ম্যানমাৰৰ ৰোহিংগীয়া শৰণাৰ্থী কঢ়িয়াই অনা দুখন সৰু জাহাজ বংগোপসাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৫০০ৰো অধিক লোকৰ মৃ*ত্যুৰ আশংকা প্ৰকাশ পাইছে। অৱশ্যে মৃ*তকৰ সংখ্যা সন্দৰ্ভত এই পৰ্যন্ত অহা নাই কোনোধৰণৰ আনুষ্ঠানিক খবৰ, তথাপিও ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে এই ঘটনাক শেহতীয়া সময়ৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা হিচাপে বৰ্ণনা কৰিছে।
ম্যানমাৰৰ পৰা আহিছিল ৰোহিংগীয়াসকল
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা (UNHCR) আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থা (IOM)ৰ তথ্য অনুসৰি, দুয়োখন জাহাজত পুৰুষ-মহিলা-শিশুকে ধৰি প্ৰায় ৫৩০ গৰাকী লোক আছিল। ইয়াৰে অধিকাংশই আছিল ম্যানমাৰৰ ৰাখাইন (Rakhine) প্ৰদেশৰ ৰোহিংগীয়া সম্প্ৰদায়ৰ লোক। আনহাতে, কিছুসংখ্যক যাত্ৰী বাংলাদেশৰ ক’ক্সবজাৰৰ শৰণাৰ্থী শিবিৰৰ পৰাও যাত্ৰা কৰিছিল।
৫শতাধিকৰ মৃ*ত্যুৰ আশংকা ৰাষ্ট্ৰসংঘৰ
ৰাষ্ট্ৰসংঘৰ সংস্থাদ্বয়ৰ মতে, দুয়োখন জাহাজ জুনৰ শেষৰ ফালে ৰাখাইনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথমখন জাহাজত প্ৰায় ২৫০ গৰাকী লোক আছিল। যাত্ৰা আৰম্ভ কৰাৰ কিছু সময় পিছতেই জাহাজখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। আনখন জাহাজত প্ৰায় ২৮০ গৰাকী যাত্ৰী আছিল আৰু ৮ জুলাইত ম্যানমাৰৰ আয়েয়াৰৱাডী (Ayeyarwady) উপকূলৰ ওচৰত জাহাজ দুখন ডুব যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এতিয়ালৈকে যাত্ৰীসকলৰ কোনো সন্ধান পোৱা হোৱা নাই, যাৰ বাবে মৃত্যুৰ সংখ্যা ৫০০ অতিক্ৰম কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।
প্ৰতিকুল বতৰৰ বাবে মন্থৰ হৈছে উদ্ধাৰ অভিযান
UNHCR আৰু IOM-এ জনোৱা মতে, এই ঘটনাৰ সম্পূৰ্ণ তদন্ত অব্যাহত আছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি থাকিলেও বতৰৰ প্ৰতিকূল পৰিস্থিতি আৰু যোগাযোগ ব্যৱস্থাৰ সীমাবদ্ধতাৰ বাবে অভিযানত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমান বাংলাদেশৰ বিভিন্ন শৰণাৰ্থী শিবিৰত প্ৰায় ১২ লাখ ৰোহিংগীয়াই আশ্ৰয় লৈ আছে। ২০১৭ চনত ম্যানমাৰত সংঘটিত সামৰিক অভিযানৰ পিছত লাখ লাখ ৰোহিংগীয়াই দেশ এৰি বাংলাদেশলৈ পলায়ন কৰিছিল। সেই সময়ৰ পৰা বহু পৰিয়ালে দৰিদ্ৰতা, অনিশ্চয়তা আৰু সীমিত সুযোগ-সুবিধাৰ মাজতে জীৱন নিৰ্বাহ কৰি আহিছে। উন্নত জীৱন আৰু নিৰাপদ ভৱিষ্যতৰ আশাত বহুতে জীৱনৰ বিপদকো উপেক্ষা কৰি সাগৰীয় পথ বাছি লয়। কিন্তু এই বিপদসংকুল যাত্ৰাপথত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। অতীততো বহু নাও ডুব যোৱাৰ ঘটনাত শতাধিক ৰোহিংগীয়াই প্ৰাণ হেৰুৱাইছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















