কাইলৈ জুবিন গাৰ্গ নোহোৱা হোৱা এবছৰ সম্পূৰ্ণ হ’ব। অসমীয়া সংগীত জগতত জুবিন গাৰ্গ কেৱল এগৰাকী জনপ্ৰিয় শিল্পীয়েই নহয়, তেওঁ অসমৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত এটা নাম। জুবিনৰ সংগীত, ব্যক্তিত্ব আৰু সৃষ্টিশীলতাই প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। আজিও অসমবাসীয়ে মানি ল’ব পৰা নাই প্ৰাণৰ শিল্পীজন নোহোৱা হোৱাটো।
আজি শ শ অনুৰাগীৰ লগতে জুবিন ক্ষেত্ৰত উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। পাপন কেৱল এজন ভাল শিল্পীয়েই নহয়, জুবিনৰ এজন প্ৰিয় বন্ধু। জুবিন দিৱসৰ দ্বিতীয় দিনা জুবিন ক্ষেত্ৰত আহি উপস্থিত হয় শিল্পীজন। দুয়োগৰাকীৰ নিজস্ব সংগীতশৈলী আৰু সৃষ্টিশীল পৰিচয় আছে। সেইবাবেই দুয়োৰে মাজৰ সম্পৰ্কক লৈ অনুৰাগীৰ আগ্ৰহো স্বাভাৱিক।
পাপনে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ স্বাস্থ্যৰ বুজ লয়। কিয়নো আজি অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ। জুবিন ক্ষেত্ৰতে পাপনে জুবিনক সোঁৱৰি গালে কালজয়ী গীত ‘মায়াবিনী’। দ্বিতীয় দিনা জুবিন ক্ষেত্ৰত উপস্থিত হৈ শোকস্তব্ধ প্ৰিয় বন্ধুগৰাকী।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তেওঁৰ গান আৰু সৃষ্টি অসমৰ মানুহৰ মাজত জীয়াই আছে। তেওঁৰ বন্ধু, সহকৰ্মী আৰু সংগীতজগতৰ সতীৰ্থসকলৰ স্মৃতিচাৰণে সেই আবেগক অধিক গভীৰ কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















