ে। ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল ঋষি কাপুৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















