• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

2 months ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

5 minutes ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

22 minutes ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

1 hour ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

2 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

3 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

4 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

4 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

5 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

6 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

14 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

14 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

অত্যাৱশ্যকীয় খৰচ ৰোধৰ বাবে কি কৰিব?

editor by editor
July 10, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনকেইটাত চিলিং ফেনখন দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰে। কিন্তু বহু সময়ত আমি ফেনৰ ব্লেডত জমা হোৱা ধূলিকণাৰ প্ৰতি গুৰুত্ব নিদিওঁ। দেখাত সাধাৰণ যেন লাগিলেও এই ধূলিৰ তৰপে ফেনৰ কাৰ্যক্ষমতা হ্ৰাস কৰাৰ লগতে বিদ্যুতৰ বিল বৃদ্ধি আৰু মটৰৰ আয়ুস কমাই পেলাব পাৰে। ফেনৰ মূল কাম হৈছে ব্লেডৰ সহায়ত বায়ুক তললৈ ঠেলি শীতল বতাহ সৃষ্টি কৰা। যেতিয়া ব্লেডবোৰ পৰিষ্কাৰ আৰু মসৃণ থাকে, তেতিয়া বায়ু সহজে কাটি আগুৱাই নিব পাৰে। কিন্তু ব্লেডত ধূলিৰ ডাঠ তৰপ জমা হ’লে ইয়াৰ পৃষ্ঠভাগ ৰুক্ষ হৈ পৰে। ফলত বায়ুৰ সৈতে ঘঁহনি বৃদ্ধি পায় আৰু ফেনে আগৰ দৰে সহজে বায়ু চলাচল কৰাব নোৱাৰে।

ফেনৰ ব্লেডত ধৃলি জমা হলে কেনেকৈ হ’ব পাৰে অপকাৰ?

ধূলিৰ বাবে ব্লেডৰ বায়ুগতিবিদ্যাৰ (Aerodynamic) কাৰ্যক্ষমতা কমি যায়। বিশেষজ্ঞসকলৰ মতে, ব্লেডত মাত্ৰ প্ৰায় ০.৫ মিলিমিটাৰ ধূলিৰ তৰপ থাকিলেও বায়ু প্ৰবাহৰ ক্ষমতা ৫%ৰ পৰা ১০% পৰ্যন্ত হ্ৰাস পাব পাৰে। সেইবাবে ফেনখন ঘূৰি থাকিলেও আগৰ দৰে ঠাণ্ডা বতাহ অনুভৱ নহয়। যেতিয়া বায়ু প্ৰবাহ কমি যায়, তেতিয়া একে গতি বজাই ৰাখিবলৈ মটৰটোৱে অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। ফলস্বৰূপে মটৰত অধিক তাপ উৎপন্ন হয় আৰু দীৰ্ঘদিন ধৰি এনে অৱস্থা চলি থাকিলে মটৰৰ আয়ুস কমি যায়। কেতিয়াবা মটৰ বিকল হৈ মেৰামতি বা নতুন ফেন কিনাৰ খৰচো বহন কৰিবলগীয়া হয়। ইয়াৰ উপৰিও, ফেনে পৰ্যাপ্ত বায়ু নিদিয়াৰ বাবে বহুতে কুলাৰ, এয়াৰ কণ্ডিচনাৰ (AC), দেৱালৰ ফেন আদি একেলগে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই অতিৰিক্ত বৈদ্যুতিক সঁজুলিবোৰ ব্যৱহাৰ কৰাৰ ফলত ঘৰৰ বিদ্যুতৰ খৰচ স্বাভাৱিকতে বৃদ্ধি পায়। অৰ্থাৎ ধূলি জমা হোৱা ফেনে পোনপটীয়াকৈ বহুত বিদ্যুৎ খৰচ নকৰিলেও, ইয়াৰ কম কাৰ্যক্ষমতাৰ বাবে অন্য যন্ত্ৰ অধিক ব্যৱহাৰ কৰিবলগীয়া হোৱাত বিদ্যুতৰ বিল বৃদ্ধি পায়।

অত্যাৱশ্যকীয় খৰচ ৰোধৰ বাবে কি কৰিব?

অত্যাৱশ্যকীয় খৰচবোৰ ৰোধ কৰিবলৈ ফেন নিয়মিতভাৱে পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। প্ৰায় ১৫ দিনৰ মূৰে মূৰে শুকান বা সামান্য সেমেকা কাপোৰেৰে ব্লেড আৰু ফেনৰ গা মচি পৰিষ্কাৰ কৰিলে ধূলি জমা হোৱাৰ সম্ভাৱনা কমে। ইয়াৰ ফলত ফেনে অধিক বায়ু দিব পাৰে, মটৰৰ ওপৰত অতিৰিক্ত চাপ নপৰে আৰু ইয়াৰ আয়ুসো বৃদ্ধি পায়। ফেনৰ ব্লেডত জমা হোৱা ধূলি কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয় নহয়; ই ফেনৰ কাৰ্যক্ষমতা, মটৰৰ স্থায়িত্ব আৰু ঘৰৰ বিদ্যুতৰ খৰচৰ সৈতেও জড়িত। সেয়েহে নিয়মিতভাৱে ফেন পৰিষ্কাৰ কৰাৰ অভ্যাস গঢ়ি তোলাটো বুদ্ধিমানী আৰু লাভজনক পদক্ষেপ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Electricity Bill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ'ব সৌভাগ্যৰ দুৱাৰ

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.