মহাৰাষ্ট্ৰৰ ভীৱণ্ডীৰ বৰহল দেৱী চ’ক অঞ্চলৰ দৰগাহত এগৰাকী ৩০ বছৰীয়া মহিলাৰ অসুস্থতা নিৰাময়ৰ অজুহাতত নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। তন্ত্ৰ-মন্ত্ৰৰ নামত শাৰীৰিক নিৰ্যা*তন, অশ্লী*লভাৱে স্পৰ্শ কৰা আৰু ভিডিঅ’ ৰেকৰ্ড কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দৰগাহৰ মৌলবী মহম্মদ ইছমাইল ৱাৰিছ শ্বেখ (৫০)ৰ বিৰুদ্ধে। এই অভিযোগৰ পিছতে ভীৱণ্ডী নগৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ মতে, ভুক্তভোগী মহিলাগৰাকীয়ে ব্যক্তিগত চিকিৎসালয়ত সহায়ক হিচাপে কাম কৰে। অসুস্থতাৰ বাবে তেওঁৰ আত্মীয়ই বৰহাল দেৱী চ’কত অৱস্থিত হজৰত চৈয়দ চুফী কুতুব আব্দুল জালালুদ্দিন শ্বাহ ৰহমাতুল্লাহ দৰগাহত এজন মৌলবীৰ পৰা চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ২০২৪ চনত অভিযুক্তৰ সংস্পৰ্শলৈ আহিছিল মহিলাগৰাকী। অসুস্থতা নিৰাময়ৰ দাবী কৰি ধৰ্মগুৰুজনে তন্ত্ৰ-মন্ত্ৰৰ আৱৰণত তেওঁক বিভিন্ন কাম কৰিবলৈ বাধ্য কৰাবলৈ আৰম্ভ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি অভিযুক্তই চিকিৎসাৰ আঁৰত তেওঁৰ শৰীৰটো অনুচিতভাৱে স্পৰ্শ কৰিছিল অভিযুক্ত মৌলবীজনে। প্ৰতিবাদ কৰাৰ সময়ত মহিলাগৰাকীক কোৱা হৈছিল যে তেওঁৰ চিকিৎসাৰ বাবে এইবোৰ আচাৰ-ব্যৱহাৰ প্ৰয়োজনীয়। আনকি নিশা মহিলাগৰাকীক দৰগাহলৈ মাতি আনি বিভিন্ন অনুষ্ঠানৰ নামত বিভিন্ন ধৰণৰ জোৰ-জবৰদস্তি কৰা বুলি অভিযোগ উত্থাপন হৈছে।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উত্তৰ প্ৰদেশলৈ পলায়ন কৰাৰ পূৰ্বেই বাইকুলা ৰেলৱে ষ্টেচনত মৌলবী ৱাৰিছ শ্বেখক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লগতে এই ঘটনাৰে আন কোনো ব্যক্তি জড়িত আছে নে নাই সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















