হিন্দু ধৰ্মত সোমবাৰটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত যদি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেন্তে নিয়ম অনুসৰি মহাদেৱক পূজা কৰক। সোমবাৰে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰি জীৱনৰ প্ৰতিটো সংকট দূৰ কৰিব পৰা যায়। পূজাৰ সময়ত শিৱলিংগক বিশেষ বস্তু আগবঢ়াব লাগে, সবিশেষ জানো আহক…
পূজাৰ নিয়ম
- ৰাতিপুৱা উঠি গা ধুই সূৰ্য দেৱতাক পানী আগবঢ়াওক
- তাৰ পিছত দৈ, গাখীৰ, ঘিউ, মৌ আৰু গংগা পানী মিহলাই শিৱলিংগত অভিষেক কৰক
- শিৱলিংগত বেলপাত, পান-তামোল, অক্ষত, ফলমূল আদি আগবঢ়াব
- ইয়াৰ পিছত শিৱলিঙৰ সন্মুখত ঘিউৰ চাকি জ্বলাই দিব
- মহাদেৱৰ আৰতি কৰি মন্ত্ৰ জপ কৰক
- শেষত ফল-মূল, মিঠাই আদি ভগৱান শিৱক অৰ্পণ কৰিব
- ইয়াৰ পিছত ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰক
- শেষত দৰিদ্ৰ ৰাইজৰ মাজত খাদ্য আৰু ধন দান কৰক
মহামৃত্যুঞ্জয় মন্ত্ৰৰ জপ কৰিও জীৱনৰ সকলো দুখ-সমস্যা দূৰ কৰিব পাৰে। আপুনি প্ৰতিদিনে “ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥” মন্ত্ৰটো জপ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














