মানুহে কেৱল ভোক নিবাৰণৰ বাবেই নাখায়; খাদ্য শৰীৰক শক্তি আৰু প্ৰয়োজনীয় পুষ্টি যোগানৰো আহিলা। সেয়ে কেৱল সুষম আৰু পুষ্টিকৰ আহাৰ খোৱাই যথেষ্ট নহয়, খোৱাৰ পিছত সঠিক অভ্যাস গঢ়ি তোলাও সমানে গুৰুত্বপূৰ্ণ। বহুতে অজানিতে খোৱাৰ লগে লগে এনে কিছুমান কাম কৰে, যাৰ ফলত হজম প্ৰক্ৰিয়াত খেলিমেলি হ’ব পাৰে আৰু শৰীৰে বিভিন্ন অস্বস্তিৰ সন্মুখীন হ’ব পাৰে। আহাৰ গ্ৰহণৰ পিছত শৰীৰে খাদ্য হজম কৰি তাৰ পুষ্টি উপাদানসমূহ শোষণ কৰাৰ কামত ব্যস্ত থাকে। এই সময়ত হজম তন্ত্ৰ অধিক সক্ৰিয় হৈ থাকে। ফলত কিছুমান ভুল অভ্যাসে এই স্বাভাৱিক প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে।
খোৱাৰ লগে লগে এই ভুলবোৰ নকৰিব
১. তৎক্ষণাত কষ্টকৰ ব্যায়াম নকৰিব
খোৱাৰ লগে লগে উচ্চ-তীব্ৰতাৰ ব্যায়াম কৰিলে পেটত বিষ, ক্ৰেম্প, বমি ভাব, বদহজম বা অস্বস্তি অনুভৱ হ’ব পাৰে। কাৰণ সেই সময়ত শৰীৰ খাদ্য হজম কৰাৰ কামত ব্যস্ত থাকে।
২. খুব দ্ৰুতগতিত খোজ কাঢ়িব নালাগে
আহাৰ গ্ৰহণৰ পিছতে অতি দ্ৰুতগতিত খোজ কাঢ়িলে কিছুমান লোকৰ হজমৰ সমস্যাই দেখা দিব পাৰে। যদি খোজ কাঢ়িব বিচাৰে, তেন্তে লাহে লাহে আৰু আৰামদায়ক গতিত খোজ কাঢ়ক।
৩. ৰাতিৰ আহাৰৰ পিছতে লগে লগে শুব নালাগে
ৰাতিৰ আহাৰ খোৱাৰ পিছতে শুই পৰিলে বা বিছনাত বাগৰি পৰিলে এছিড ৰিফ্লাক্স আৰু বুকুত জ্বলা-পোৰাৰ আশংকা বৃদ্ধি পায়।
৪. অত্যাধিক আহাৰ গ্ৰহণ নকৰিব
প্ৰয়োজনতকৈ বেছি আহাৰ খালে পেট গধুৰ লাগিব পাৰে, গেছ, বদহজম আৰু অন্যান্য হজমজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়ে সদায় পৰিমিত পৰিমাণে আহাৰ গ্ৰহণ কৰাটো উত্তম।
খোৱাৰ কিমান সময়ৰ পিছত খোজ কঢ়া, ব্যায়াম আৰু শোৱা উচিত?
খোৱাৰ পিছত লাহে লাহে অলপ খোজ কাঢ়িলে উপকাৰ হ’ব পাৰে। কিন্তু জোৰেৰে খোজ কঢ়া বা কষ্টসাধ্য ব্যায়াম কৰাৰ আগতে অন্ততঃ ১ৰ পৰা ২ ঘণ্টা অপেক্ষা কৰাটো ভাল। আনহাতে, ৰাতিৰ আহাৰ খোৱাৰ পিছত ২ৰ পৰা ৩ ঘণ্টা পাছত শুবলৈ পৰামৰ্শ দিয়া হয়। ইয়াৰ ফলত খাদ্য ভালদৰে হজম হোৱাৰ সময় পায় আৰু এছিড ৰিফ্লাক্সৰ আশংকাও কমে।
খোৱাৰ সময়ত কি কি কথা মনত ৰাখিব?
আহাৰ সদায় লাহে লাহে আৰু ভালদৰে চোবাই খাব। একেবাৰে বেছি পৰিমাণে খাব নালাগে। পৰ্যাপ্ত পৰিমাণে পানী খাব, কিন্তু খোৱাৰ লগে লগে অত্যাধিক পানী খোৱাটো এৰাই চলক। আহাৰৰ পিছত অলপ সময় জিৰণি লওক। খোজ কাঢ়িব বিচাৰিলে লাহে লাহে খোজ কাঢ়ক। ধূমপান আৰু মদ্যপানৰ পৰা আঁতৰি থাকক।
ৰাতিৰ আহাৰ শোৱাৰ বহু আগতেই সম্পূৰ্ণ কৰক। যদি খোৱাৰ পিছত সঘনাই গেছ, বুকুত জ্বলা-পোৰা বা বদহজমৰ সমস্যা হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















