ছেইফ আলী খান বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা। বিশাল ভৰদ্বাজৰ পৰিচালিত ‘ওমকাৰা’ ছবিখন মুক্তি পোৱাৰ বিশ বছৰ পাৰ হৈ গ’লেও ছবিখনৰ শ্বুটিং স্থলীৰ পৰা অহা অজ্ঞাত কাহিনীবোৰে এতিয়াও দৰ্শকক আচৰিত কৰি তুলিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ছেইফে এনে এটা বিস্ফোৰক আৰু হাস্যকৰ কাণ্ডৰ কথা মনত পেলাইছিল, য’ত পৰিচালকে নিজেই তেওঁক কেমেৰাৰ সন্মুখত সম্পূৰ্ণ উলংগ হোৱাৰ প্ৰস্তাৱ দিছিল!
হলীউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছেইফে প্ৰকাশ কৰে যে, ছবিখনৰ এটা দৃশ্যৰ বাবে বিশাল ভৰদ্বাজে তেওঁক আইনা এখনৰ সন্মুখত সম্পূৰ্ণ উলংগ হৈ অভিনয় কৰিবলৈ কৈছিল। ছেইফে কয়, “চিনেমাখনৰ এটা দৃশ্য মোৰ বৰ ভালকৈ মনত আছে। আইনা এখনৰ সন্মুখত থিয় হৈ দীঘলীয়া সংলাপ এটা দি থকা দৃশ্য এটা আছিল। হঠাতে বিশাল জীয়ে মোৰ ওচৰলৈ আহি ক’লে, ‘আপুনি সম্পূৰ্ণ উলংগ হৈ এই দৃশ্যটো শ্বুটিং কৰিব পাৰিবনে?’ পিছত উত্তৰ দিব নোৱাৰি বিশালে প্ৰস্তাৱটোত সন্মতি নিদিলে, আৰু সেয়ে শেষ মুহূৰ্তত দৃশ্যটো সলনি হ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















