• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

3 weeks ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

51 minutes ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

2 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

2 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

3 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

4 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

5 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

6 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

7 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

7 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

8 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

বিদায় পৰত কিয় এনেকৈ ক'লে হুছেইন মনছুৰিয়ে?

editor by editor
July 31, 2026
in অসম, খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদূৰ মুম্বাইৰ পৰা আহি অসমত কেৱল সাহায্য বিতৰণেই কৰা নাই, বানপীড়িতৰ দুখ-কষ্ট নিজ চকুৰে চাই আৱেগিক হৈ পৰিল সমাজসেৱী হুছেইন মনছুৰি। অসম এৰি উভতি গ’লেও তেওঁৰ হৃদয় এই ৰাজ্যতেই থাকি যাব বুলি কৰা মন্তব্যই এতিয়া বহু লোকৰ হৃদয় স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত অসমৰ ভয়ংকৰ বানপৰিস্থিতিৰ ভিডিঅ’ আৰু ছবিবোৰ দেখাৰ পিছতেই তেওঁ সিদ্ধান্ত লৈছিল—অসমলৈ আহিবই লাগিব। সেই সিদ্ধান্তক বাস্তৱায়িত কৰি মুম্বাইৰ পৰা পোনে পোনে অসমলৈ আহি বানবিধ্বস্ত কেইবাখনো অঞ্চল পৰিদৰ্শন কৰে হুছেইন মনছুৰিয়ে। সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দুখ-বেদনা শুনে।

সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয়, “মই বানে ধোৱা কেইবাখনো স্থান পৰিদৰ্শন কৰিছো। জনতাই সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতি নিজ চকুৰে দেখিছো। বহু মানুহে প্ৰাণ হেৰুৱাইছে। ভগৱান, আল্লাহে তেওঁলোকক এই কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি দিয়ক।” মনছুৰিয়ে লগতে কয়, যে অসমৰ বানপৰিস্থিতিৰ বিষয়ে তেওঁ প্ৰথমে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে জানিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোকে তেওঁক বাৰ্তা প্ৰেৰণ কৰি অসমৰ ভয়াবহ বানৰ কথা কৈছিল। সেই সময়তে তেওঁ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’সমূহো চাইছিল। “ইমান ভয়ংকৰ বান মই আগতে কেতিয়াও দেখা নাছিলো। ভয়ংকৰ বেগেৰে পানী নামি অহা দৃশ্য আৰু বানপীড়িতসকলৰ অসহায় অৱস্থা দেখি মই আচৰিত হৈছিলো। কেৱল ভিডিঅ’ চাই বহি থাকিব নোৱাৰিলো। সেয়ে নিজে আহি পৰিস্থিতিৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ সিদ্ধান্ত ল’লো,”। অসমত উপস্থিত হৈ বাস্তৱ পৰিস্থিতি দেখি তেওঁৰ উপলব্ধি হয় যে সামাজিক মাধ্যমত দেখুওৱাতকৈও বহু গুণ অধিক ভয়ংকৰ হৈছে দুৰ্যোগৰ প্ৰভাৱ। বানত বহু পৰিয়ালে নিজৰ আপোনজন হেৰুৱাইছে। কেৱল মানুহেই নহয়, অসংখ্য জীৱ-জন্তুও এই প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈছে।

অসমবাসীৰ আতিথ্য আৰু মৰমত অভিভূত হোৱা হুছেইন মনছুৰিয়ে আবেগিক কণ্ঠেৰে কয়, “মই দুদিনৰ বাবে অসমলৈ আহিছিলো। কিন্তু মোৰ হৃদয় অসমতেই থাকি যাব। এই দুৰ্যোগৰ সময়তো অসমীয়াই মোক যি মৰম আৰু সন্মান দিছে, তাৰ বাবে মই চিৰকৃতজ্ঞ। মই মুম্বাইলৈ উভতি গলেও মোৰ হৃদয় সদায় অসমতেই থাকিব।”

দেশবাসীৰ প্ৰতিও তেওঁ এক আন্তৰিক আহ্বান জনাই কয়, “মই সকলোকে অনুৰোধ কৰিম—অসমলৈ আহক। এই কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিয়ক। কেৱল মানুহেই নহয়, বহু জীৱ-জন্তুৱেও এই দুৰ্যোগত প্ৰাণ হেৰুৱাইছে। এনে সময়ত সহায়ৰ হাত আগবঢ়োৱাটোৱেই আটাইতকৈ ডাঙৰ মানৱতা।”

হুছেইন মনছুৰিৰ এই ভ্ৰমণ কেৱল সাহায্য বিতৰণৰ মাজতে সীমাবদ্ধ নহ’ল। তেওঁৰ বক্তব্যত প্ৰতিফলিত হ’ল এক মানৱীয় আবেদন—দুৰ্যোগৰ সময়ত ভৌগোলিক দূৰত্বতকৈও ডাঙৰ হৈছে সহমৰ্মিতা। সেই বাবেই হয়তো তেওঁ অসম এৰি যোৱাৰ আগমুহূৰ্ততো একেটাই কথা পুনৰ কৈ গ’ল—”মই উভতি যাম, কিন্তু মোৰ হৃদয় অসমতেই থাকি যাব।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hussain mansuri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
Next Post
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.