বলীউডৰ ‘ধুৰন্ধৰ’ গায়িকা হিচাপে পৰিচিত জেচমিন ছেণ্ডলাছে লাইভ কনচাৰ্টৰ সময়ত অনুৰাগীসকলক চমক প্ৰদান কৰিলে। শনিবাৰে নিশা দিল্লীৰ যশোভূমি কনভেনচন চেণ্টাৰত কোনোৱে কি হৈছে বুজিব পৰা নাছিল। বহু প্ৰত্যাশিত ‘দ্য ড্ৰিম গাৰ্ল ইণ্ডিয়া ট্যুৰ’ৰ প্ৰথম দিনটোত হাজাৰ হাজাৰ দৰ্শকক মোহিত কৰি তোলে। ঠিক তেতিয়াই গীতৰ ছন্দ বন্ধ কৰি মঞ্চত বিশেষ মুহূৰ্তৰ সৃষ্টি কৰিলে। তেওঁ হঠাতে দৰ্শকৰ সন্মুখত টানি লৈ গ’ল হ’বলগীয়া স্বামী শেখৰ চৌধাৰীক। আঙুলিত জিলিকি থকা হীৰাৰ আঙঠিটো দেখুৱাই তেওঁ চিঞৰি উঠিল, “এইজনেই মোৰ আঙুলিত আঙুঠি পিন্ধাই দিয়া মানুহজন। এইজনেই মোৰ হৃদয়ৰ মানুহ!”
কণ্ঠশিল্পীগৰাকীৰ হঠাৎ কৰা ঘোষণাই গোটেই প্ৰেক্ষাগৃহটো কেইমুহূৰ্তৰ বাবে আচৰিত কৰি তুলিলে। নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰি জেচমিনে মঞ্চৰ মাজত শেখৰক সাৱটি ধৰিলে। শেখৰেও কোনো পলম নকৰাকৈ নিজৰ প্ৰিয়জনক কোলাত লৈ মঞ্চত নাচিলে। এই মধুৰ মুহূৰ্তৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে ভাইৰেল হৈ পৰিল। কেৱল সেয়াই নহয়, এই নতুন দম্পতীয়ে কণ্ঠশিল্পীগৰাকীৰ ছুপাৰহিট পাঞ্জাবী গীত ‘লাৱন’ৰ সুৰত মঞ্চত ৰোমান্টিকভাৱে নৃত্য কৰা দেখা গ’ল। অনুষ্ঠানৰ শেষত শেখৰে যোৱাৰ পূৰ্বে ফ্লায়িং কিছ দিয়ে।
জলন্ধৰত জন্মগ্ৰহণ কৰা আৰু কেলিফৰ্ণিয়াত ডাঙৰ-দীঘল হোৱা জেচমিনৰ সুৰীয়া যাত্ৰা আৰম্ভ হৈছিল ২০০৭ চনত ‘মুস্কান’ গীতটোৰে। তাৰ পিছত ২০১৪ চনত ছলমান খানৰ ছবি ‘কিক’ত ‘য়াৰ না মিল’ গীত গাই লাইমলাইটলৈ আহে। শেহতীয়াকৈ ‘ধুৰন্ধৰ’ ছবিৰ ‘শৰৰাত’ আৰু ২০২৬ চনৰ নতুনকৈ মুক্তি পোৱা ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ ‘জয়ে সজনা’ গীতেৰে জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













