চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ তাৰকাৰ জগতখন দূৰৰ পৰা যিমান জাক-জমক ভিতৰৰ পৰা সমানেই আন্ধাৰেৰে ভৰা। সময়ে সময়ে তাৰকাসকল বিভিন্ন কাৰ্যই ইয়াকে প্ৰমাণ কৰি আহিছে। চলচ্চিত্ৰ জগতখনত সম্পৰ্কবোৰ এনেকুৱা যে যিকোনো ব্যক্তিয়েই সেইবোৰৰ বিষয়ে জানিলে আচৰিত হ’ব। শেহতীয়াকৈ ডিটেক্টিভ তনয়া পুৰীয়ে এটা প’ডকাষ্টত ছবিজগতৰ কিছুমান তাৰকাৰ বিষয়ে আচৰিত ধৰণে প্ৰকাশ কৰিছে। সম্প্ৰতি কৰণ জোহৰৰ শ্ব’ “দ্য ট্ৰেইটাৰ্ছ ২”ৰ বাবে চৰ্চালৈ আহিছে তনয়া, য’ত তেওঁ এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু শ্ব’টোত অংশগ্ৰহণৰ পূৰ্বে তেওঁ একাংশ অভিনেতাৰ ব্যক্তিগত জীৱনৰ সবিশেষ প্ৰকাশ কৰিছে। তনয়াই প্ৰকাশ কৰে যে “গ্ৰীন ফৰেষ্ট” বুলি গণ্য কৰা এজন অভিনেতাই বছৰ বছৰ ধৰি পত্নীৰ সৈতে কোনো শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰা নাছিল আৰু ইয়াৰ বিপৰীতে কম বয়সীয়া যুৱতীৰ সৈতে প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক ৰাখিছিল।
তনয়া পুৰীয়ে এই মন্তব্য কৰিছে জাহৰা জানীৰ এটা podcastত। ইয়াৰ উপৰিও তেওঁ বলীউডৰ এগৰাকী অভিনেত্ৰীৰ কথা কয়। তেওঁ কয় যে ‘অভিনেত্ৰীগৰাকীৰ মৰমলগা আৰু নিৰীহ ভাবমূৰ্তি আছে, কিন্তু আচৰিত কথাটো হৈছে এই অভিনেত্ৰীগৰাকীয়ে ধনৰ বাবে আন পুৰুষৰ সৈতে যৌ*ন সম্পৰ্ক স্থাপন কৰে ৷ অভিনেত্ৰীগৰাকীৰ প্ৰেমিকেও এই কথা জানে।’ অৱশ্যে প’ডকাষ্টটোত তনয়াই তেওঁ উল্লেখ কৰা অভিনেতা বা অভিনেত্ৰীগৰাকীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

তনয়া পুৰীয়ে লগতে কয় যে, “মই এজন অভিনেতাৰ বিষয়ে এটা কেচ শ্বেয়াৰ কৰিম যাক মানুহে গ্ৰীণ ফৰেষ্ট বা গ্ৰীণ ফ্লেগ বুলি কয়। জনসাধাৰণৰ দৃষ্টিত তেওঁ এজন নিকা ভাৱমূৰ্তিৰ, নিখুঁত ব্যক্তিত্বৰ অভিনেতা। তেওঁৰ পত্নীয়ে তেওঁৰ বিষয়ে কথা পাতিবলৈ আৰু সত্য জানিবলৈ আমাৰ কোম্পানীলৈ আহিছিল কাৰণ তেওঁ বহুদিনৰ পৰাই ব্যৱস্থা লোৱাৰ কথা ভাবিছিল।” তনয়া পুৰীয়ে আৰু কয়, “অৱশেষত আমি গম পালোঁ যে তেওঁ এখন চলচ্চিত্ৰ ফ্ৰেঞ্চাইজিত কাম কৰিছিল য’ত তেওঁৰ কেইবাগৰাকীও নাবালিকাৰ সৈতে যোগাযোগ আছিল। তাৰ পিছত আমি গম পালোঁ যে তেওঁ আচলতে তেওঁৰ আধা বয়সৰ কেইবাগৰাকীও নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল।”
তনয়াই লগতে কয় যে, “বাস্তৱ জীৱনত স্বামী-স্ত্ৰীৰ মাজত কোনো শাৰীৰিক সম্পৰ্ক নাই। অভিনেতাজনৰ পত্নীয়ে আমাক কৈছিল যে বছৰ বছৰ ধৰি তেওঁলোকৰ মাজত একো হোৱা নাই। তেওঁলোকে এতিয়া একেটা কোঠাতো নাথাকে।” তনয়া পুৰীয়ে কয় যে-অভিনেতাজন আৰু তেওঁৰ পত্নী এতিয়াও একেলগে আছে আৰু তেওঁ স্বামীৰ সকলো কু-কৰ্মৰ বিষয়ে পত্নীয়ে জানে। কিন্তু তেওঁ লগতে কয় যে চেলিব্ৰিটিসকলৰ বাবে বিৱাহৰ অন্ত পেলোৱাটো কঠিন, কিয়নো তেওঁলোক ৰাজহুৱা ব্যক্তিত্ব আৰু অহৰহ ৰাজহুৱা নিৰীক্ষণ আৰু নিকা ভাবমূর্তিৰ কথা থাকে। যদিও তনয়াই অভিনেতাগৰাকীৰ নাম প্ৰকাশ নকৰিলেও ছ’চিয়েল মিডিয়াত এগৰাকী বিশেষ অভিনেতাৰ নামেৰে আৰম্ভ হৈছে চৰ্চা।
উল্লেখ্য য়ে প্ৰাইভেট ডিটেক্টিভ হিচাপে তনয়া পুৰীয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। অভিনয়, উদ্যোগিক, ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰৰ নামী-দামী ব্যক্তিৰ হৈ সফলতাৰ ব্যক্তিগত বিষয়কে ধৰি বিভিন্ন বিষয়ৰ অনুসন্ধান সফলতাৰে সম্পন্ন কৰি ডিটেক্টিভ কেৰিয়াৰত যথেষ্ট খ্যাতি অৰ্জন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















