পৃথিৱীৰ প্ৰায় সকলো হোটেলতে এটা কথা আপুনি নিশ্চয় লক্ষ্য কৰিছে—সেইটো হ’ল বিছনাত সদায় বগা বিচনা চাদৰহে থাকে। পঞ্চতাৰকা বিলাসী হোটেলেই হওক বা সাধাৰণ কম বাজেটৰ হোটেলেই হওক, বেছিভাগ ক্ষেত্ৰতেই ৰঙীন চাদৰৰ সলনি বগা চাদৰেই ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ আঁৰত কেৱল সৌন্দৰ্যৰ বিষয়েই নহয়, আছে মনোবিজ্ঞান, পৰিচ্ছন্নতা আৰু হোটেল ব্যৱস্থাপনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ।
হোটেলৰ কোঠাত ৰঙীন চাদৰৰ সলনি বগা চাদৰ কিয় ব্যৱহাৰ কৰা হয়?
১. বিলাসিতা আৰু সতেজতাৰ অনুভৱ দিয়ে
মনোবিজ্ঞান অনুসৰি বগা ৰং শান্তি, বিশুদ্ধতা, পৰিচ্ছন্নতা আৰু বিলাসিতাৰ প্ৰতীক। অতিথিয়ে যেতিয়া কোঠাত সোমায় আৰু বগা বিচনা চাদৰ দেখে, তেতিয়া তেওঁৰ মনত কোঠাটো সদ্য পৰিষ্কাৰ কৰা হৈছে বুলি এক বিশ্বাস জন্মে। ইয়াৰ ফলত অতিথিয়ে অধিক স্বস্তি আৰু নিশ্চিন্ত অনুভৱ কৰে।
২. পৰিচ্ছন্নতাৰ ওপৰত আস্থা বৃদ্ধি কৰে
ৰঙীন চাদৰত সৰু-সুৰা দাগ বা মলি সহজে চকুত নপৰে। কিন্তু বগা চাদৰত সামান্যতম দাগো স্পষ্টকৈ দেখা যায়। সেয়েহে বগা চাদৰ ব্যৱহাৰ কৰিলে হোটেল কৰ্তৃপক্ষক সদায় সম্পূৰ্ণ পৰিষ্কাৰ চাদৰ দিবলগীয়া হয়। ইয়াৰ ফলত অতিথিৰ মনত হোটেলৰ পৰিচ্ছন্নতাৰ ওপৰত আস্থা বৃদ্ধি পায়।
৩. ধোৱা আৰু ৰক্ষণাবেক্ষণ সহজ
সাধাৰণতে বহুতে ভাবে বগা কাপোৰ ধোৱা কষ্টকৰ। কিন্তু হোটেলৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত। বগা চাদৰ ব্লিচ ব্যৱহাৰ কৰি সহজে ধুই দাগ, বেক্টেৰিয়া আৰু জীৱাণু সম্পূৰ্ণ আঁতৰাব পাৰি। আনহাতে ৰঙীন চাদৰত ব্লিচ ব্যৱহাৰ কৰিলে ৰং নষ্ট হোৱাৰ আশংকা থাকে। লগতে বিভিন্ন ৰঙৰ চাদৰ একেলগে ধুলে ৰং গুচি যোৱাৰ সম্ভাৱনাও থাকে।
৪. হোটেলৰ বাবে অধিক লাভজনক
হোটেলত কেৱল বগা বিচনা চাদৰেই নহয়, বগা টাৱেল, বাথৰোব আৰু গাৰুৰ কভাৰো একেলগে ধুব পাৰি। ৰং অনুসৰি পৃথককৈ বাছনি কৰাৰ প্ৰয়োজন নাথাকে। ফলত পানী, সময়, বিদ্যুৎ আৰু শ্ৰমৰ ব্যয় যথেষ্ট কমে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই পদ্ধতি অধিক সুলভ আৰু লাভজনক।
সেয়ে হোটেলৰ বিচনাত বগা চাদৰ ব্যৱহাৰ কৰাটো কেৱল সৌন্দৰ্যৰ বাবে নহয়। ইয়াৰ সৈতে জড়িত আছে অতিথিৰ বিশ্বাস, পৰিচ্ছন্নতাৰ নিশ্চয়তা, সহজ ৰক্ষণাবেক্ষণ আৰু হোটেলৰ খৰচ হ্ৰাস কৰাৰ দৰে বহু বাস্তৱসম্মত কাৰণ। সেইবাবেই বিশ্বৰ অধিকাংশ হোটেলত আজিও বগা চাদৰেই প্ৰথম পছন্দ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















