• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

2 months ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

6 hours ago
ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

6 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়!

6 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

8th Pay Commission: অপেক্ষাৰ অৱসান! মোদী চৰকাৰে কৰ্মচাৰীৰ বাবে বৃদ্ধি কৰিলে বেতন

7 hours ago
ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

7 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

ৰোগ-ব্যাধিৰ পৰা থাকিব দূৰত, যদি পালন কৰা এই নিয়ম!

7 hours ago
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

২৩-২৯ নৱেম্বৰৰ ভিতৰত কিমানদিন বন্ধ বেংক? জানক আপডেট

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৩ নৱেম্বৰত কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব, কাৰ সন্মুখত আহিব নতুন প্ৰত্যাহ্বান?

9 hours ago
মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

9 hours ago
পেট দেখুৱাই বিপদত মীৰা! একাংশই ক’লে, দুটা সন্তানৰ মাতৃ হৈ এয়া কি?

পেট দেখুৱাই বিপদত মীৰা! একাংশই ক’লে, দুটা সন্তানৰ মাতৃ হৈ এয়া কি?

10 hours ago
জুবিন গাৰ্গৰ বিক্ৰী হোৱা ৰেঞ্জ ৰ’ভাৰ ঘূৰাই আনিব ৪ বন্ধুৱে, কৰিব সংৰক্ষণ

জুবিন গাৰ্গৰ বিক্ৰী হোৱা ৰেঞ্জ ৰ’ভাৰ ঘূৰাই আনিব ৪ বন্ধুৱে, কৰিব সংৰক্ষণ

12 hours ago
নিজকে কমবয়সীয়াল যেন অনুভৱ? এই ৭টা অভ্যাসেৰে হৈ থাকক চিৰতৰুণ

নিজকে কমবয়সীয়াল যেন অনুভৱ? এই ৭টা অভ্যাসেৰে হৈ থাকক চিৰতৰুণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

জুবিন দিৱসৰ দিনাই কোনে ফালিলে জুবিন দাৰ ফটো সম্বলিত পোষ্টাৰ?

editor by editor
September 19, 2026
in অসম, বিবিধ, লেখা
0
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমবাসীৰ বাবে ১৯ ছেপ্টেম্বৰ এক বেদনাবিধুৰ দিন। আজিৰ দিনটোতে এবছৰ পূৰ্বে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰি বিদায় লৈছিল অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে। প্ৰিয় শিল্পীগৰাকীৰ প্ৰথম মৃ*ত্যু বাৰ্ষিকীত পুনৰ এবাৰ জুবিনৰ প্ৰতি অসমবাসীৰ গভীৰ মৰম আৰু শ্ৰদ্ধাৰ প্ৰতিফলন দেখা গ’ল ডিব্ৰুগড়ত। জুবিন গাৰ্গক সোঁৱৰণ কৰি আজি ডিব্ৰুগড় চহৰত স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰা হৈছে। পুৱাৰে পৰা চহৰখনৰ বহু দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰখা হয়। জুবিনৰ স্মৃতিত চহৰখনৰ বিভিন্ন প্ৰান্তত এক নীৰৱ পৰিৱেশ দেখা যায়। অৱশ্যে সাধাৰণ লোকৰ জৰুৰী প্ৰয়োজনৰ কথা মনত ৰাখি অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ দোকানসমূহ খোলা ৰখা হৈছে।

উল্লেখ্য যে, ২০২৫ চনত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছতো ডিব্ৰুগড়বাসীয়ে গভীৰ আবেগেৰে কেইবাদিনো স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিছিল। এবছৰ পাৰ হৈ যোৱাৰ পাছতো জুবিনৰ প্ৰতি থকা একেই মৰম আৰু শ্ৰদ্ধা অটুট থকা আজি ডিব্ৰুগড়ৰ পৰিৱেশে যেন পুনৰ প্ৰমাণ কৰিলে। আজি ডিব্ৰুগড়ৰ নীৰৱ চহৰখনৰ বন্ধ দোকান-পোহাৰসমূহ যেন জুবিনৰ প্ৰতি জনোৱা একো একোটা নীৰৱ শ্ৰদ্ধাঞ্জলি। শিল্পীগৰাকী শাৰীৰিকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সুৰ, গান আৰু সৃষ্টি আজিও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে।

জুবিন দাৰ প্ৰকৃত অনুৰাগীৰ সীমা সংখ্যা নাই। অনুৰাগীৰ এই ভিৰৰ মাজতো উজ্বলিছে নলবাৰীৰ ই-ৰিক্সাচালক মণ্টু কলিতা। মণ্টু কলিতাই জুবিন দিৱস উপলক্ষে আজিৰ নিজৰ উপাৰ্জনৰ সম্বল ই-ৰিক্সাখনেৰে যাত্ৰীক বিনামূলীয়া সেৱা আগবঢ়াইছে। সন্ধিয়া ৬ বজালৈ মণ্টু কলিতাই স্থানীয় যাত্ৰীসকলৰ বাবে এই সেৱা আগবঢ়াব বুলি তেওঁ ইতিমধ্যে সদৰী কৰিছিল। ইয়াৰ উপৰিও শিৱসাগৰতো বহুকেইখন ই-ৰিক্সাই আজি বিনামূলীয়া সেৱা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

কোনে ফালিলে জুবিন দাৰ পোষ্টাৰ?

ইপিনে, জুবিন দিৱসৰ দিনাই শিৱসাগৰত সংঘটিত হ’ল এক দুৰ্ভাগ্যজনক ঘটনা। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ সমীপত জুবিন গাৰ্গৰ ফটো সম্বলিত এখন বেনাৰ দুস্কৃতিকাৰীয়ে ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, AISS আৰু AIYF-ৰ উদ্যোগত আয়োজন কৰা হৈছিল ‘সমন্বয় দিৱস’। এই অনুষ্ঠান উপলক্ষে ষ্টেচন চাৰিআলিৰ সমীপৰ CPI কাৰ্যালয়ৰ সন্মুখত এখন বেনাৰ লগোৱা হৈছিল। বেনাৰখনত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ফটো সংলগ্ন আছিল।

কিন্তু কোনো দুস্কৃতিকাৰীয়ে বেনাৰখন ফালি পেলোৱাৰ অভিযোগ উঠিছে। ঘটনাটোক লৈ আয়োজনকাৰী সংগঠন দুটাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ঘটনাটোৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত AISS আৰু AIYFৰ প্ৰতিনিধিয়ে আৰক্ষীৰ কাষ চাপিছে। বেনাৰ ফালি পেলোৱা ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠন দুটাই।

জুবিন দিৱসৰ দৰে এটা বিশেষ দিনত শিল্পীগৰাকীৰ ফটো সম্বলিত বেনাৰ ফালি পেলোৱাৰ ঘটনাই শিৱসাগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
বাণিজ্য

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

November 22, 2026
ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

November 22, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়!

November 22, 2026
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?
বাণিজ্য

8th Pay Commission: অপেক্ষাৰ অৱসান! মোদী চৰকাৰে কৰ্মচাৰীৰ বাবে বৃদ্ধি কৰিলে বেতন

November 22, 2026
Next Post
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

'উদয় হৈছে যেতিয়া, অস্তও এদিন হ'বই, মিছা ভ্ৰমত নাথাকিব'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.