• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

1 month ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

4 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

5 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

6 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

7 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

7 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

8 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

8 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

9 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

10 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

11 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

12 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

এতিয়াও আমি সেই দিনটোতেই ৰৈ আছো...

editor by editor
September 19, 2026
in অসম, চিনেমা, বিনোদন, লেখা, সংগীত
0
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি
0
SHARES
41
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
“তুমি মোৰ প্ৰাণৰো প্ৰাণ…”—এই অনুভূতিৰ ভাষা হয়তো ঈশ্বৰ পুত্ৰৰ মহাপ্ৰয়াণৰ পাছত অসমীয়াই নতুনকৈ উপলব্ধি কৰিলে। আজি অভিশপ্ত ১৯ ছেপ্টেম্বৰ। আমাৰ মৰমৰ জুবিনদাৰ মহাপ্ৰয়াণৰ এটা বছৰ সম্পূৰ্ণ হ’ল। কিন্তু এয়া যেন কেলেণ্ডাৰৰ পাতৰ এটা নিয়মহে, কেলেণ্ডাৰৰ পাতত এটা বছৰ পাৰ হৈ গ’ল, কিন্তু প্ৰতিজন অসমীয়াৰ হৃদয় আজিও সেই দিনটোতেই ৰৈ আছে।
জুবিন দা কেৱল এজন গায়ক নাছিল। তেওঁ আছিল অসমীয়াৰ এটা অকৃত্ৰিম অনুভূতি, অসমীয়াৰ আৱেগৰ এটা শক্তিশালী প্ৰতিধ্বনি। তেওঁ বৰ্তমান প্ৰজন্মৰ কণ্ঠ, যি ভৱিষ্যৎ প্ৰজন্মলৈ আমাৰ জৰিয়তে নিঃসন্দেহে স্ফটিক নদীৰ দৰে বৈ যাব। তেওঁৰ কণ্ঠত প্ৰেম আছিল, বিষাদ আছিল, বিদ্ৰোহ আছিল, মাটিৰ গোন্ধ আছিল আৰু আছিল অসমক লৈ এক গভীৰ আত্মীয়তা।
জুবিন দাৰ গানত কেতিয়াবা মনলৈ আহে “মায়াবিনী”ৰ সেই মোহময় পৃথিৱী, কেতিয়াবা “অনামিকা”ৰ এপাহ ফুলৰ কলিৰ দৰে অচিনাকি অথচ নিষ্পাপ ভালপোৱা, কেতিয়াবা “পাখি”ৰ দৰে মুক্ত আকাশত মনটোক পাখি লগাই উৰিবলৈ মন যোৱাৰ অনুভূতি। আকৌ কেতিয়াবা তেওঁৰ সুৰে আমাক ‘যন্ত্ৰ’ৰ দৰে ৰূঢ় বাস্তৱলৈ ঘূৰাই আনে।  তেওঁৰ গানত ‘বঙৰহদেউ’ৰ দৰে আছে জাতিটোৰ শক্তিশালী বুৰঞ্জী। জুবিনদাৰ গানৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে—তেওঁ সাধাৰণ মানুহৰ সাধাৰণ অনুভূতিক অসাধাৰণ কৰি তুলিছিল। প্ৰেমত পৰা যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি নীৰৱে বিৰহ কঢ়িয়াই ফুৰা মানুহজনলৈকে, তেওঁৰ গীতত সকলোৱে নিজৰ বাবে কিবা নহয় কিবা কাহিনী সদায়ে নতুন ৰূপত বিচাৰি পায়।
আমাৰ মৰমৰ জুবিনদা নাই বুলি আমি আজিও বিশ্বাস নকৰোঁ, বিশ্বাস কৰিবলৈ টান পাও। প্ৰতিটো ঘৰত, প্ৰতিখন গাড়ীত, জকাই চুকৰ পৰা ব্যস্ত কংক্ৰিটৰ অৰণ্যৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি বিয়াগোম ব্যৱসায় প্ৰতিষ্ঠানলৈ ক’ত তেওঁ নাই? ক’ত তেওঁক লৈ আলোচনাৰ বিৰতি পৰে? ক’তোৱেইতো নপৰে। অতি আধুনিক পৃথিৱীৰ ইণ্টাৰনেটৰ প্ৰতিটো উপাদনতো কেৱল জুবিন আৰু জুবিন। ঈশ্বৰ পুত্ৰৰ কণ্ঠ, আমাৰেই কণ্ঠ। আমাৰ ভালপোৱাৰ কথা, আমাৰ অপেক্ষাৰ কথা, আমাৰ বিচ্ছেদৰ কথা, আমাৰ কঠিন জীৱন সংগ্ৰামৰ কথা তেওঁ গানত নিগৰাই আমাৰ চেতনাত বিয়পাই দিয়ে এতিয়াও। সেইবাবেই হয়তো তেওঁৰ গানবোৰ অসমীয়াৰ বাবে কেৱল গান হৈ নাথাকিল; সেইবোৰ হৈ পৰিল আমাৰ জীৱনৰ একো একোটা অধ্যায়। সেয়া লাগিলে ‘মাজুলীৰ এজনী ছোৱালী’য়েই হওঁক বা ‘পামনে মই ঘূৰাই’ৰ দৰে গানেই হওক। ‘আইনা ভঙাদি’য়েই হওক বা ‘ৰাতিপুৱাই শুই উঠি’য়েই হওক। আমাৰ বাবে জুবিনদাৰ গান মানে প্ৰথম প্ৰেম, বন্ধুৰ সৈতে কটোৱা নিৰ্ভেজাল সময় অথবা জীৱন যন্ত্ৰণাৰ মলম। জুবিন দাৰ গান মানেই আমাৰ হৃদস্পন্দন।
জুবিন দাৰ বাবে সংগীত কেৱল পেছা নাছিল। সংগীত আছিল তেওঁৰ অস্তিত্ব। মানুহ এজন গুচি যাব পাৰে, কিন্তু এটা জাতিৰ মহানায়ক এজনে কেতিয়াও জাতিটো এৰি আঁতৰি নাযায়। জুবিন দা কেৱল এগৰাকী সংগীত শিল্পী বা কণ্ঠশিল্পীয়েই নহয়। তেওঁ এগৰাকী কবি, ক্ৰীড়া সংগঠক, দুখীয়াৰ দুখ আৰু ভোকাতুৰৰ ভোক নিবাৰক নাছিল জানো? জুবিন দা আধুনিক অসমীয়া জাতিৰ এগৰাকী মহানায়ক। মহানায়কৰ প্ৰস্থান কেতিয়াও নহয়, কেতিয়াও নহয়…
শেষত, জুবিন দাৰ গানেৰেই নেদেখাজনলৈ আমাৰ কাতৰ আহ্বান-
‘দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’আমি আমিয়েইচোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন’
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.