• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

2 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

1 minute ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

32 minutes ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

1 hour ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

3 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

3 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

4 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

4 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

5 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

7 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

8 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

8 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে এবাৰতে কেন্সাৰ নিৰাময় কৰে নেকি?

editor by editor
August 8, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ্যুয়িংগাম চোবাই নিৰাময় কৰিব পাৰি কৰ্কট ৰোগ, এই কথাটো অবিশ্বাস্য যেন লাগিলেও গৱেষকসকলে দিছে এই সন্দৰ্ভত এক আশাৰ সঞ্চাৰ। প্ৰকৃততে বিজ্ঞানীসকলে এটা “বায়’ইঞ্জিনিয়াৰিং চ্যুয়িগাম” প্ৰস্তুত কৰিছে যিয়ে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সৈতে জড়িত কিছুমান মৌখিক ভাইৰাছ আৰু বেক্টেৰিয়া হ্ৰাস কৰিব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে মৌখিক মানৱ পেপিলোমা ভাইৰাছ (HPV)ৰ মাত্ৰা ৯৩% পৰ্যন্ত হ্ৰাস কৰিব পাৰে এই চ্যুয়িংগামে। থানেৰ কিমছ হাস্পতালৰ মূৰ আৰু ডিঙিৰ অংকোচাৰ্জাৰী পৰামৰ্শদাতা ডাঃ হিতেশ সিংভীয়ে কয় যে-‘এই সন্দৰ্ভত পোহৰলৈ অহা তথ্যসমূহ ৰোমাঞ্চকৰ। কিন্তু আমি ইয়াক নতুন ৰোগীৰ বাবে ক্ষন্তেকীয়া সমাধান নহয়, প্ৰাৰম্ভিক বৈজ্ঞানিক অগ্ৰগতি হিচাপেহে চোৱা উচিত।’

চিকিৎসকসকলে আঙুলিয়াই দিয়ে যে এই অধ্যয়নে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত মৌখিক মাইক্ৰ’বায়’মৰ ক্ৰমবৰ্ধমান ভূমিকাক উজ্জ্বল কৰি তুলিছে। বিজ্ঞানীসকলৰ মতে বেক্টেৰিয়া আৰু ভাইৰাছকে ধৰি মুখত থকা অণুজীৱই দীৰ্ঘম্যাদীভাৱে মুখৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আৰু সম্ভাৱনাময়ভাৱে কৰ্কট ৰোগৰ বিকাশত অৰিহণা যোগাব পাৰে। এই অণুজীৱসমূহক চিকিৎসামূলক চ্যুইংগামৰ দ্বাৰা লক্ষ্য কৰি ল’লে কৰ্কট ৰোগৰ চিকিৎসাত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে আৰু এদিন বৰ্তমানৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৌশলৰ পৰিপূৰক হ’ব পাৰে।

মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি HPVৰ ভূমিকা যথেষ্ট বেলেগ বেলেগ হয়। ভাৰতত মাত্ৰ ৪% মুখগহ্বৰৰ কৰ্কট ৰোগ HPV সংক্ৰমণৰ সৈতে জড়িত। ইয়াৰ বিপৰীতে প্ৰায় ৩০% অৰ’ফেৰিঞ্জিয়াল কেন্সাৰ (টনচিল আৰু জিভাৰ গুৰি) HPV সম্পৰ্কীয়। বিদেশত প্ৰায় ৬০% অৰ’ফেৰিঞ্জিয়াল কেন্সাৰ ৰোগী নিয়মীয়া HPV সংক্ৰমণৰ সৈতে জড়িত।

চ্যুয়িংগামে এবাৰতে কেন্সাৰ নিৰাময় কৰে নেকি?

HPVৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কৰ্কট ৰোগ নহয়। ক্ষতিকাৰক মৌখিক অণুজীৱবোৰ প্ৰায়ে বৃদ্ধি পায় আৰু কেন্সাৰলৈ পৰিৱৰ্তন হোৱাৰ আগতে দীৰ্ঘ সময়ৰ বাবে স্থায়ী HPV সংক্ৰমণ ঘটে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভাইৰাছ বা মাইক্ৰ’বায়’লজিকেল লোড হ্ৰাস কৰা যিকোনো থেৰাপী ফলপ্ৰসূ হ’বলৈ দীৰ্ঘ সময়ৰ বাবে নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগিব। গতিকে এনে চিকিৎসামূলক চ্যুয়িংগাম এবাৰ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় নহ’ব। HPV আৰু অন্যান্য ক্ষতিকাৰক মৌখিক অণুজীৱ হ্ৰাস কৰিবলৈ নিয়মিত ব্যৱহাৰ অতি প্ৰয়োজনীয় হ’ব।

কেন্সাৰ প্ৰতিৰোধৰ বাবে কি কৰিব পাৰি?

এই চ্যুয়িংগামটোৱে লেবত আশাব্যঞ্জক ফলাফল দেখুৱাইছে যদিও মানুহৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ ফলপ্ৰসূতা এতিয়াও প্ৰমাণিত হোৱা নাই। মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে এজন ব্যক্তিয়ে দৈনন্দিন জীৱনত তলত দিয়া অভ্যাসকে ধৰি কেইবাটাও অভ্যাস গ্ৰহণ কৰিব লাগে।
HPV ভেকচিন লোৱা
ধঁপাত আৰু অত্যধিক মদ্যপান পৰিহাৰ কৰা
মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা
কোনো লক্ষণ দেখা পালে মেডিকেল চেকআপ লোৱা
এই সকলোবোৰেই মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ উপায়।

তথাপিও চ্যুয়িংগাম ধাৰণাটোৱে কেন্সাৰ গৱেষণাৰ এক উল্লেখযোগ্য পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। কেৱল পূৰ্বৰ অৱস্থাৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বিজ্ঞানীসকলে এতিয়া মুখৰ স্বাস্থ্য উন্নত কৰা আৰু কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ প্ৰতিৰোধ কৰাত অধিক গুৰুত্ব দিছে। যদিহে ভৱিষ্যতে ক্লিনিকেল ট্ৰায়েলে ইয়াৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা নিশ্চিত কৰে, তেন্তে এই চিকিৎসামূলক চ্যুয়িংগাম HPV সম্পৰ্কীয় কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে এক বৃহত্তৰ কৌশলৰ অংশ হ’ব পাৰে। কিন্তু মানুহে নিজৰ মুখৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু কোনো ধৰণৰ সংক্ৰমণক আওকাণ নকৰিব লাগে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Cancerhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন
বিশ্ব

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

August 8, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
Next Post
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

'বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.