• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

3 weeks ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

5 minutes ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

22 minutes ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

1 hour ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

2 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

2 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

3 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

4 hours ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

4 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

5 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

নৰৱেক প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰলৈ প্ৰৱেশ কৰোৱা প্ৰশিক্ষক ছ’লবাকেন

editor by editor
July 9, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ফিফা বিশ্বকাপত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা নৰৱেৰ নাম আহিলেই অনুৰাগীৰ মনলৈ আহে এটাই নাম, সেয়া হৈছে এৰ্লিং হালাণ্ড। গল মেচিনৰূপে জনজাত হৈ পৰা এৰ্লিং হালাণ্ডৰ উপৰিও ফুটবলত নৰৱেৰ এই উত্তৰণত আছে দলটোৰ প্ৰশিক্ষক  ষ্ট’লে ছ’লবাকেনৰো অনবদ্য ভূমিকা। ষ্ট’লে ছ’লবাকেন ৯০ দশকত নৰৱেৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ আছিল। ১৯৯৪ আৰু ১৯৯৮ চনৰ ফিফা বিশ্বকাপ অভিমুখী দলৰ অন্যতম সদস্য আছিল ছ’লবাকেন। ১৯৯৮ চনৰ বিশ্বকাপত নৰৱেই তেতিয়াৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচিছিল। সেই বিজয়ৰ ফলতেই নৰৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

ছ’লবাকেনৰ জীৱন সলনি কৰা সেই দিনটো

২০০১ চনৰ ১৩ মাৰ্চ। ডেনমাৰ্কৰ FC কোপেনহেগেন ক্লাবত অনুশীলনত ব্যস্ত আছিল ছ’লবাকেন। কিন্তু সেই সময়তে তেওঁৰ জীৱন সলনি কৰা ঘটনাটো ঘটি গ’ল। অনুশীলন কৰি থকা সময়তে হঠাতে  ছ’লবাকেন হৃদৰোগত আক্ৰান্ত হৈ মাটিত ঢলি পৰিল। প্ৰায় ৭ মিনিট ধৰি তেওঁৰ হৃদস্পন্দন সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাত  ছ’লবাকেনৰ পুনৰ হৃদস্পন্দন ঘূৰি আহে যদিও এক স্বাসৰূদ্ধকৰ পৰিস্থিতিৰ মাজেৰে পাৰ হয় আগন্তুক ২৬ ঘণ্টা। জীৱন মৃত্যুৰে যুঁজা এই ২৬ ঘণ্টা আছিল  ছ’লবাকেনৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়। সুদীৰ্ঘ ২৬ ঘণ্টা কোমা অৱস্থাত থকাৰ পিছত লাহে লাহে যেন  ছ’লবাকেনৰ শৰীৰলৈ ঘূৰি আহে জীৱন।
এই সময়খিনিৰ বিৱৰণ দি ছলবাকেনে এটা সাক্ষাৎকাৰত কৈছিল যে-নৰৱেৰ পৰা কোপেনহেগেনলৈ অহা তেওঁৰ মাতৃয়ে  ছ’লবাকেনৰ অন্ত্যেষ্টিক্ৰিয়াৰ যো-জা আৰম্ভ কৰি দিছিল। কেৱল মাতৃয়েই নহয় FC কোপেনহেগেনৰো সতীৰ্থসকলেও ছ’লবাকেনক আৰু ঘূৰাই পাব বুলি আশা কৰা নাছিল। কিন্তু সকলো যেন নিয়তিৰেই নিয়ম। চিকিৎসকৰ পৰীক্ষাত ধৰা পৰে ছ’লবাকেনৰ আছে জন্মগত হৃদযন্ত্ৰৰ সমস্যা। জন্মগত সমস্যা এটা লৈও ইমান দিনে কেনেকৈ পেছাদাৰী ফুটবল খেলি আছিল তাক লৈও চিকিৎসকসকলে আচৰ্য প্ৰকাশ কৰে। সেই সময়তে বৰ্তমানৰ নৰৱেৰ প্ৰশিক্ষক ছ’লবাকেনৰ দেহত সংস্থাপন কৰা হয় পেচমেকাৰ। এই ঘটনাৰ পিছতে মাত্ৰ ৩৩ বছৰ বয়সত ছ’লবাকেনৰ খেলুৱৈ জীৱনৰ অন্ত পৰে।

নতুন জীৱনৰ আৰম্ভণি

কিন্তু ইয়াতেই তেওঁৰ জীৱনৰ সংগ্ৰাম শেষ হোৱা নাছিল। খেলুৱৈ জীৱনৰ অৱসান ঘটিলেও এৰি দিয়া নাছিল ফুটবলক। এইবাৰ ছ’লবাকেনে প্ৰশিক্ষক হিচাপে আৰম্ভ কৰে নতুন জীৱন। ডেনমাৰ্ক, ইংলেণ্ড আৰু জাৰ্মানীৰ বিভিন্ন ক্লাবত সফলতাৰে প্ৰশিক্ষণ দিয়াৰ পিছত ২০২০ চনত তেওঁ নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ছ’লবাকেনৰ নেতৃত্বতে এৰ্লিং হালাণ্ড, মাৰ্টিন অ’ডেগাৰ্ড, আলেকজেণ্ডাৰ ছৰলথৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলৰ সৈতে নৰৱেক এক শক্তিশালী দলৰূপে গঢ়ি তোলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Qatar FIFA World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

July 31, 2026
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ
অসম

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

July 31, 2026
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ
বিনোদন

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

July 31, 2026
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

July 31, 2026
Next Post
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.