কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী এইকেইদিনত ছ’চিয়েল মিডিয়াত তেওঁৰ কিছু পাতলীয়া আৰু আকৰ্ষণীয় কথোপকথনৰ বাবে চৰ্চাত আছে। ‘জেন-জি’ৰে ইনষ্টাগ্ৰামত ‘আস্ক মি এনিথিং’ শীৰ্ষক এক বিশেষ প্ৰশ্নোত্তৰ অনুষ্ঠানত ৰাহুল গান্ধীক বিভিন্ন বিষয়ত প্ৰশ্ন কৰা হয়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা তেওঁৰ এক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।
ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাহুল গান্ধীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যিকোনো চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ কথা শুনিব লাগে। ইয়াৰ উপৰিও বিগত মাহত অনুষ্ঠিত ছাত্ৰ আন্দোলনৰ সৈতে জড়িত তেওঁৰ পছন্দৰ মিম সম্পৰ্কে সোধাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয় ‘মাজনিশা প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা প্ৰকাশ পোৱা ভিডিঅ’বোৰেই আছিল আটাইতকৈ ভাল মিম।’
প্ৰশ্নোত্তৰ চলি থকাৰ মাজতে ৰাহুল গান্ধীয়ে কিছু সময়ৰ বাবে তেওঁৰ মাতৃৰ পোহনীয়া কুকুৰ ‘নূৰী’কো লগত লৈ আহে। তেওঁক সোধা হয়—‘ডগ পেৰেণ্ট’ হোৱাৰ আটাইতকৈ ভাল কথাটো কি?
ইয়াৰ উত্তৰত ৰাহুলে স্পষ্ট কৰি দিয়ে যে তেওঁ নিজে ‘ডগ পেৰেণ্ট’ নহয়। নূৰী তেওঁৰ মাতৃৰ পোহনীয়া কুকুৰহে।
ৰাহুলে কয় যে মানুহে এই পৃথিৱীখন কেৱল নিজৰ বাবে নহয়, জীৱ-জন্তু আৰু আন সকলো জীৱিত প্ৰাণীৰ সৈতে ভাগ কৰি লৈছে। তেওঁৰ মতে, মানুহে জীৱ-জন্তুৰ মালিক হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে সন্মান, মৰম আৰু স্নেহেৰে ব্যৱহাৰ কৰা উচিত।
ইয়াৰ পিছতে ৰাহুল গান্ধীক সোধা হয় ‘আপোনাৰ পছন্দৰ বিজেপি নেতা কোন?’—এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কেপ্টেইন অমৰিন্দৰ সিঙৰ নাম লয়। উল্লেখযোগ্য যে অমৰিন্দৰ সিঙে ২০২২ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। ৰাহুল গান্ধীয়ে অমৰিন্দৰ সিঙৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰি কয়, “তেওঁৰ সৈতে মোৰ ভাল সম্পৰ্ক আছে। তেওঁ এগৰাকী অতি ভাল মানুহ। সামৰিক ইতিহাসৰ বিষয়েও তেওঁৰ গভীৰ জ্ঞান আছে।”
ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অমৰিন্দৰ সিঙে পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক মহলত নতুনকৈ চৰ্চা আৰম্ভ হৈছে।
‘আস্ক মি এনিথিং’ৰ জৰিয়তে ৰাহুল গান্ধীয়ে এইবাৰ কেৱল ৰাজনৈতিক বিষয়তেই নহয়, ব্যক্তিগত পছন্দ, জীৱ-জন্তুৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু বিভিন্ন সাম্প্ৰতিক বিষয়তো মুকলিকৈ মত প্ৰকাশ কৰা দেখা গ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















