• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

2 months ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

9 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

10 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

11 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

11 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

11 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

12 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

13 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

14 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

14 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

15 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

‘মক্কা জইণ্ট ডিফেন্স পেক্ট’ ভাৰতৰ বাবে কিয় চিন্তাৰ কাৰণ?

editor by editor
August 8, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তান, ছৌদি আৰব আৰু তুৰ্কীয়ে প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ সামৰিক চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিক ‘মক্কা জইণ্ট ডিফেন্স পেক্ট’ বুলি কোৱা হৈছে। চুক্তিখনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে—তিনিখন দেশৰ যিকোনো এখন দেশৰ ওপৰত আক্ৰমণ হ’লে, সেই আক্ৰমণক তিনিখন দেশৰ ওপৰতে হোৱা আক্ৰমণ হিচাপে গণ্য কৰা হ’ব। অৰ্থাৎ, সংকটৰ সময়ত তিনিওখন দেশে পৰস্পৰৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। চুক্তিৰ অধীনত তিনিওখন দেশৰ মাজত যৌথ সামৰিক প্ৰশিক্ষণ, নিৰাপত্তা সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান আৰু সামৰিক সমন্বয় বৃদ্ধি কৰা হ’ব। ইয়াৰ লগতে কৌশলগত সহযোগিতাও অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই চুক্তিৰ জৰিয়তে তিনিওখন দেশৰ পৃথক পৃথক সামৰিক আৰু কৌশলগত শক্তি একেখন মঞ্চত আহিছে। পাকিস্তানৰ আছে যুদ্ধৰ দীঘলীয়া অভিজ্ঞতা থকা বৃহৎ সেনাবাহিনী, যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু পাৰমাণৱিক অস্ত্ৰ। মুছলমান-অধ্যুষিত দেশসমূহৰ ভিতৰত পাকিস্তানেই একমাত্ৰ পাৰমাণৱিক শক্তিধৰ দেশ। ছৌদি আৰবৰ মূল শক্তি হৈছে ইয়াৰ বিপুল অৰ্থনৈতিক সামৰ্থ্য। বৃহৎ আৰ্থিক সম্পদৰ জৰিয়তে সামৰিক সহযোগিতা, অস্ত্ৰ ক্ৰয় আৰু প্ৰতিৰক্ষা ব্যৱস্থাক যথেষ্ট সহায় কৰিব পাৰে দেশখনে।
আনহাতে, তুৰস্ক হৈছে NATOৰ এটা গুৰুত্বপূৰ্ণ সদস্য। দেশখনৰ আছে উন্নত ড্ৰোন প্ৰযুক্তি, শক্তিশালী প্ৰতিৰক্ষা উদ্যোগ আৰু আধুনিক সামৰিক ক্ষমতা। সেয়েহে, তিনিওখন দেশৰ সামৰিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত শক্তিৰ সংমিশ্ৰণে এই নতুন জোঁটটোক যথেষ্ট গুৰুত্বপূৰ্ণ কৰি তুলিছে।

নতুন এই সামৰিক সহযোগিতা এনে এটা সময়ত গঢ় লৈ উঠিছে, যিসময়ত আমেৰিকাৰ নিৰাপত্তা নীতি আৰু বৈদেশিক নীতি সম্পৰ্কে বিভিন্ন দেশৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, ছৌদি আৰব আৰু কিছু পৰিমাণে তুৰস্কই দীৰ্ঘদিন ধৰি আমেৰিকাক গুৰুত্বপূৰ্ণ নিৰাপত্তা সহযোগী হিচাপে গণ্য কৰি আহিছে। কিন্তু ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাৰ বৈদেশিক নীতিত দেখা দিয়া অনিশ্চয়তাৰ মাজত বহু দেশে বিকল্প নিৰাপত্তা ব্যৱস্থা বিচাৰিবলৈ আৰম্ভ কৰিছে। ট্ৰাম্প প্ৰশাসনে সহযোগী দেশসমূহে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট কৰি আহিছে। মধ্যপ্ৰাচ্যতো এই আশংকা আছে যে আমেৰিকাৰ বৈদেশিক নীতিত ইজৰাইলক অধিক অগ্ৰাধিকাৰ দিয়া হয়। এনে পৰিস্থিতিত ছৌদি আৰবসহ আন দেশসমূহে নিজৰ নিৰাপত্তাৰ বাবে নতুন পথ আৰু নতুন অংশীদাৰ বিচৰাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এই চুক্তি এনে এক সময়ত স্বাক্ষৰিত হৈছে, যেতিয়া মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজৰ উত্তেজনা অব্যাহত আছে। পাকিস্তানেও আফগানিস্তানৰ সৈতে সীমান্ত সংঘাতত জড়িত হৈ আছে। ইয়াৰ উপৰিও পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা সকলোৱে জানে। বিগত বৰ্ষৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজতো কেইবাদিনো ধৰি গু*লীচালনা আৰু সামৰিক উত্তেজনা হৈছিল। আনহাতে ছৌদি আৰবেও ইৰাণ আৰু ইৰাণ-সমৰ্থিত বিভিন্ন গোটৰ পৰা নিৰাপত্তাজনিত ভাবুকিৰ সন্মুখীন হৈ আহিছে। আনহাতে, তুৰ্কীয়ে বহুদিন ধৰি দেশৰ ভিতৰ-বাহিৰত কুৰ্দ সশস্ত্ৰ গোটসমূহৰ সৈতে সংঘাতত জড়িত। ইজৰাইলৰ সৈতে তুৰস্কৰ সম্পৰ্কতো শেহতীয়াকৈ উত্তেজনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত তিনিওখন দেশে নিজৰ নিজৰ সামৰিক শক্তি আৰু কৌশলগত সামৰ্থ্য একত্ৰিত কৰি সম্ভাব্য ভাবুকিৰ বিৰুদ্ধে পৰস্পৰক অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিছে।

আল জাজিৰাৰ মতে, ‘মক্কা জইণ্ট ডিফেন্স পেক্ট’ৰ মূল উদ্দেশ্য হৈছে তিনিওখন দেশৰ সন্মুখত আহিব পৰা বিভিন্ন নিৰাপত্তাজনিত ভাবুকি প্ৰতিহত কৰা। কিন্তু চুক্তিখনৰ প্ৰকৃত শক্তি নিৰ্ভৰ কৰিব এটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত—সংকটৰ সময়ত এখন দেশে আন এখন দেশক সহায় কৰিবলৈ কিমান দূৰলৈ যাবলৈ প্ৰস্তুত। কিলোৱেন গ্ৰুপ এডভাইজৰী ফাৰ্মৰ অধ্যক্ষ হাৰ্লান উলমেনৰ মতে, মক্কা ঘোষণাত এখন দেশৰ ওপৰত আক্ৰমণক সকলো সদস্য দেশৰ ওপৰত আক্ৰমণ হিচাপে গণ্য কৰাৰ ব্যৱস্থা থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু ‘কৰা উচিত’ আৰু ‘অৱশ্যেই কৰিব লাগিব’—এই দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সেয়েহে, চুক্তিখনে কোনো এখন সদস্য দেশক আন এখন সদস্য দেশৰ যুদ্ধত বাধ্যতামূলকভাৱে জড়িত কৰিব নে নকৰে, সেই বিষয়টো এতিয়াও সম্পূৰ্ণ স্পষ্ট নহয়।

পাকিস্তান, ছৌদি আৰব আৰু তুৰস্কৰ এই প্ৰতিৰক্ষা চুক্তিক বহুতে ‘মুছলিম NATO’ গঠনৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে। NATOৰ দৰে মুছলমান-অধ্যুষিত দেশসমূহৰ মাজত সামূহিক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ ধাৰণাই এই চুক্তিৰ আঁৰত গুৰুত্ব লাভ কৰিছে। ইয়াৰ জৰিয়তে ভৱিষ্যতে তিনিওখন দেশে প্ৰয়োজন অনুসৰি পৰস্পৰক সামৰিক সহায়, যৌথ সামৰিক প্ৰশিক্ষণ, আধুনিক অস্ত্ৰ ক্ৰয় আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ আদান-প্ৰদান কৰিব পাৰে। ইজিপ্ত, কাটাৰ, ছিৰিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহী (UAE)-ৰ দৰে দেশৰ নাম সম্ভাব্য সদস্য হিচাপে চৰ্চালৈ আহিছে। আল জাজিৰাৰ মতে, মধ্যপ্ৰাচ্যৰ চুন্নী-অধ্যুষিত দেশসমূহ দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক আৰু কৌশলগত মতভেদৰ বাবে পৃথক পৃথক হৈ আহিছে। বিশেষজ্ঞসকলৰ মতে, এই বিভাজনৰ বাবেই ইজৰাইল আৰু ইৰাণৰ পৰা উদ্ভৱ হোৱা বিভিন্ন ভাবুকিৰ বিৰুদ্ধে তেওঁলোকে একেলগে শক্তিশালীভাৱে থিয় দিব পৰা নাই। অৱশ্যে, পুৰণি ৰাজনৈতিক মতভেদ, পাৰস্পৰিক অবিশ্বাস আৰু নিজ নিজ দেশৰ পৃথক স্বাৰ্থই এই নতুন সামৰিক জোঁটৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ডাঙৰ বাধা সৃষ্টি কৰিব পাৰে। সেয়েহে, ‘মক্কা জইণ্ট ডিফেন্স পেক্ট’ কেৱল তিনিখন দেশৰ প্ৰতিৰক্ষা চুক্তি হৈ থাকিব নে ভৱিষ্যতে ই এক বৃহৎ মুছলিম সামৰিক মিত্ৰজোঁটৰ ৰূপ ল’ব—সেইটো এতিয়া সময়েহে নিৰ্ধাৰণ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24pakistansaudi arabTurkey
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

'বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক'

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.