• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

20 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

15 minutes ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

3 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

3 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

4 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

7 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

editor by editor
July 20, 2026
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধাৰাসাৰ বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা প্ৰবল ঢলৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰলৈ উঠে। ইয়াৰ ফলত উজনি অসমৰ বহু অঞ্চল প্লাৱিত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)ৰ তথ্য অনুসৰি উজনি অসমৰ ৮ খন জিলাৰ ২২টা ৰাজহ চক্ৰ আৰু প্ৰায় ২৯৮খন গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ৫৭ হাজাৰৰো অধিক লোক এই দুৰ্যোগত প্ৰভাৱিত হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া আদি জিলাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি চৰকাৰী আশ্ৰয় শিবিৰ বা উচ্চ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

বানৰ ফলত প্ৰায় ৩,৮৭৪ হেক্টৰ কৃষিভূমি পানীৰ তলত ডুব গৈ শস্যৰ ব্যাপক ক্ষতি হৈছে। বহু গাঁওৰ পথ, দলং আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। বহু বিদ্যালয় আৰু চৰকাৰী প্ৰতিষ্ঠান অস্থায়ী শিবিৰলৈ ৰূপান্তৰিত হৈছে। SDRF, NDRF, সেনা আৰু বায়ুসেনাই উদ্ধাৰ অভিযান চলাই বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। বানপানীয়ে কেৱল ঘৰ-বাৰীয়েই জলমগ্ন নকৰে; বানে মানুহৰ সপোন, জীৱিকা আৰু ভৱিষ্যতো ক্ষতিগ্ৰস্ত কৰে। বহু কৃষকৰ বছৰজোৰা কষ্টেৰে উৎপাদন কৰা ধান, শাক-পাচলি আৰু অন্যান্য শস্য পানীত নষ্ট হয়। গৰু, ছাগলী, হাঁহ, কুকুৰা আদি পশুধনৰো ব্যাপক ক্ষতি হয়। বহু অঞ্চলত বিদ্যুৎ আৰু বিশুদ্ধ খোৱাপানীৰ যোগান ব্যাহত হৈছে। বানৰ ফলত হোৱা বিভিন্ন ৰোগ যেনে ডায়েৰিয়া, জণ্ডিচ, টাইফইড আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ আশংকা থাকে। বিদ্যালয় বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনো বিঘ্নিত হয়।

বানৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰাটো জৰুৰী?

বানৰ সময়ত আতংকিত নহৈ সচেতন হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। চৰকাৰী সতর্কবাণী অনুসৰণ কৰি প্ৰয়োজন হ’লে লগে লগে নিৰাপদ স্থানলৈ যাব লাগে। বানৰ সময়ত প্ৰথমটো কাম হৈছে ঘৰৰ বৈদ্যুতিক সংযোগ বন্ধ কৰি দিয়া। চিৰা, মুড়ি, বিস্কুট, গুড়, শিশুখাদ্য আদি শুকান খাদ্য মজুত কৰি ৰাখিব লাগে। টৰ্চ, বেটাৰী, প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী, প্ৰয়োজনীয় ঔষধ, মোবাইল চাৰ্জাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৱাটাৰপ্ৰুফ বেগত সংৰক্ষণ কৰিব লাগে। শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ আৰু অসুস্থ ব্যক্তিৰ বিশেষ যত্ন লোৱা অতি প্ৰয়োজন। সোঁত থকা পানীত খোজ কঢ়া বা যানবাহন চলোৱাৰ দৰে বিপজ্জনক কাম পৰিহাৰ কৰিব লাগে।

মানৱীয় দৃষ্টিকোণৰে বন্যাৰ্তৰ বাবে কি কৰিব?

বানপানীৰ সময়ত মানৱীয়তা আৰু সহমৰ্মিতাই মানুহ হিচাপে প্ৰকৃত পৰীক্ষা হয়। যিসকল লোক নিৰাপদ স্থানত আছে, তেওঁলোকে বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াটো নৈতিক দায়িত্ব। ত্ৰাণ সামগ্ৰী হিচাপে নিজৰ সামৰ্থ অনুযায়ী চাউল, দাইল, নিমখ, চিৰা, গুড়, বিস্কুট, বিশুদ্ধ খোৱাপানী, শিশুখাদ্য, ঔষধ, কাপোৰ, কম্বল, চেনিটাৰী নেপকিন, ORS, আঁঠুৱা আদি সংগ্ৰহ কৰি চৰকাৰী বা স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে বিতৰণ কৰিব পাৰি। আৰ্থিকভাৱে সক্ষম ব্যক্তিয়ে চৰকাৰী তহবিল বা বিশ্বস্ত স্বেচ্ছাসেৱী সংস্থালৈ অনুদান আগবঢ়াব পাৰে। যুৱ সমাজে স্বেচ্ছাসেৱক হিচাপে ত্ৰাণ শিবিৰ পৰিচালনা, খাদ্য বিতৰণ, চিকিৎসা শিবিৰত সহায়, বৃদ্ধ আৰু শিশুসকলক নিৰাপদ স্থানলৈ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সামাজিক মাধ্যমত গুজৱ বা অপপ্ৰচাৰ নকৰি কেৱল চৰকাৰীভাৱে নিশ্চিত তথ্যহে প্ৰচাৰ কৰিব লাগে লগতে বিভিন্ন সচেতনমূলক বাৰ্তা প্ৰচাৰ কৰক। বানপীড়িতসকলক মানসিক সাহস যোগোৱাও এক গুৰুত্বপূৰ্ণ মানৱীয় দায়িত্ব।

বান অসমৰ বাবে নতুন ঘটনা নহয়, কিন্তু প্ৰতিবছৰে ইয়াৰ ভয়াবহতা যেন অধিক বৃদ্ধি পাইছে। এই প্ৰাকৃতিক দুৰ্যোগে আমাৰ অৰ্থনীতি, কৃষি, শিক্ষা আৰু সামাজিক জীৱনত গভীৰ প্ৰভাৱ পেলায়। তথাপিও সচেতনতা, বিজ্ঞানসম্মত পৰিকল্পনা, আগতীয়া প্ৰস্তুতি আৰু সমূহীয়া সহযোগিতাৰ জৰিয়তে ইয়াৰ ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। সংকটৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটোৱেই হৈছে প্ৰকৃত মানৱীয়তা। সেয়ে আমি সকলোৱে বানপীড়িতসকলৰ দুখ-বেদনাক নিজৰ বুলি অনুভৱ কৰি সহায়ৰ হাত আগবঢ়োৱা উচিত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
Next Post
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ'ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.