• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

3 months ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

33 minutes ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

1 hour ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

2 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

15 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

16 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

17 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

18 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

19 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

বিদায় পৰত কিয় এনেকৈ ক'লে হুছেইন মনছুৰিয়ে?

editor by editor
July 31, 2026
in অসম, খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদূৰ মুম্বাইৰ পৰা আহি অসমত কেৱল সাহায্য বিতৰণেই কৰা নাই, বানপীড়িতৰ দুখ-কষ্ট নিজ চকুৰে চাই আৱেগিক হৈ পৰিল সমাজসেৱী হুছেইন মনছুৰি। অসম এৰি উভতি গ’লেও তেওঁৰ হৃদয় এই ৰাজ্যতেই থাকি যাব বুলি কৰা মন্তব্যই এতিয়া বহু লোকৰ হৃদয় স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত অসমৰ ভয়ংকৰ বানপৰিস্থিতিৰ ভিডিঅ’ আৰু ছবিবোৰ দেখাৰ পিছতেই তেওঁ সিদ্ধান্ত লৈছিল—অসমলৈ আহিবই লাগিব। সেই সিদ্ধান্তক বাস্তৱায়িত কৰি মুম্বাইৰ পৰা পোনে পোনে অসমলৈ আহি বানবিধ্বস্ত কেইবাখনো অঞ্চল পৰিদৰ্শন কৰে হুছেইন মনছুৰিয়ে। সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দুখ-বেদনা শুনে।

সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয়, “মই বানে ধোৱা কেইবাখনো স্থান পৰিদৰ্শন কৰিছো। জনতাই সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতি নিজ চকুৰে দেখিছো। বহু মানুহে প্ৰাণ হেৰুৱাইছে। ভগৱান, আল্লাহে তেওঁলোকক এই কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি দিয়ক।” মনছুৰিয়ে লগতে কয়, যে অসমৰ বানপৰিস্থিতিৰ বিষয়ে তেওঁ প্ৰথমে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে জানিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোকে তেওঁক বাৰ্তা প্ৰেৰণ কৰি অসমৰ ভয়াবহ বানৰ কথা কৈছিল। সেই সময়তে তেওঁ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’সমূহো চাইছিল। “ইমান ভয়ংকৰ বান মই আগতে কেতিয়াও দেখা নাছিলো। ভয়ংকৰ বেগেৰে পানী নামি অহা দৃশ্য আৰু বানপীড়িতসকলৰ অসহায় অৱস্থা দেখি মই আচৰিত হৈছিলো। কেৱল ভিডিঅ’ চাই বহি থাকিব নোৱাৰিলো। সেয়ে নিজে আহি পৰিস্থিতিৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ সিদ্ধান্ত ল’লো,”। অসমত উপস্থিত হৈ বাস্তৱ পৰিস্থিতি দেখি তেওঁৰ উপলব্ধি হয় যে সামাজিক মাধ্যমত দেখুওৱাতকৈও বহু গুণ অধিক ভয়ংকৰ হৈছে দুৰ্যোগৰ প্ৰভাৱ। বানত বহু পৰিয়ালে নিজৰ আপোনজন হেৰুৱাইছে। কেৱল মানুহেই নহয়, অসংখ্য জীৱ-জন্তুও এই প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈছে।

অসমবাসীৰ আতিথ্য আৰু মৰমত অভিভূত হোৱা হুছেইন মনছুৰিয়ে আবেগিক কণ্ঠেৰে কয়, “মই দুদিনৰ বাবে অসমলৈ আহিছিলো। কিন্তু মোৰ হৃদয় অসমতেই থাকি যাব। এই দুৰ্যোগৰ সময়তো অসমীয়াই মোক যি মৰম আৰু সন্মান দিছে, তাৰ বাবে মই চিৰকৃতজ্ঞ। মই মুম্বাইলৈ উভতি গলেও মোৰ হৃদয় সদায় অসমতেই থাকিব।”

দেশবাসীৰ প্ৰতিও তেওঁ এক আন্তৰিক আহ্বান জনাই কয়, “মই সকলোকে অনুৰোধ কৰিম—অসমলৈ আহক। এই কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিয়ক। কেৱল মানুহেই নহয়, বহু জীৱ-জন্তুৱেও এই দুৰ্যোগত প্ৰাণ হেৰুৱাইছে। এনে সময়ত সহায়ৰ হাত আগবঢ়োৱাটোৱেই আটাইতকৈ ডাঙৰ মানৱতা।”

হুছেইন মনছুৰিৰ এই ভ্ৰমণ কেৱল সাহায্য বিতৰণৰ মাজতে সীমাবদ্ধ নহ’ল। তেওঁৰ বক্তব্যত প্ৰতিফলিত হ’ল এক মানৱীয় আবেদন—দুৰ্যোগৰ সময়ত ভৌগোলিক দূৰত্বতকৈও ডাঙৰ হৈছে সহমৰ্মিতা। সেই বাবেই হয়তো তেওঁ অসম এৰি যোৱাৰ আগমুহূৰ্ততো একেটাই কথা পুনৰ কৈ গ’ল—”মই উভতি যাম, কিন্তু মোৰ হৃদয় অসমতেই থাকি যাব।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hussain mansuri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু
ভাৰত

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
Next Post
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.