• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

2 months ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

10 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

11 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

12 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

12 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

13 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

13 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

13 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

14 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

14 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

16 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

16 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কেনেকৈ সৃষ্টি হয়?

editor by editor
July 10, 2026
in বিজ্ঞান, বিবিধ, লেখা
0
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে বৰষুণৰ পিছত আকাশত দেখা পোৱা ৰামধেনুৱে সৰু-ডাঙৰ সকলোকে মুহিত কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে—ৰামধেনু সদায় ধনুৰ দৰে বেঁকা আকৃতিৰেই কিয় দেখা যায়? ই কিয় কেতিয়াও পোন ৰেখাৰ দৰে দেখা নাযায়? ইয়াৰ আঁৰত আছে পোহৰ, পানীৰ ক্ষুদ্ৰ টোপাল আৰু এক নিৰ্দিষ্ট কোণৰ বিজ্ঞান।

ৰামধেনু কেনেকৈ সৃষ্টি হয়?

ৰামধেনু সৃষ্টি হ’বলৈ তিনিটা মূল উপাদানৰ প্ৰয়োজন হয়— সূৰ্যৰ পোহৰ, বায়ুমণ্ডলত ভাঁহি থকা পানীৰ সূক্ষ্ম টোপাল আৰু পোহৰৰ সঠিক কোণ। যেতিয়া সূৰ্যৰ পোহৰৰ কিৰণ পানীৰ টোপালত পৰে, তেতিয়া সেই পোহৰ টোপালৰ ভিতৰত প্ৰৱেশ কৰি বেঁকা হয় (প্ৰতিসৰণ), ভিতৰত প্ৰতিফলিত হয় আৰু পুনৰ বাহিৰলৈ ওলাই আহোঁতে সাতটা ৰঙত বিভক্ত হয়। এই ৰঙসমূহ হৈছে—বেঙুনীয়া, নীলা, আকাশী নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। সাধাৰণতে প্ৰায় ৪২ ডিগ্ৰী কোণত এই ৰঙবোৰ স্পষ্টভাৱে দেখা যায় আৰু তাৰ ফলতেই ৰামধেনুৰ সৃষ্টি হয়।

ৰামধেনু পোন ৰেখাৰ দৰে নহয় কিয়?

ৰামধেনু পোন ৰেখাত সৃষ্টি নহয়, কাৰণ ইয়াক দেখিবলৈ পোহৰ আৰু পানীৰ টোপালৰ মাজত এক নিৰ্দিষ্ট কোণৰ প্ৰয়োজন হয়। এই নিৰ্দিষ্ট কোণত প্ৰতিটো পানীৰ টোপালৰ পৰা ওলাই অহা পোহৰে এক বৃত্ত গঠন কৰে। সেয়েহে ৰামধেনুৰ প্ৰকৃত আকৃতি হৈছে এটা সম্পূৰ্ণ বৃত্ত। কিন্তু আমি সাধাৰণতে মাটিত থকাৰ বাবে পৃথিৱীৰ পৃষ্ঠই বৃত্তটোৰ তলৰ অংশ ঢাকি ৰাখে। ফলস্বৰূপে আমাৰ চকুত কেৱল ওপৰৰ অৰ্ধাংশহে দেখা যায়, যিটো ধনুৰ আকৃতিৰ দৰে লাগে।

সাধাৰণতে কেতিয়া ৰামধেনু দেখা যায়?

ৰামধেনু দেখা যাবলৈ দুটা চর্ত পূৰণ হ’ব লাগিব— আকাশত পানীৰ টোপাল বা লঘু বৰষুণ থাকিব লাগিব আৰু একে সময়তে সূৰ্যৰ পোহৰো থাকিব লাগিব। সেয়েহে সাধাৰণতে লঘু বৰষুণৰ পিছত, বিশেষকৈ যেতিয়া ডাৱৰ আঁতৰি সূৰ্য ওলাই আহে, তেতিয়া আকাশত ৰামধেনু স্পষ্টভাৱে দেখা যায়।
কেতিয়াবা ৰামধেনু সৰু বা ডাঙৰ আকাৰত দেখা যায়
দুপৰীয়া সময়ত সূৰ্য মূৰৰ ওপৰত থকাৰ বাবে ৰামধেনু হয় একেবাৰে দেখা নাযায়, নহ’লে অতি সৰু যেন লাগে। কিন্তু সূৰ্য আকাশত নিম্ন অৱস্থানত থাকিলে ৰামধেনু অধিক ডাঙৰ আৰু স্পষ্টভাৱে দেখা যায়।

ডাবল ৰেইনবো (Double Rainbow) কেনেকৈ হয়?

কেতিয়াবা আকাশত একেলগে দুটা ৰামধেনু দেখা যায়। ইয়াক ডাবল ৰেইনবো বুলি কোৱা হয়। এনে ঘটনা তেতিয়াই ঘটে, যেতিয়া সূৰ্যৰ পোহৰ পানীৰ টোপালৰ ভিতৰত এবাৰৰ সলনি দুবাৰ প্ৰতিফলিত হয়। ফলত প্ৰথম ৰামধেনুৰ ওপৰত আন এটা তুলনামূলকভাৱে ম্লান ৰামধেনু গঠন হয়। এই দ্বিতীয় ৰামধেনুত ৰঙসমূহৰ ক্ৰম প্ৰথমটোৰ বিপৰীত দিশত থাকে। ৰামধেনু কেৱল প্ৰকৃতিৰ এক মনোমোহা দৃশ্যই নহয়, ই পোহৰ, পানী আৰু পদাৰ্থবিজ্ঞানৰ এক চমৎকাৰ উদাহৰণো।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rainbow
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.